ETV Bharat / bharat

প্ৰতিবাদ অব্যাহত থাকিব কৰ্ণাটকৰ পথ পৰিবহণ কৰ্মচাৰীৰ - পৰিবহণে

চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী উঠাই লোৱাৰ কেইঘণ্টামানৰ পিছতে পুনৰ সিদ্ধান্ত সলনি কৰিছে কৰ্ণাটকৰ পথ পৰিবহণৰ কৰ্মচাৰীয়ে । দেওবাৰে নিশা কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

প্ৰতিবাদ অব্যাহত থাকিব কৰ্ণাটকৰ পথ পৰিবহণ কৰ্মচাৰীৰ

author img

By

Published : Dec 14, 2020, 2:25 PM IST

নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ: প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগমৰ কৰ্মচাৰী ইউনিয়নে । চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী উঠাই লোৱা, বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ পিছত দেওবাৰে নিশা প্ৰতিবাদী কৰ্মচাৰীসকলে সিদ্ধান্ত সলনি কৰে । ৰাজ্য় চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব কৰ্মচাৰীসকলে । এই কথা প্ৰকাশ কৰে কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগমৰ কৰ্মচাৰী ইউনিয়নৰ সম্পাদক আৰ চন্দ্ৰুৱে ।

বৃহস্পতিবাৰৰ পৰা ফ্ৰীডম পাৰ্কত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ৰাজ্যিক পৰিবহণ মন্ত্ৰী লক্ষ্মণ ছাৱাড়ী, ৰাজ্যিক গৃহ মন্ত্ৰী বাছাভৰাজ বনমাই আৰু ৰাজহ মন্ত্ৰী আৰ অশোকে কৰ্মচাৰী ইউনিয়নৰ নেতাৰে বৈঠকত মিলিত হোৱাৰ পিছত তেওঁলোকে প্ৰতিবাদ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু আশ্চৰ্যজনকভাৱে দেওবাৰে নিশা তেওঁলোকে সিদ্ধান্ত সলনি কৰে আৰু প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষণা কৰে । আনকি চালক আৰু হেণ্ডিমেনেও কৰ্ম বিৰতি লোৱাত বাছ সেৱা বন্ধ হৈ পৰে ।

মন্ত্ৰী ছাৱাড়ীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল যে, ৰাজ্য চৰকাৰে তেওঁলোকক স্বাস্থ্য বীমা কৰোৱা, কৰ্মৰত অৱস্থাত COVID-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা কৰ্মচাৰীক ৩০ লাখ টকা আৰ্থিক সাহায্য আগবঢ়োৱা, বেতন সংশোধন আৰু অন্তৰ্নিগম স্থানান্তৰকৰণৰ দাবী মানি লৈছে । দেওবাৰে নিশালৈকে কৰ্মচাৰীসকলে প্ৰতিবাদ উঠাই নল'লে ৰাজ্যজুৰি ব্যক্তিগত বাছৰ সেৱা আৰম্ভ কৰাৰো ধমক দিয়ে । কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগমত প্ৰায় ৩৭,০১৯ জন কৰ্মচাৰী আছে তিনিটা কোম্পানীৰ জৰিয়তে ১৭,১৩৮৮ খন বাছেৰে সমগ্ৰ ৰাজ্যতে সেৱা আগবঢ়ায় ।

বাংগালুৰু মহানগৰ পৰিবহণ নিগমৰ ৬,৫০০ খন, নৰ্থ-ইষ্ট কৰ্ণাটক পথ পৰিবহণ নিগমৰ ৫,৫০০ খনৰ লগতে আন নিগমৰ বাছেও ৰাজ্যখনত সেৱা আগবঢ়ায় । বেহেমোথ পথ পৰিবহণে অন্ধ্ৰ প্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু তেলেংগানাৰ চহৰৰ মাজত আন্তঃৰাজ্যিক বাছ সেৱা আগবঢ়ায় । কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাই কৰ্মচাৰীসকলক প্ৰতিবাদ উঠাই ল'বলৈ আহ্বান জনায় । তেওঁ কয় যে, পৰিবহণ মন্ত্ৰী আৰু কৰ্মচাৰী ইউনিয়নৰ নেতাৰ বৈঠকৰ জৰিয়তে তেওঁলোকৰ সমস্যা সমাধানৰ প্ৰয়াস কৰা হৈছিল ।

তেওঁলোকৰ সকলো দাবী মানি লোৱা হৈছে । সেয়েহে কৰ্মচাৰীসকলক কৰ্তব্যত যোগদান কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে ৰাইজে সন্মুখীন হোৱা সমস্যাক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে চিন্তা ব্যক্ত কৰে । কৰ্ণাটকৰ ৰাজ্য ৰাইটা সংঘৰ সভাপতি কড়িহালি চন্দ্ৰশেখৰে একাংশ কৰ্মচাৰীক লগত লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে যদিও চৰকাৰে তেওঁৰ সৈতে আলোচনা কৰিবলৈ অমান্তি হয় । তেওঁ এজন কৃষক, গতিকে পথ পৰিবহণৰ কৰ্মচাৰীৰ বাবে তেওঁ প্ৰতিবাদ কৰাৰ যুক্তিযুক্ততা নাই বুলি প্ৰকাশ কৰে চৰকাৰী পক্ষই ।

লগতে পঢ়ক:কাবুলত ৰকেট আক্ৰণ, নিহত 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.