তেজপুৰ, 28 জুন : 1962চনৰ ভাৰত-চীন যুদ্ধৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ ভাৰত-চীনৰ মাজৰ যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতেই খাণ্ডুৱে গৈ উপস্থিত হয় বুমলাস্থিত সীমান্তত ৷
![62ৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী পেমা খাণ্ডুৰ, Khandu pays homage to 1962 Indo-China war](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28june-801-pix-indo-sinoborderarunachalcm-pranabkumardas-7203907_28062020173134_2806f_1593345694_591.jpg)
সীমান্তত থকা ভাৰতীয় স্থলসেনাৰ চাউনীত উপস্থিত হৈ জোৱানসকলক উৎসাহিত কৰাৰ লগতে সীমান্তৰ পৰিস্থিতিৰ বুজ লয় ৷ ইয়াৰ লগতে টাৱাং সীমান্তত থকা 1962 চনৰ ভাৰত চীন যুদ্ধৰ অমৰ শ্বহীদ চুৱেদাৰ যোগিন্দৰ সিঙৰ যুদ্ধস্মাৰকত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে ৷
![62ৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী পেমা খাণ্ডুৰ, Khandu pays homage to 1962 Indo-China war](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28june-801-pix-indo-sinoborderarunachalcm-pranabkumardas-7203907_28062020173134_2806f_1593345694_567.jpg)
কিছুদিন আগতে লাডাখ গালৱান ভেলীৰ শ্বহীদ বীৰ জোৱানসকলো তেওঁ শ্ৰদ্ধা অৰ্পন কৰে ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তত উপস্থিত হৈ সীমান্তত থকা ভাৰতীয় সেনা জোৱানক উৎসাহিত কৰে আৰু সীমান্তৰ বুজ লোৱাৰ উপৰিও তেওঁলোকৰ সৈতে আলোচনাত মিলিত হয় ৷
![62ৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী পেমা খাণ্ডুৰ, Khandu pays homage to 1962 Indo-China war](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28june-801-pix-indo-sinoborderarunachalcm-pranabkumardas-7203907_28062020173134_2806f_1593345694_256.jpg)
সেনাবাহিনীৰ লোকসকলৰ মাজত উপস্থিত থাকি নিজকে গৌৰাৱান্বিত হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
![62ৰ শ্বহীদক শ্ৰদ্ধাঞ্জলী পেমা খাণ্ডুৰ, Khandu pays homage to 1962 Indo-China war](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-28june-801-pix-indo-sinoborderarunachalcm-pranabkumardas-7203907_28062020173134_2806f_1593345694_20.jpg)
গালৱান ভেলীৰ সমান্তৰালকৈ অৰুণাচলৰ প্ৰদেশৰো ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলত চীনে ইয়াৰ গতিবিধি বৃদ্ধি কৰি তুলিছে ৷ এনে অৱস্থাত অৰুণাচল প্ৰদেশ চৰকাৰ ভাৰতীয় সেনাক সহায় কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে এইক্ষেত্ৰত সহায় কৰিবলৈ অৰুণাচল প্ৰদেশৰ আৰক্ষী বাহিনীসমূহৰ পৰা জোৱানৰ নিৰ্বাচন প্ৰক্ৰিয়াও আৰম্ভ হৈছে ৷
লগতে পঢ়কঃ সীমান্তত বায়ুসেনাৰ গতি-বিধি বৃদ্ধি, সহায়ৰ প্ৰতিশ্ৰুতি অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰীৰ