নিউজ ডেস্ক, 10 জুলাই : আৰক্ষীৰ জালত পৰিল এসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ কাণপুৰত আঠ গৰাকী আৰক্ষীক গুলীয়াই হত্যা কৰা কুখ্যাৎ গেংষ্টাৰ বিকাশ ডুবে ৷ মধ্যপ্ৰদেশৰ উজ্জয়ন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিশাক ডুবেক ৷
উত্তৰ প্ৰদেশৰ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ দলে উজ্জয়নৰ পৰা বিকাশ ডুবেক লৈ আহে ৰাঁচীলৈ ৷ ডুবে হৈছে কাণপুৰ আৰক্ষী নিগ্ৰহ কাণ্ডৰ মূল অভিযুক্ত ৷ ছদিন ধৰি পলাতক হৈ থকা ডুবেক আৰক্ষীয়ে মন্দিৰত পূজা আগবঢ়াবলৈ যাওতে আটক কৰে ৷
গুলী চালনা ঘটনা সংঘটিত কৰাৰ পাচত আৰক্ষীয়ে সন্দান অব্যাহত ৰাখিছিল বিকাশ ডুৱেৰ ৷ কাণপুৰৰ চৌবেপুৰ আৰক্ষী চকীৰ তিনিজন আৰক্ষীয়ে বিকাশক দিছিল আৰক্ষীয়ে তালাচী চলোৱাৰ খবৰ ৷ ইতিমধ্যে তিনিওকে নিলম্বন কৰি গ্ৰেপ্তাৰ কৰা হৈছে ৷
লগতে পঢ়ক : গ্ৰেপ্তাৰৰ পিচত বিকাশ ডুবে সম্পৰ্কত নতুন তথ্য উদঘাটন আৰক্ষীৰ