ETV Bharat / bharat

কেৰালাত হাতীৰ মৃত্যুক লৈ বলুকা শিল্পৰে নিন্দা সুদৰ্শন পাটনায়কৰ - বলুকা শিল্পী সুদৰ্শন পাটনাইক

বলুকা শিল্পৰে কেৰালাত গৰ্ভৱতী হাতীৰ মৃত্যুৰ এই নিষ্ঠুৰ ঘটনাক নিন্দা পদ্মশ্ৰী সুদৰ্শন পাটনায়কৰ। "হাতী মেৰা সাথী" বুলি কেপচন দি টুইটাৰযোগে এই বলুকা শিল্পৰ চিত্ৰ শ্বেয়াৰ কৰিলে শিল্পীগৰাকীয়ে।

Kerala elephant death
Kerala elephant death: Sudarsan Pattnaik condemns cruel act with sand art on Puri beach
author img

By

Published : Jun 5, 2020, 8:24 PM IST

নিউজ ডেস্ক, ৫ জুনঃ কেৰালাৰ পলক্কড়ত গৰ্ভৱতী হাতীক আনাৰসৰ ভিৰতত ফটকা খুৱাই মৃত্যুমুখলৈ ঠেলি দিয়া ঘটনাক লৈ শোকপ্ৰকাশ বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ। ওড়িষাৰ পুৰীৰ সাগত তীৰত বলুকাৰে গৰ্ভৱতী হাতীটোৰ চিত্ৰ অংকন কৰি এই ঘটনাক তীব্ৰ নিন্দা কৰে শিল্পীগৰাকীয়ে।

Kerala elephant death: Sudarsan Pattnaik condemns cruel act with sand art on Puri beach
কেৰালাত হাতীৰ মৃত্যুক লৈ বলুকা শিল্পৰে নিন্দা সুদৰ্শন পাটনাইকৰ

শিল্পীগৰাকীয়ে টুইটাৰযোগে "হাতী মেৰা সাথী"বুলি কেপচন দি বলুকাৰে বনোৱা হাতীৰ ফটোখন শ্বেয়াৰ কৰে। লগতে, কেতিয়াও যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবেও ঈশ্বৰৰ ওচৰৰ প্ৰাৰ্থনা জনাই।

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে কেৰালাৰ চাইলেণ্ট ভেলীৰ জংঘলত এজনী গৰ্ভৱতী হাতীৰ মৃত্যুক লৈ বৰ্তমানেও সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। কোনো দুষ্কৃতিকাৰীয়ে শক্তিশালী ফটকা ভৰাই থোৱা এটি আনাৰস খাইছিল গৰ্ভৱতী হাতীটোৱে। তাৰ পাচতে এই ফটকা বিস্ফোৰণ ঘটি হাতীজনীৰ মুখৰ ভিতৰভাগ সম্পূৰ্ণৰূপে জ্বলি যায় । যাৰ ফলত বিগত বহু দিন ধৰি হাতীটোৱে কষ্ট ভোগ কৰিব লগা হয় । এই সম্পূৰ্ণ ঘটনাৰ বিৱৰণ এগৰাকী বন বিষয়াই ছ'চিয়েল মিডিয়াযোগে দাঙি ধৰাৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইতিমধ্যে এই ঘটনাত জৰিত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

লগতে চাওকঃ কোনো বিভাগে ঘোষণা কৰিব নোৱোৰিব নতুন আঁচনিঃ নিৰ্মলা সীতাৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.