ETV Bharat / bharat

অপহৰণকাৰীৰ কৱলৰ পৰা পলাই হাৰিল উত্তৰ প্ৰদেশৰ কিশোৰ

author img

By

Published : Dec 9, 2020, 11:20 AM IST

অপহৰণকাৰীৰ হাতৰ পৰা পলাই হাৰিবলৈ সক্ষম হ'ল উত্তৰ প্ৰদেশৰ এজন কিশোৰ ৷ ৰেলৱে' আৰক্ষীয়ে নক্ষত্ৰ কুমাৰ ডুবে নামৰ কিশোৰজনক উদ্ধাৰ কৰি পিতৃৰ হাতত অৰ্পন কৰে ৷

কিশোৰজনক উদ্ধাৰ কৰি পিতৃৰ হাতত অৰ্পন ৰেলৱে' আৰক্ষীৰ
অপহৰণকাৰীৰ কৱলৰ পৰা পলাই হাৰিল উত্তৰ প্ৰদেশৰ কিশোৰ

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ : অপহৰণকাৰীৰ পৰা পলাই হাৰিবলৈ সক্ষম হৈছে চেন্নাই-কাডাপা ৰিং ৰোডৰ কোনো অজ্ঞাত স্থানত এখন কাৰৰ ভিতৰত বন্দী কৰি ৰখা উত্তৰ প্ৰদেশৰ এজন কিশোৰ ৷ ৰেলৱে' আৰক্ষীয়ে নক্ষত্ৰ কুমাৰ ডুবে নামৰ কিশোৰজনক উদ্ধাৰ কৰি পিতৃৰ হাতত অৰ্পন কৰে ৷

1 ডিচেম্বৰৰ দিনা ভাদোহীত বসবাস কৰা নক্ষত্ৰই বাৰিষপুৰ ৰেলৱে' ষ্টেচনত ৰৈ থকাৰ সময়তে দুজন লোকে পিতৃয়ে মাতি পঠোৱা বুলি জনায় ৷ লোক দুজনৰ ওপৰত সন্দেহ নকৰি নক্ষত্ৰইও তেওঁলোকৰ কথা মতে যোৱাৰ পাচতে দুয়োজনে বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায় ৷

ইয়াৰ পাচতে নক্ষত্ৰক খাদ্যৰ সৈতে কিবা খাবলৈ দি অচেতন কৰি পেলায় ৷ যেতিয়া তেওঁৰ চেতনা ঘূৰি আহে তেওঁ দেখে যে, অপহৰণকাৰী দুজনে কাৰখন লক নকৰাকৈয়ে চাহ খাবলৈ গৈছে ৷ সেই সুযোগতে নক্ষত্ৰই পলাই হাৰিবলৈ সক্ষম হয় আৰু কাডাপা ৰেলৱে' ষ্টেচনত উপস্থিত হয় ৷

RPF আৰক্ষী বিষয়া শংকৰ ৰাওয়ে ষ্টেচনৰ পৰা কিশোৰজনক উদ্ধাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ নক্ষত্ৰৰ আধাৰ কাৰ্ডৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাসিন্দা কৃষ্ণ কুমাৰ ডুবেৰ পুত্ৰ বুলি জানিব পাৰে ৷

মঙলবাৰৰ দিনা কিশোৰজনৰ পিতৃ কাডাপাত উপস্থিত হৈ ঘটনা সম্পৰ্কত এক গোচৰ ৰুজু কৰে ৷ ইয়াৰ পাচতে দুয়োগৰাকীয়ে উত্তৰ প্ৰদেশলৈ ৰাওনা হয় ৷

লগতে পঢ়ক : অমিত শ্বাহ-কৃষকৰ বৈঠকত অসফলতা : অব্যাহত থাকিব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.