ETV Bharat / bharat

ডবাৰ ৰাণী কনেৰু হাম্পী

author img

By

Published : Jan 23, 2020, 2:20 PM IST

কনেৰু হাম্পী ভাৰতীয় মহিলা ডবাৰ সফলতাৰ এক প্ৰতিনিধি। পূৰ্বতে দেশৰ মহিলা ডবাৰ অধিকাংশ কৃতিত্বৰ সৈতে হাম্পিৰ নাম জড়িত হৈ আছে । বিশ্বনাথন আনন্দে দেশত আৰম্ভ কৰা ডবা বিপ্লৱক সমান্তৰালভাৱে হাম্পিয়ে বিভিন্ন কৃতিত্ব আৰু খিতাপ লাভ কৰি আগবঢ়াই লৈ গৈছিল। ১৯৯৭ চনত বিশ্ব যুৱ ডবা বা ৱৰ্ল্ড য়ুথ চেছত হাম্পিৰ নাম দহ বছৰ অনুৰ্ধৰ,বাৰ বছৰ অনুৰ্ধৰ আৰু চৈধ্য বছৰ অনুৰ্ধৰ সোণৰ পদক বিজেতা হিচাপে নামাংকিত হয়।

ডবাৰ ৰাণী কনেৰু হাম্পী
ডবাৰ ৰাণী কনেৰু হাম্পী

১৫ বছৰ বয়সত বিশ্ব ডবাত গ্ৰেণ্ডমাষ্টাৰ হিচাপে কনিষ্ঠতম ছোৱালী খেলুৱৈ হিচাপে বিশ্ব অভিলেখৰ অধিকাৰী তেওঁ । দহ বছৰ বয়সতে যুৱ ডবাত তেওঁ তিনিবাৰকৈ সোণৰ পদক বিজেতা। তদুপৰি এগৰাকী মহিলা ভাৰতীয় খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে লাভ কৰা ২৬০০তকৈ অধিক ৰেটিঙেৰে ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপো দখল কৰিছে তেওঁ । এই তালিকা ইয়াতেই শেষ নহয় ।এই সকলোবোৰৰ উপৰি শেহতীয়াকৈ তেওঁৰ কৃতিত্বত আন এক সফলতা সংযোজন হৈছে । বিয়া হোৱাৰ লগতে এটি কণমানিৰ মাতৃ হিচাপে থকা দায়িত্বৰ বাবে তেওঁ প্ৰায় দুবছৰৰ বাাবে খেল আৰু অনুশীলনৰ পৰা আঁতৰত থাকিবলগীয়া হৈছিল। কিন্তু প্ৰায় দুবছৰৰ ব্যৱধানৰ পাছত তেওঁ পূৰ্ণকালীন চেম্পিয়ন সকলৰ লগত প্ৰতিদ্বন্দিতা কৰিবলৈ আচৰিত ধৰণে প্ৰত্যাৱৰ্তন কৰাই নহয় বিশ্ব চেম্পিয়নৰো খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

এইগৰাকী আমাৰ চেম্পিয়ন ডবা খেলুৱৈ কনেৰু হাম্পীৰ বিষয়ে আৰু আমি কি কি ক’ব পাৰোঁ?

