নিউজ ডেস্ক, ৪ মাৰ্চ:শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিয়ে ঘোষণা কৰিলে কেদাৰনাথৰ দুৱাৰ মুকলি কৰাৰ দিন । প্ৰচলিত নিয়ম অনুসৰি মহাশিৱৰাত্ৰীৰ দিনাহে ধাৰ্য কৰা হয় কেদাৰনাথৰ দুৱাৰ মুকলি কৰাৰ দিন । সেয়ে আজি মহাশিৱৰাত্ৰীৰ দিনটোত পুৰোহিত সকলৰ উপস্থিতিত ১০ মে'ৰ দিনটো কেদাৰনাথৰ দুৱাৰ মুকলিৰ বাবে ধাৰ্য কৰা হৈছে ।
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/images/2604169_178_7bf12055-2054-4685-9809-9f4f8d841bd5.png)
উল্লেখ্য যে, প্ৰত্যেক বছৰে শীতকালত কেদাৰনাথৰ দুৱাৰ বন্ধ কৰা হয় আৰু কেদাৰনাথৰ পাল্কি ওখিমথৰ ঔমকাৰেশ্বৰ মন্দিৰলৈ স্থানান্তৰিত কৰা হয় ।