ETV Bharat / bharat

লক্ ডাউনত আৱদ্ধ লোক সকলৰ বাবে কৰ্ণাটক চৰকাৰৰ অনলাইন ব্যৱস্থা

author img

By

Published : May 2, 2020, 3:39 PM IST

অনলাইন আবেদন ব্যৱস্থাৰ মুকলি কৰ্ণাটকৰ ৰাজ্য চৰকাৰৰ । লক্ ডাউনত আৱদ্ধ হৈ থকা লোক সকলক কৰ্ণাটকত প্ৰৱেশ তথা অন্য় ৰাজ্যলৈ পঠিয়াবলৈ অনলাইন আবেদন কৰাৰ আহ্বান চৰকাৰৰ ।

Karnataka issues SOP for movement of stranded people; applications online

নিউজ ডেস্ক, ২ মে' : COVID-১৯ মহামাৰীৰ ফলতেই দেশত ২৪ মাৰ্চৰ মাজ নিশাৰ পৰা ঘোষণা কৰা হৈছিল লক্ ডাউন । যাৰ ফলত বিভিন্ন ৰাজ্যত বহু লোক আৱদ্ধ হৈ পৰিছিল । বৰ্তমানো দেশত চলি আছে লক্ ডাউন ।

শেহতীয়াকৈ কৰ্ণাটক চৰকাৰে লক্ ডাউনত আৱদ্ধ হৈ থকা লোক সকলক নিজা-নিজা ৰাজ্যলৈ পঠিওৱাৰ আৰু অন্যান্য ৰাজ্যত আৱদ্ধ হৈ থকা কৰ্ণাটকৰ বাসিন্দা সকলক ঘূৰাই অনাৰ বাবে এক অনলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰিছে ।

Standard Operating Procedure(SOP) মুভমেণ্টৰ অধীনত এই ব্য়ৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে । আবেদনকাৰীয়ে sevasindhu.karnataka.gov.in. ত গৈ আবেদন কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে । এই অনলাইন আবেদন বেংগালুৰু ৱান কেন্দ্ৰ আৰু বিবিএমপি (নাগৰিক নিকায়) ৱাৰ্ডৰ কাৰ্যলয়ৰ মাধ্যমৰ জৰিয়তে বেংগালুৰু আৰু অন্যান্য জিলাত জিলা উপায়ুক্তৰ দ্বাৰা কাৰ্যকৰী কৰা হ'ব ।

ইয়াৰ লগতে আবেদনকাৰী সকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা স্বাস্থ্য বিভাগৰ দ্বাৰা কৰা হ'ব বুলি উল্লেখ কৰি আবেদন সমূহ ৰাজ্যিক ভিক্তিত নিৰ্বাচন কৰা হ'ব বুলি জানিবলৈ দিয়ে । যেতিয়াই অন্যান্য ৰাজ্য সমূহৰ পৰা পঠিওৱাৰ অনুমতি লাভ কৰিব, তেতিয়াই যাত্ৰাৰ অনুমতি দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে কৰ্ণাটক চৰকাৰৰ তৰফৰ পৰা ।

ইয়াৰ বাবে প্ৰয়োজনীয় সকলো বাছ সমূহৰ ব্যৱস্থা কৰিবলৈ কৰ্ণাটক পৰিবহণ নিগমক নিৰ্দেশ দিয়া হৈছে । নডেল অফিচাৰৰ তত্বাৱধানতে বাছ সমূহ চেনিটাইজ কৰাৰ লগতে সামাজিক দূৰত্বৰ নিয়ম ইত্য়াদিৰ দিশ সমূহ চোৱা চিতা কৰা হ'ব । অৱশ্যে এই যাত্ৰাৰ বাবে যাত্ৰীয়ে মাচুল দিব লাগিব বুলি উল্লেখ কৰা হৈছে ।

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে লক্ ডাউনৰ সময়ত আৱদ্ধ হৈ থকা লোক সকলক নিজ-নিজ স্থানলৈ নিয়াৰ বাবে এবাৰৰ (one-time) অনুমতি প্ৰদান কৰিছে । বৰ্তমানে কৰ্ণাটক চৰকাৰে এই কাৰ্য সূচাৰু ৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্য়ে জেষ্ঠ আই.এ.এছ, আই.পি.এছ বিষয়াক নডেল অফিচাৰ হিচাপে নিযুক্তি কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.