কনেৰু হাম্পী ভাৰতীয় মহিলা ডবাৰ সফলতাৰ এক প্ৰতিনিধি। পূৰ্বতে দেশৰ মহিলা ডবাৰ অধিকাংশ কৃতিত্বৰ সৈতে হাম্পিৰ নাম জড়িত হৈ আছে । বিশ্বনাথন আনন্দে দেশত আৰম্ভ কৰা ডবা বিপ্লৱক সমান্তৰালভাৱে হাম্পিয়ে বিভিন্ন কৃতিত্ব আৰু খিতাপ লাভ কৰি আগবঢ়াই লৈ গৈছিল। ১৯৯৭ চনত বিশ্ব যুৱ ডবা বা ৱৰ্ল্ড য়ুথ চেছত হাম্পিৰ নাম দহ বছৰ অনুৰ্ধৰ,বাৰ বছৰ অনুৰ্ধৰ আৰু চৈধ্য বছৰ অনুৰ্ধৰ সোণৰ পদক বিজেতা হিচাপে নামাংকিত হয়। ২০০২ চনত হাম্পিয়ে এক অভিলেখ ৰচনা কৰে । ১৫ বছৰ ৬৭ দিন বয়সত হাম্পিয়ে বিখ্যাত এথলীট জুদিথ পলগাৰৰ অভিলেখ ভংগ কৰা কনিষ্ঠতম মহিলা এথলীটিৰ সন্মান অৰ্জন কৰে। ইয়াৰ পাছত হাম্পিয়ে ইটোৰ পিছত সিটো সফলতা লাভ কৰে। কিন্তু বিশ্বনাথন আনন্দৰ লগতে ভাৰতৰ ডবা অনুৰাগীসকলে আশা কৰামতে হাম্পিৰ কেৰিয়াৰত বিশ্ব চেম্পিয়নৰ খিতাপ অন্তৰ্ভুক্ত হোৱা নাছিল। এয়া দীৰ্ঘ সময়ৰ বাবে তেওঁৰ বাবে ৰিক্ততা আৰু তিক্ততাৰ কাৰণ হৈ পৰিছিল।

বিবাহৰ পাছত ব্ৰঞ্জ আৰু মাতৃত্বৰ পাছৰ সোণৰ পদকঃ

সকলো খেলতে ভবা হয় যে এগৰাকী মহিলা এথলীটে বিবাহ হোৱাৰ পাছত বা সন্তান জন্ম দিয়াৰ পাছত তেওঁৰ কেৰিয়াৰ শেষ হৈ যায় । কিন্তু তেওঁৰ কেৰিয়াৰ যাতে বিবাহ আৰু মাতৃত্বৰ পাছতো যাতে আগবাঢ়ে তাৰ বাবে কনেৰু হাম্পি সচেষ্ট আছিল। ২০১৪ চনত দাছাৰি আনৱেশৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰ বছৰেই হাম্পিয়ে ৱৰ্লড ৱমেনছ চেছ চেম্পিয়নশ্বিপ (ক্লাছিক ফৰ্মেট) ত ব্ৰঞ্জ লাভ কৰা। তাৰ পৰৱৰ্তী বছৰত মাতৃত্ব লাভ কৰাৰ ফলত দুবছৰৰ বাবে তেওঁ ডবাক একাষৰীয়াকৈ থ’বলৈ বাধ্য হয় । কন্যা এবছৰীয়া নোহোৱালৈকে তেওঁ ডবা ত্যাগ কৰিছিল ।কিন্তু দুবছৰৰ বিৰতিৰ পাছত হাম্পিয়ে যেতিয়া প্ৰত্যাৱৰ্তন কৰিছিল তেতিয়া বহুতেই সন্দেহ কৰিছিল যে তেওঁ য'ত এৰিছিল তাৰ পৰা আৰম্ভ কৰিবলৈ সক্ষম হ’বনে ? অথবা পূৰ্বৰ সেই ফৰ্ম উভতি আহিবনে? কিন্তু এলানি কৃতিত্বৰ জৰিয়তে হাম্পিয়ে সকলোকে ভুল প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়। আন্তঃৰাষ্ট্ৰীয় উৎসৰ কোনো বাহ্যিক প্ৰশিক্ষক অবিহনে তেওঁৰ পিতৃৰ সহায়তে তেওঁ নিজৰ ফৰ্ম ঘূৰাই পাবলৈ সক্ষম হয়। তেওঁ এইবৰ্ষৰ এই আই ডি ই গ্ৰেণ্ড প্ৰিক্স টাইটেল জয়লাভ কৰি সকলোকে আচৰিত কৰি তোলে । বিশেষ আশা-প্ৰত্যাশা নকৰাকৈ ৱৰ্লড ৰেপিড চেছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি এইগৰাকী খেলুৱৈয়ে শীৰ্ষস্থান দখল কৰে । আনকি সংবাদ মাধ্যমেও তেওঁৰ এই যাত্ৰাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু তেওঁ ৰেপিড টাইম কন্ট্ৰলৰে খেলা প্ৰতিটো স্তৰ পাৰ হৈ টাইব্ৰেক অতিক্ৰম কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।

