নিউজ ডেস্ক, ৮আগষ্ট: শুক্ৰবাৰে মুৰাদাবাদ জিলাৰ এটি অঞ্চলৰ পৰা এটি ৫বছৰীয়া শিশু অপহৃত হৈছে । ঘৰৰ বাহিৰত খেলি থকা অৱস্থাৰ পৰাই অপহৰণকাৰীয়ে উঠাই নিয়ে শিশুটিক । ঘটনাটো সংঘটিত হৈছে মজৌলা আৰক্ষী থানাৰ অন্তৰ্গত লাইনপাৰা অঞ্চলত ।
শিশুটিক উদ্ধাৰৰ বাবে ইতিমধ্যে আৰক্ষীয়ে এটা দল গঠন কৰি অপহৰণকাৰীক কৰায়ত্ত কৰাৰ লগতে শিশুটিক উদ্ধাৰৰ বাবে আৰম্ভ কৰিছে অভিযান । অপহৰণকাৰী দলে শিশুটিৰ মুক্তিৰ বিনিময়ত পৰিয়ালক দাবী কৰিছে ৩০ লাখ টকাৰ মুক্তিপন ।
নিৰুদ্দেশৰ পিছত পৰিয়ালে শিশুটিক বিচাৰ খোচাৰ আৰম্ভ কৰাৰ মাজতে অপহৰণকাৰীয়ে ফোন যোগে অপহৰণৰ কথা কৰিলে অৱগত । তাৰোপৰি অপহৰণকাৰীয়ে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত নকৰিবৰ বাবেও ফোনতে দিলে সকীয়নি ।
মুৰাদাবাদৰ জিলা আৰক্ষী অধীক্ষক প্ৰভাকৰ চৌধুৰী শিশুটিৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ সবিশেষ অধ্যয়নৰ লগতে শিশুটিক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰাৰ কথা সগৰি কৰিলে ।