নিউজ ডেস্ক, 30 আগষ্ট : দেওবাৰে ৰেডি'অ যোগে সম্প্ৰচাৰ হোৱা 'মন কি বাত' অনুষ্ঠানত NEET আৰু JEE পৰীক্ষা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক টুইটযোগে প্ৰকাশ কৰিছে এই মন্তব্য ৷
ছেপ্তেম্বৰত NEET আৰু JEE ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু ক'ভিড-19 ৰ বাবে পৰীক্ষা স্থগিত কৰাৰ দাবী উখাপন কৰিছিল বিৰোধী দলৰ বহুতো মন্ত্ৰী, বিধায়কে ৷ আনকি, কৰ'ণা মহামাৰীৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বিৰোধী 6 খন ৰাজ্যৰ মন্ত্ৰীয়ে ৷ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'মন কি বাত' অনুষ্ঠানত প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰাৰ বাবে ক্ষোভ উজাৰিছে কংগ্ৰেছ নেতা গৰাকীয়ে ৷
আনহাতে, ৰাহুল গান্ধীৰ টুইট অনুসৰি, প্ৰধানমন্ত্ৰীয়ে দেওবাৰৰ অনুষ্ঠানত পৰীক্ষাৰ পৰিৱৰ্তে খেলৰ বিষয়ে মন্তব্য প্ৰদান কৰিছে ৷ কিন্তু বৰ্তমান সময়ত খেলৰ পৰিৱৰ্তে NEET আৰু JEE ৰ পৰীক্ষা সন্দৰ্ভত মন্তব্য প্ৰদান কৰাৰ প্ৰয়োজন আছিল বুলি ৰাহুল গান্ধীয়ে মন্তব্য প্ৰদান কৰিছে ৷
উল্লেখ্য যে, 20 ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া NEET আৰু JEE ৰ প্ৰৱেশ পৰীক্ষা স্থগিত কৰিবলৈ বিৰোধী দলৰ মন্ত্ৰীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ উক্ত আবেদনৰ পিচতে মহামান্য উচ্চতম ন্যায়ালয়ে 17 আগষ্টত প্ৰৱেশ পৰীক্ষা স্থগিত কৰাৰ আবেদন খাৰিজ কৰিছিল ৷
লগতে পঢ়ক : অস্বাস্থ্যকৰ পৰিৱেশত কদৰ্যময় জীৱন কটাইছে ধেমাজিবাসী