নেশ্যনেল ডেক্স,14 আগষ্টঃ দেওবাৰে পুনৰ ইদুক্কিৰ ৰাজামালা ভূমিস্খলনত নিহত দুজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ পিছতেই ৰাজামালা ভূমিস্খলনত নিহত লোকৰ সংখ্যা 58 গৰাকীলৈ বৃদ্ধি হোৱা বুলি জানিবলৈ দিছে জিলা উপায়ুক্তই ৷ আনহাতে, 12 গৰাকী লোকৰ এইপৰ্যন্ত কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই ৷
উদ্ধাৰ কাৰ্যত দুটাকৈ এন ডি আৰ এফৰ দল, ইদুক্কি অগ্নি নিৰ্বাপক বাহিনী আৰু কোট্টায়াম আৰু তিৰুৱন্থপুৰমৰ দুটাকৈ উদ্ধাৰ বাহিনীৰ দল জড়িত হৈ পৰিছে ৷ মৃতকৰ পৰিয়ালয়ৈ 5 লাখ টকাৰ চৰকাৰী সাহাৰ্য ঘোষণা কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য নিধিৰ তৰফৰ পৰা 2 লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে ৷
লগতে পঢ়ক-দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