নিউজ ডেস্ক,2জানুৱাৰীঃ শনিবাৰে কেৰালাত এটা ব্যক্তিগত কোম্পানীত দৈনিক মজুৰি কৰা শ্ৰমিক হিচাপে কৰ্মৰত প্ৰফুল্ল কুমাৰ নামৰ 50 বছৰীয়া এজন ব্যক্তিয়ে আত্মহত্যা কৰে ৷ কিয়নো বিগত 145 দিন ধৰি কোম্পানীতো বন্ধ হৈ আছিল ৷
কোম্পানীটোত কৰ্মৰত শ্ৰমিক সকলে জানিবলৈ দিয়া মতে তেওঁলোকে কোম্পানীটোৰ স্বত্বাধিকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু তেওঁলোকৰ লগত প্ৰফুল্ল কুমাৰ নামৰ লোক জনেও শুকুৰবাৰৰ লৈকে প্ৰতিবাদত উপস্থিত আছিল ৷ কিন্তু কোম্পানীৰ স্বত্বাধিকাৰীয়ে কোম্পানীটো পুনৰ আৰম্ভ কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আত্মহত্যাৰ পথ বাছি লোৱা বুলি উল্লেখ কৰে শ্ৰমিক সকলে ৷
আনহাতে ঘটনাস্থলীত জিলা উপায়ুক্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা লগতে আৰক্ষীৰ জৰিয়তে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