ETV Bharat / bharat

মাস্ক নিপিন্ধাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা ছাগলী

উত্তৰ প্ৰদেশ আৰক্ষীৰ আজৱ কাণ্ড ৷ মাস্ক নিপিন্ধাৰ বাবেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা ছাগলী ৷ চাওঁক এই প্ৰতিবেদন ৷

author img

By

Published : Jul 27, 2020, 8:50 PM IST

Kanpur Police 'arrest' goat for not wearing mask
মাস্ক নিপিন্ধাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা ছাগলী

নিউজ ডেস্ক, 27 জুলাই : এক অস্বাভাৱিক ঘটনা,মাস্ক নিপিন্ধাৰ বাবেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা ছাগলী ৷ উত্তৰ প্ৰদেশৰ কানপুৰত সোমবাৰে সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাটো সংঘটিত হয় কানপুৰৰ বেকনগঞ্জ এলেকাত ৷ আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত মুখামুখি হয় এটা ছাগলীৰ ৷ ছাগলীটো অনাই বনাই ঘুূৰি থকা অৱস্থাতে পুলিচ জীপত উঠাই থানালৈ লৈ আহে তহলদাৰী দলটোৱে ৷ আৰক্ষীয়ে মাস্ক নিপিন্ধাকৈ অনাই-বনাই ঘূৰি থকাৰ বাবেই ছাগলীটোক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে বুলি প্ৰকাশ কৰিছে ৷

যেতিয়াই ছাগলীটোৰ গৰাকীয়ে এই বিষয়ে জ্ঞাত হয়,তেতিয়াও তেওঁ থানালৈ আহে ৷ তেওঁ আৰক্ষীক ছাগলীটো মুকলি কৰি দিবলৈ অনুৰোধ জনায় ৷ আৰু আৰক্ষীয়ে ছাগলীটোক অনাই বনাই ঘূৰি নুফুৰিবলৈ সাৱধানবাণী প্ৰদান কৰি গৰাকীক গতাই দিয়ে ৷

অৱশ্যে আনৱৰগঞ্জ আৰক্ষী চকীৰ বিষয়া চাইফুদ্দিন বেগে কয় যে,তেওঁলোকে ছাগলীটোক নহয়,ছাগলীটোৰ সৈতে মাস্ক নিপিন্ধাকৈ ঘুৰি ফুৰা এজন যুৱকহে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আনে ৷ যুৱকজনৰ লগত থকাৰ বাবে ছাগলীটোও তেওঁলোকে জীপত বহাই এইদৰে থানালৈ লৈ আনে ৷ যিয়েই নহওঁক,উত্তৰ প্ৰদেশ আৰক্ষীৰ এই কাণ্ডই এতিয়া সকলোতে হাঁহিৰ খোৰাক জগাইছে ৷

লগতে পঢ়কঃ ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল,এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.