ETV Bharat / bharat

ভাৰতেই হৈছে হিন্দুসকলৰ বাবে উপযুক্ত ঠাইঃ মোহন ভাগৱত

author img

By

Published : Sep 24, 2019, 7:07 PM IST

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘপ্ৰধান মোহন ভাগৱতে বিশ্বৰ 30 খন দেশৰ সাংবাদিকৰ সৈতে আলোচনাত মিলিত হয় ৷ মঙলবাৰে অনুষ্ঠিত হোৱা আলোচনাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে ধৰি জম্মু-কাশ্মীৰ আৰু আন কেবাটাও বিষয় সন্দৰ্ভত মত প্ৰকাশ কৰে সংঘপ্ৰধানগৰাকীয়ে ৷ নতুন দিল্লীত অনুষ্ঠিত হোৱা সংঘৰ বিশেষ অনুষ্ঠানটোত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য প্ৰকাশ কৰে সংঘপ্ৰধান মোহন ভাগৱতে ৷ সংঘ পৰিয়ালৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ সৰ্বাংগীন বিকাশৰ বাবেই এই অনুষ্ঠান আয়োজন কৰা হোৱা বুলি সংঘৰ ফালৰ পৰা এক বিবৃতি জাৰি কৰা হয় ৷

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘপ্ৰধান মোহন ভাগৱত

নিউজ ডেস্ক, 24 চেপ্তেম্বৰঃ মঙলবাৰে বিশ্বৰ 30 খন দেশৰ সাংবাদিকৰ সৈতে প্ৰায় আঢ়ৈ ঘন্টা ধৰি আলোচনাত মিলিত হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘপ্ৰধান মোহন ভাগৱত ৷ প্ৰায় 50টা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ 80 গৰাকী সাংবাদিকে অংশগ্ৰহন কৰা অনুষ্ঠানটোত সংঘপ্ৰধানৰ লগতে উপস্থিত থাকে সংঘৰ সাধাৰণ সম্পাদক সুৰেশ যোশী, যুটীয়া সাধাৰণ সম্পাদক মহমোহন বিদ্যা আৰু কৃষ্ণন গোপাল, সংঘৰ উত্তৰ-পূবৰ প্ৰভাৰী বজ্ৰন লাল গুপ্ত আৰু সংঘৰ দিল্লী অঞ্চলৰ প্ৰধান কুলভুষণ আহুজা ৷

জম্মু-কাশ্মীৰ সন্দৰ্ভত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ ফলত উপত্যকাটোত বাস কৰা লোকসকলৰ কোনো ক্ষতি নহয় বুলি কয় সংঘপ্ৰধান মোহন ভাগৱতে ৷ পূৰ্বেই একাষৰীয়াকৈ থকা জম্মু-কাশ্মীৰবাসীক এক ভাৰত ৰাষ্ট্ৰৰ সৈতে সংযোগ কৰি অঞ্চলটোৰ সৰ্বাংগীন বিকাশৰ বাবেই কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় সংঘপ্ৰধানগৰাকীয়ে ৷ সংঘপ্ৰধানগৰাকীৰ মতে, জম্মু-কাশ্মীৰক প্ৰদান কৰা বিশেষ ক্ষমতাই তেওঁলোকক একাশৰীয়া কৰি ৰাখিছিল যদিও এতিয়া সৰ্বাংগীন ভাৰতৰ উন্নয়নৰ প্ৰক্ৰিয়াৰ সৈতে একেলগে আগবাঢ়িবলৈ সক্ষম হ'ব জম্মু-কাশ্মীৰ ৷

সমকামিতা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সংঘপ্ৰধানগৰাকীয়ে কয় যে, " সমকামিতা বিষয়টো সন্দৰ্ভত সংগঠনৰ দৃষ্টিকোণ সময়ৰ গতিত বিকশিত হৈছে ৷ সমকামিতা অসামান্য নহয় এয়া এক ভিন্নতা ৷ সমকামীসকল সমাজৰ একোটা অভিন্ন অংগ আৰু সমাজত তেওঁলোকৰ সমান অধিকাৰ আছে যিদৰে আপোনাৰ মোৰ ৷ সমাজে তেওঁলোকক সকলোফালৰ পৰাই আদৰি ল'ব লাগে ৷"

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত, এয়া কাৰোবাক দেশৰ পৰা বিতাড়িত কৰিবলৈ কৰা হোৱা নাই বুলি কয় সংঘপ্ৰধান মোহন ভাগৱতে ৷ তেওঁৰ মতে, অসমত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বাৰা দেশৰ নাগৰিকসকলক চিনাক্ত কৰা হৈছে, বিদেশীক নহয় ৷ ভাৰতৰাষ্ট্ৰৰ বাবে ইয়াৰ নাগৰিকসকলক চিনাক্ত কৰাটো খুবেই জৰুৰী, দেশৰ উন্নয়নৰ বাবে দেশৰ সৰ্বাংগীন বিকাশৰ বাবে নাগৰিকত্ব প্ৰদান কৰাটো কোনো দুঃচিন্তাৰ কাৰণ নহয় ৷ তেওঁ লগতে কয় যে, বিশ্বত হিন্দুসকলৰ বাবে ভাৰতবৰ্ষ বাহিৰে বেলেগ কোনো স্থান নাই ৷

দেশত সংঘটিত হৈ থকা গনহত্যা সন্দৰ্ভত সংঘপ্ৰধানগৰাকীক সোধা প্ৰশ্নৰ উত্তৰত সংঘই গনহত্যাৰ বলি হোৱা লোকসকলৰ প্ৰতি শোকপ্ৰকাশ কৰাৰ লগতে এনেকুৱা কাণ্ডক সদায়ে গৰিহণা দি আহিছে বুলি কয় ৷ সংঘৰ স্বেচ্ছাসেৱকসকলে এনেকুৱা কাণ্ডৰ সদায়ে বিৰোধ কৰি আহিছে আৰু যদিহে সংঘৰ কোনো সেৱক এনেকুৱা কাণ্ডৰ সৈতে জড়িত হৈ পৰে তেওঁক সংঘৰ পৰা উলিয়াই দিয়াৰ লগতে আইনৰ হাতত তুলি দিয়া হ'ব বুলি কয় সংঘপ্ৰধান মোহন ভাগৱতে ৷

আনহাতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰুদ্ধে সততে উত্থাপিত হৈ অহা অভিযোগ খণ্ডন কৰি সংঘ কোনো ৰাজনৈতিক অনুষ্ঠান নহয় বুলি কয় সংঘপ্ৰধান মোহন ভাগৱতে ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নীতি আৰু আদৰ্শ হৈছে হিন্দুত্ব আৰু অনৈক্যৰ মাজত ঐক্যই হৈছে হিন্দুত্বৰ মুল সাৰ ৷ দেশত যেতিয়াৰ পৰাই নৰেন্দ্ৰ মোডীৰ চৰকাৰ আহিছে, বিজেপিয়ে শাসনভাৰ হাতত লৈছে তেতিয়াৰ পৰাই দেশৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা কোনো আঁচনিয়ে পিচপৰি থকা নাই ৷ আনহাতে অৰ্থনৈতিক ক্ষেত্ৰত অভিজ্ঞ নোহোৱাৰ দোহাই দি শেহতীয়া অৰ্থনৈতিক স্থিতাৱস্থা সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশৰ পৰা বিৰত থাকে সংঘপ্ৰধানগৰাকী ৷

Intro:Body:

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.