ETV Bharat / bharat

আজৱ: 450 যোৰ যমজ সন্তানেৰে ভৰা ভাৰতৰ গাঁওখন - নজনা কথাবোৰ

সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি হাজাৰত যমজ সন্তানৰ সংখ্যা হ'ল 9 যোৰ ৷ কিন্তু তেনেস্থলত এইখন গাঁৱত 2 হাজাৰ পৰিয়ালত আছে 450 যোৰ যমজ সন্তান ৷ ক'ত আছে এই গাঁও ? জানিবলৈ চাওক এই প্ৰতিবেদন...

450 যোৰ যমজ সন্তানেৰে ভৰা ভাৰতৰ গাঁওখন
450 যোৰ যমজ সন্তানেৰে ভৰা ভাৰতৰ গাঁওখন
author img

By

Published : Aug 20, 2020, 8:39 AM IST

"ৱেলকাম টু দ্য গডছ্ অউন টুইনছ্ ভিলেজ ৷"

গাঁওখনৰ প্ৰবেশপথতে দেখিবলৈ পোৱা যায় এই "ৱেলকাম টু দ্য গডছ্ অউন টুইনছ্ ভিলেজ" শীৰ্ষক এখন চাইনব'ৰ্ড ৷ সাধুকথা নহয় এইয়া এক বাস্তৱ কথা ৷ এই গাঁওখন হ'ল যমজ সন্তানেৰে ভৰা এখন গাঁও ৷ গাঁওখনৰ ঘৰে ঘৰে আছে যমজ সন্তান ৷ কোদিনহি ! কেৰালাৰ মাল্লাপুৰম জিলাৰ এখন জনাজাত অদ্বিতীয় গাঁও ৷

সমগ্ৰ বিশ্বত ভিতৰতে আটাইতকৈ অধিক যমজ লোক দেখিবলৈ পোৱা যায় কেৰালাৰ কোদিনহি গাঁৱত ৷ গাঁওখন প্ৰায় 2 হাজাৰ পৰিয়ালৰ বসতিৰে ভৰা ৷ আচৰিত বিষয়টো এই যে, 2 হাজাৰ পৰিয়ালত আছে মুঠ 450 যোৰ যমজ সন্তান ৷ য'ত নেকি সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি হাজাৰত যমজ সন্তানৰ সংখ্যা হ'ল 9 ৷ সমগ্ৰ পৃথিৱীতে প্ৰতি হাজাৰত 6 হোৱাৰ বিপৰীতে কোদিনহিত যমজৰ সংখ্যা হ'ল 45 ৷ যাৰ বাবে গাঁওখনৰ সকলো প্ৰান্ততে দেখিবলৈ পোৱা যায় কেৱল যমজ লোক ৷ প্ৰতিখন বিদ্যালয়ত 15 ৰ পৰা 20 যোৰকৈ যমজ ছাত্ৰ-ছাত্ৰী ৷

গাঁওবুঢ়া গৰাকীয়ে উল্লেখ কৰা অনুসৰি, অন্য অঞ্চলৰ দৰে কোদিনহিতো একালত যমজৰ সংখ্যা সাধাৰণ আছিল ৷ বিগত 60-70 বছৰৰ কথা, ধীৰে ধীৰে গাঁওখনত বাঢ়ি যায় এই সংখ্যা ৷ যমজৰ সংখ্যা ইমানেই বৃদ্ধি পায় যে 2008 চনত এই বিষয় সকলোৰে দৃষ্টিগোচৰ হয় ৷ তেতিয়ালৈ গাঁওখনত থকা যমজ ভাতৃ-ভগ্নীৰ যোৰা হৈছিল গৈ 264 ৷

বৰ্তমান 400 অতিক্ৰম কৰি 500 যোৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে গাঁওখনত যমজ সন্তানৰ সংখ্যা ৷ প্ৰতি বছৰেই 15 যোৰ যমজ সন্তান ভূমিষ্ঠ হৈ আহিছে কোদিনহিত ৷ অৱস্থা এনে হয়গৈ যে, গাঁওখনৰ জনসংখ্যাৰ 10 শতাংশই সহোদৰ ৷

এতিয়া প্ৰশ্ন হ'ল ভাৰতৰ আন আন গাঁৱৰ দৰেইটো কোদিনহিও ? কিন্তু ইয়াতে কিয় এনে পৰিঘটনা হৈ আহিছে ? ইয়াত ইমান যমজ সন্তান জন্ম হোৱাৰ কাৰণটো জিনগত নেকি ? নে ইয়াৰ জলবায়ুৰ প্ৰভাৱ ? এই সকলোবোৰৰ উত্তৰ বিচাৰি যজম সকলৰ জৈৱিক নমুনা সংগ্ৰহ কৰিছিল ভিন্ন দেশৰ বিজ্ঞানীসকলে ৷ কিন্তু বিচাৰি নাপালে কোনো উত্তৰ ৷ তাৰ পৰিৱৰ্তে তেওঁলোকে পালে পৃথিৱীৰ অন্য প্ৰান্তত থকা আৰু কেইবাখনো "কোদিনহি"ৰ দৰে বহু কেইটা যমজেৰে ভৰা অঞ্চল ৷

লগতে পঢ়ক: নজনা কথাঃ টোপনি ভঙাৰ বাদ দৰমহা লাভ কৰা একাংশ ব্যক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.