নেশ্যনেল ডেস্ক, ৮ জুন: কলকাতা আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে সোমবাৰে পশ্চিমবংগৰ হুগলী জিলাত বাংলাদেশৰ মুখ্য সন্ত্ৰাসবাদী গোট জামাত-উল-মুজাহিদিন (JMB)ৰ সদস্য এজনক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে,কিছুদিন পূৰ্বে এই সন্ত্ৰাসবাদী গোটটোৰ মুখ্য সদস্যজনক মুৰ্শ্বিদাবাদৰ পৰা আটক কৰা হৈছিল ।
জ্যেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে জনোৱা মতে, জে.এম.বিৰ এজন মুখ্য সদস্য শিখ ৰেজাউল ওৰফে কিৰণে কিছুদিন ধৰি বিশেষ টাস্ক ফৰ্চৰ নজৰত আছিল । সোমবাৰে হুগলী জিলাৰ দনকুনীত গোপন সূত্ৰ পম খেদি আটক কৰা হয় ৰেজাউলক ।
সন্ত্ৰাসবাদী ৰেজাউলক মঙলবাৰে আদালতত হাজিৰ কৰোৱা হ'ব আৰু তদন্তৰ পিছতহে বহু তথ্য পোহৰলৈ আহিব । কলকাতাৰ বিশেষ টাস্ক ফ'ৰ্চে ২৯ মে' তাৰিখে জে.এম.বিৰ আন এজন উগ্ৰপন্থী আব্দুল কৰীম ওৰফে বোৰো কৰীমক ২০১৮ চনৰ বোধগয়া বোমা বিস্ফোৰণ সন্দৰ্ভত মুৰ্শ্বিদাবাদ জিলাৰ সুতী চহৰৰ পৰা আটক কৰে । জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে এই কথা ।
লগতে পঢ়ক: ৮ জুনলৈকে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৯৩ জন সন্ত্ৰাসবাদী