আন ফৰ্মেটতো হাম্পিৰ সফলতাঃ

ডবাৰ এনে এটা ফৰ্মেট যিটো ফৰ্মেটত হাম্পিৰ পূৰ্বতে কোনো ৰেকৰ্ড নাই বা তেওঁৰ এই ফৰ্মেটৰ প্ৰতি বিশেষ আগ্ৰহ নাই, তেনে এক ফৰ্মেটত খেলি বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছে । মূলতঃ তেএওঁৰ ক্লাছিক ফৰ্মেটহে পছন্দৰ। ৰেপিড গেমছ খেলোতে হাম্পিক এনেদৰে কেতিয়াও আত্মবিশ্বাসী ৰূপত দেখা পোৱা নগৈছিল। এই টাৰ্ণিত তেওঁৰ প্ৰকৃততে কোনো আশা নাছিল । মস্কো ৱৰ্ল্ড চেম্পিয়নশ্বিপত শীৰ্ষ তিনিটা স্থানত থাকিবলৈহে হাম্পিয়ে খেলত প্ৰৱেশ কৰিছিল । কিন্তু ইতিবাচকতাৰে আৰম্ভণি কৰিবলৈ পাই আৰু প্ৰতিদ্বন্দ্বী লী টিংজিক এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সন্মুখীন কৰাই হাম্পিয়ে আত্মবিশ্বাস অৰ্জন কৰিছে । টাইব্ৰেকৰ উত্তেজনা দমন কৰি তেওঁ চেম্পিয়ন হৈ উঠে । এই বিষয়ে হাম্পিয়ে কৈছিল-ৰেপিড আৰু ব্লিটজ্ মোৰ পছন্দৰ খেল নহয় । শেষৰ দিনা খেলৰ আৰম্ভণিৰ অৱস্থাটো চাই মই এই খিতাপ দখল কৰিম বুলি আশা কৰা নাছিলো । আনকি মই টাইব্ৰেক খেলিব পাম বুলিও ভবা নাছিলো । কিন্ত গুণগত মানৰ খেলি বিশ্বৰ খিতাপ দখল কৰাটো সঁচাকৈয়ে সন্তুষ্টিদায়ক । মোৰ নিজৰ খেলৰ ষ্টাইলৰ ভিতৰত নপৰা ৰেপিডত বিশ্ব চেম্পিয়ন হোৱাৰ ফলত মোৰ আত্মবিশ্বাস আৰু এঢাপ আগুৱাই গ’ল ।

নামৰ আঁৰৰ কাহিনীঃ

কনেৰু হাম্পিৰ পিতৃ কনেৰু অশোক নিজেই এজন খেলুৱৈ । তেওঁ স্কুলীয়া পৰ্যায়ত বিভিন্ন ধৰণৰ খেল খেলিছিল যদিও পৰৱৰ্তী সময়ত ডবাক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰে । ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ডবা খেলিছিল । এগৰাকী ক্ৰীড়ানুৰাগী হিচাপে খেলৰ লগত জড়িত শব্দৰেহে তেওঁৰ কন্যাৰ অভিনৱ ধৰণৰ নাম ৰাখিব বিচাৰিছিল । সেয়ে কনেৰু অশোকে তেওঁৰ কন্যাৰ নাম ৰাখিছিল হাম্পি । ‘Hampi’ নামটো ‘cHAMPIon’ চেম্পিয়ন শব্দটোৰে এটা অংশ । তেওঁৰ পদাংক অনুসৰণ কৰায়েই পিতৃয়ে হাম্পক ডবাত প্ৰৱেশ কৰায় । পিতৃৰ আত্মবিশ্বাসক সঁচা প্ৰতিপন্ন কৰি হাম্পিয়ে সঁচাকৈয়ে বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হয় । পিতৃয়ে দিয়া নামৰ যথাৰ্থতা ৰক্ষা কৰি তেওঁ ইতিমধ্যে বহু কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । অৱশ্যে হাম্পিয়ে অলপতে তেওঁৰ নামৰ বানান ‘Humpy’ হিচাপে সলনি কৰিছে ।এয়া হাম্পিৰ পঞ্চমটো বিশ্বকাপ পদক । পূৰ্বতে তেওঁ তিনিবাৰকৈ ৱৰ্ল্ড য়ুথ গল্ড মেডেলছ (১৯৯৭, ১৯৯৮,২০০০ চনত)আৰু ২০১৫ চনত ৱৰ্লড টীম ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হৈছিল ।হাম্পিৰ শেহতীয়া কৃতিত্ব হৈছে ৱৰ্ল্ড ৰেপিড গল্ড যিয়ে তেওঁক বিশ্ব ডবা চেম্পিয়নৰ শীৰ্ষস্থানত উপনীত কৰোৱাৰ লগতে ডবাৰ ৰাণী উপাধিৰে বিভূষিত কৰাইছে ।

লগতে চাওকঃসৰুসজাইত খেল' ইণ্ডিয়াৰ বৰ্ণিল সামৰণি অনুষ্ঠান

Intro:Body:

Koneru Humpy - The Princess of Chess

ডবাৰ ৰাণী কনেৰু হাম্পী

১৫ বছৰ বয়সত বিশ্ব ডবাত গ্ৰেণ্ডমাষ্টাৰ হিচাপে কনিষ্ঠতম ছোৱালী খেলুৱৈ হিচাপে বিশ্ব অভিলেখৰ অধিকাৰী তেওঁ । দহ বছৰ বয়সতে যুৱ ডবাত তেওঁ তিনিবাৰকৈ সোণৰ পদক বিজেতা । তদুপৰি এগৰাকী মহিলা ভাৰতীয় খেলুৱৈৱে প্ৰথমবাৰৰ বাবে লাভ কৰা ২৬০০তকৈ অধিক ৰেটিঙেৰে   ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপো দখল কৰিছে তেওঁ । এই তালিকা ইয়াতেই শেষ নহয় । 

এই সকলোবোৰৰ উপৰি শেহতীয়াকৈ তেওঁৰ কৃতিত্বত আন এক সফলতা সংযোজন হৈছে । বিয়া হোৱাৰ লগতে এটি কণমানিৰ মাতৃ হিচাপে থকা দায়িত্বৰ বাবে তেওঁ প্ৰায় দুবছৰৰ বাাবে খেল আৰু অনুশীলনৰ পৰা আঁতৰত থাকিবলগীয়া হৈছিল । কিন্তু প্ৰায় দুবছৰৰ ব্যৱধানৰ পাছত তেওঁ পূৰ্ণকালীন চেম্পিয়নসকলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আচৰিতধৰণে প্ৰত্যাৱৰ্তন কৰাই নহয় বিশ্ব চেম্পিয়নৰো খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । 

এইগৰাকী আমাৰ চেম্পিয়ন ডবা খেলুৱৈ কনেৰু হাম্পীৰ বিষয়ে আৰু আমি কি কি ক’ব পাৰোঁ?

কনেৰু হাম্পী ভাৰতীয় মহিলা ডবাৰ সফলতাৰ এক প্ৰতিনিধি । পূৰ্বতে দেশৰ মহিলা ডবাৰ অধিকাংশ কৃতিত্বৰ সৈতে হাম্পিৰ নাম জড়িত হৈ আছে । বিশ্বনাথন আনন্দে দেশত আৰম্ভ কৰা ডবা বিপ্লৱক সমান্তৰালভাৱে হাম্পিয়ে বিভিন্ন কৃতিত্ব আৰু খিতাপ লাভ কৰি আগবঢ়াই লৈ গৈছিল । ১৯৯৭ চনত বিশ্বযুৱ ডবা বা ৱৰ্ল্ড য়ুথ চেছত হাম্পিৰ নাম দহ বছৰ অনূৰ্ধৰ, বাৰ বছৰ অনূৰ্ধৰ আৰু চৈধ্য বছৰ অনূৰ্ধৰ সোণৰ পদক বিজেতা হিচাপে নামাংকিত হয় । 

২০০২ চনত হাম্পিয়ে এক অভিলেখ ৰচনা কৰে । ১৫ বছৰ ৬৭ দিন বয়সত হাম্পিয়ে বিখ্যাত এথলীট জুদিথ পলগাৰৰ অভিলেখ ভংগ কৰা কনিষ্ঠতম মহিলা এথলীটিৰ সন্মান অৰ্জন কৰে । ইয়াৰ পাছত হাম্পিয়ে ইটোৰ পিছত সিটো সফলতা লাভ কৰে । কিন্তু বিশ্বনাথন আনন্দৰ লগতে ভাৰতৰ ডবা অনুৰাগীসকলে আশা কৰামতে হাম্পিৰ কেৰিয়াৰত বিশ্ব চেম্পিয়নৰ খিতাপ অন্তৰ্ভুক্ত হোৱা নাছিল । এয়া দীৰ্ঘ সময়ৰ বাবে তেওঁৰ বাবে ৰিক্ততা আৰু তিক্ততাৰ কাৰণ হৈ পৰিছিল । 

