ETV Bharat / bharat

নিউজিলেণ্ডৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত ল'লে ভাৰতীয় মহিলাই

author img

By

Published : Nov 2, 2020, 2:05 PM IST

কেৰালাৰ জন্মগ্ৰহণ কৰা ভাৰতীয় মুলৰ প্ৰিয়ংকা ৰাধাকৃষ্ণণে নিউজিলেণ্ডৰ জাকিণ্ডা আৰ্ডেৰ্ণৰ কেবিনেটত এগৰাকী মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷

নিউজিলেণ্ডৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত ল'লে ভাৰতীয় মহিলাই
নিউজিলেণ্ডৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত ল'লে ভাৰতীয় মহিলাই

নিউজ ডেস্ক, 2 অক্টোবৰ : ভাৰতীয় মহিলাসকল নিজদেশত সুৰক্ষিত নহ'লেও কোনোধৰণে বিদেশত নিজৰ ক্ষমতাৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে ৷ এই কথাক আখৰে আখৰে প্ৰমাণ কৰিছে কেৰালাত জন্মগ্ৰহণ কৰা প্ৰিয়ংকা ৰাধাকৃষ্ণণে ৷ ৰাধাকৃষ্ণণে সোমবাৰে নিউজিলেণ্ডৰ কেবিনেটত এগৰাকী মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাকিণ্ডা আৰ্ডেৰ্ণেৰ মন্ত্ৰীসভাত সম্প্ৰদায় আৰু স্বেচ্ছাসেৱী বিভাগৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৰাধাকৃষ্ণণে ৷

চেন্নাইত জন্মগ্ৰহণ কৰা ৰাধাকৃষ্ণণে ছিংগাপুৰত ডাঙৰ-দীঘল হৈছিল ৷ তেওঁৰ পিতৃৰ ঘৰ কেৰালাৰ পাৰাভুৰত ৷ তেওঁৰ ককাক এগৰাকী স্বাস্থ্যকৰ্মী হোৱাৰ লগতে এগৰাকী বামপন্থী নেতা আছিল ৷

অকলেণ্ডৰ পৰা দুবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা ৰাধাকৃষ্ণণে নিউজিলেণ্ডত তেওঁৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে গৈছিল ৷ নিজৰ উচ্চ শিক্ষা সমাপ্ত হোৱাৰ পিচতে ৰাধাকৃষ্ণণে খ্ৰীষ্ট চাৰ্চৰ বাসিন্দা এগৰাকী তথ্য-প্ৰযুক্তি বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ 2004 চনৰ পৰাই নিউজিলেণ্ডৰ শ্ৰমিক দলৰ সৈতে প্ৰত্যক্ষ ৰাজনীতিত জড়িত হৈ পৰে ৰাধাকৃষ্ণণ ৷

বিগত বৰ্ষত কেৰালাৰ জাতীয় উৎসৱ অনামৰ সময়ত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত অংশগ্ৰহণ কৰি কেৰালাবাসীক ইয়াৰ শুভেচ্ছা প্ৰদান কৰিছিল ৰাধাকৃষ্ণণে ৷ এই কাৰ্য্যৰ পিচতে অধিক জনপ্ৰিয় হৈ পৰিছিল প্ৰিয়ংকা ৰাধাকৃষ্ণণে ৷ মালায়ালম সংগীতৰ প্ৰতি তীব্ৰ আকৰ্ষণ থকা ৰাধাকৃষ্ণণে কেৰালাৰ জনপ্ৰিয় সংগীত শিল্পী কেজে য়েছুদাসৰ এগৰাকী বিশেষ অনুৰাগী বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.