নিউজ ডেস্ক,11 এপ্ৰিল : অৰুণাচলত ৱেষ্ট লোকসভা সমষ্টিত সমুখ- সমৰত নামিছে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকী ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ জনপ্ৰিয়তাক লক্ষ্য কৰি কিৰেণ ৰিজিজুৰ বিৰুদ্ধে থিয় কৰাইছে কংগ্ৰেছে ৷ 2014 ত কংগ্ৰেছৰ প্ৰাৰ্থী টাকাম সঞ্জয়ক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল কিৰেণ ৰিজিজু ৷ আনহাতে দুবাৰকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে নাবাম টুকী ৷ এই দুই হেভিৱেট প্ৰাৰ্থীৰ মাজত ক্ষমতা দখলৰ ৰণ হ'ব অত্যন্তই গুৰুত্বপূৰ্ণ ৷