বিবাহৰ পাছত ব্ৰঞ্জ আৰু মাতৃত্বৰ পাছৰ সোণৰ পদকঃ

সকলো খেলতে ভবা হয় যে এগৰাকী মহিলা এথলীটে বিবাহ হোৱাৰ পাছত বা সন্তান জন্ম দিয়াৰ পাছত তেওঁৰ কেৰিয়াৰ শেষ হৈ যায় । কিন্তু তেওঁৰ কেৰিয়াৰ যাতে বিবাহ আৰু মাতৃত্বৰ পাছতো যাতে আগবাঢ়ে তাৰ বাবে কনেৰু হাম্পি সচেষ্ট আছিল । ২০১৪ চনত দাছাৰি আনৱেশৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰ বছৰেই হাম্পিয়ে ৱৰ্লড ৱমেনছ চেছ চেম্পিয়নশ্বিপ (ক্লাছিক ফৰ্মেট) ত ব্ৰঞ্জ লাভ কৰা । তাৰ পৰৱৰ্তী বছৰত মাতৃত্ব লাভ কৰাৰ ফলত দুবছৰৰ বাবে তেওঁ ডবাক একাষৰীয়াকৈ থ’বলৈ বাধ্য হয় । কন্যা এবছৰীয়া নোহোৱালৈকে তেওঁ ডবা ত্যাগ কৰিছিল ।কিন্তু দুবছৰৰ বিৰতিৰ পাছত হাম্পিয়ে যেতিয়া প্ৰত্যাৱৰ্তন কৰিছিল তেতিয়া বহুতেই সন্দেহ কৰিছিল যে তেওঁ য'ত এৰিছিল তাৰ পৰা আৰম্ভ কৰিবলৈ সক্ষম হ’বনে?  অথবা পূৰ্বৰ সেই ফৰ্ম উভতি আহিবনে? কিন্তু এলানি কৃতিত্বৰ জৰিয়তে হাম্পিয়ে সকলোকে ভুল প্ৰতিপন্ন কৰিবলৈ সক্ষম হয় । আন্তঃৰাষ্ট্ৰীয় উৎসৰ কোনো বাহ্যিক প্ৰশিক্ষক অবিহনে তেওঁৰ পিতৃৰ সহায়তে তেওঁ নিজৰ ফৰ্ম ঘূৰাই পাবলৈ সক্ষম হয় । তেওঁ এইবৰ্ষৰ এই আই ডি ই গ্ৰেণ্ড প্ৰিক্স টাইটেল জয়লাভ কৰি সকলোকে আচৰিত কৰি তোলে । বিশেষ আশা-প্ৰত্যাশা নকৰাকৈ ৱৰ্লড ৰেপিড চেছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি এইগৰাকী খেলুৱৈয়ে শীৰ্ষস্থান দখল কৰে । আনকি সংবাদ মাধ্যমেও তেওঁৰ এই যাত্ৰাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল । কিন্তু তেওঁ ৰেপিড টাইম কন্ট্ৰলৰে খেলা প্ৰতিটো স্তৰ পাৰ হৈ টাইব্ৰেক অতিক্ৰম কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । 

আন ফৰ্মেটতো হাম্পিৰ সফলতাঃ

ডবাৰ এনে এটা ফৰ্মেট যিটো ফৰ্মেটত হাম্পিৰ পূৰ্বতে কোনো ৰেকৰ্ড নাই বা তেওঁৰ এই ফৰ্মেটৰ প্ৰতি বিশেষ আগ্ৰহ নাই, তেনে এক ফৰ্মেটত খেলি বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছে । মূলতঃ তেএওঁৰ ক্লাছিক ফৰ্মেটহে পছন্দৰ । ৰেপিড গেমছ খেলোঁতে হাম্পিক এনেদৰে কেতিয়াও আত্মবিশ্বাসী ৰূপত দেখা পোৱা নগৈছিল । এই টাৰ্ণিত তেওঁৰ প্ৰকৃততে কোনো আশা নাছিল । মস্কো ৱৰ্ল্ড চেম্পিয়নশ্বিপত শীৰ্ষ তিনিটা স্থানত থাকিবলৈহে হাম্পিয়ে খেলত প্ৰৱেশ কৰিছিল । কিন্তু ইতিবাচকতাৰে আৰম্ভণি কৰিবলৈ পাই আৰু প্ৰতিদ্বন্দ্বী লী টিংজিক এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সন্মুখীন কৰাই হাম্পিয়ে আত্মবিশ্বাস অৰ্জন কৰিছে । টাইব্ৰেকৰ উত্তেজনা দমন কৰি তেওঁ চেম্পিয়ন হৈ উঠে । এই বিষয়ে হাম্পিয়ে কৈছিল-ৰেপিড আৰু ব্লিটজ্ মোৰ পছন্দৰ খেল নহয় । শেষৰ দিনা খেলৰ আৰম্ভণিৰ অৱস্থাটো চাই মই এই খিতাপ দখল কৰিম বুলি আশা কৰা নাছিলোঁ । আনকি মই টাইব্ৰেক খেলিব পাম বুলিও ভবা নাছিলোঁ । কিন্ত গুণগত মানৰ খেলি বিশ্বৰ খিতাপ দখল কৰাটো সঁচাকৈয়ে সন্তুষ্টিদায়ক । মোৰ নিজৰ খেলৰ ষ্টাইলৰ ভিতৰত নপৰা ৰেপিডত বিশ্ব চেম্পিয়ন হোৱাৰ ফলত মোৰ আত্মবিশ্বাস আৰু এঢাপ আগুৱাই গ’ল ।

নামৰ আঁৰৰ কাহিনীঃ

কনেৰু হাম্পিৰ পিতৃ কনেৰু অশোক নিজেই এজন খেলুৱৈ । তেওঁ স্কুলীয়া পৰ্যায়ত বিভিন্ন ধৰণৰ খেল খেলিছিল যদিও পৰৱৰ্তী সময়ত ডবাক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰে । ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ডবা খেলিছিল । এগৰাকী ক্ৰীড়ানুৰাগী হিচাপে খেলৰ লগত জড়িত শব্দৰেহে তেওঁৰ কন্যাৰ অভিনৱ ধৰণৰ নাম ৰাখিব বিচাৰিছিল । সেয়ে কনেৰু অশোকে তেওঁৰ কন্যাৰ নাম ৰাখিছিল হাম্পি ।  ‘Hampi’ নামটো ‘cHAMPIon’ চেম্পিয়ন শব্দটোৰে এটা অংশ । তেওঁৰ পদাংক অনুসৰণ কৰায়েই পিতৃয়ে হাম্পক ডবাত প্ৰৱেশ কৰায় । পিতৃৰ আত্মবিশ্বাসক সঁচা প্ৰতিপন্ন কৰি হাম্পিয়ে সঁচাকৈয়ে বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হয় । পিতৃয়ে দিয়া নামৰ যথাৰ্থতা ৰক্ষা কৰি তেওঁ ইতিমধ্যে বহু কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । অৱশ্যে হাম্পিয়ে অলপতে তেওঁৰ নামৰ বানান ‘Humpy’ হিচাপে সলনি কৰিছে ।

এয়া হাম্পিৰ পঞ্চমটো বিশ্বকাপ পদক । পূৰ্বতে তেওঁ তিনিবাৰকৈ ৱৰ্ল্ড য়ুথ গল্ড মেডেলছ (১৯৯৭, ১৯৯৮,২০০০ চনত)আৰু ২০১৫ চনত ৱৰ্লড টীম ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হৈছিল ।হাম্পিৰ শেহতীয়া কৃতিত্ব হৈছে ৱৰ্ল্ড ৰেপিড গল্ড যিয়ে তেওঁক বিশ্ব ডবা চেম্পিয়নৰ শীৰ্ষস্থানত উপনীত কৰোৱাৰ লগতে ডবাৰ ৰাণী উপাধিৰে বিভূষিত কৰাইছে । 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.