ETV Bharat / bharat

সামাজিক উন্নয়নৰ হকে কাম কৰি যোৱা এগৰাকী যুৱতী - UNICEF পুৰস্কাৰ

ওড়িশাৰ বন্ধুৰী এলেকাৰ কোণ্ডু জনজাতিৰ এগৰাকী যুৱতী জুলিমা ৷ সমাজত বাল্য বিবাহৰ কুপ্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিছিল যুৱতী গৰাকীয়ে ৷

কোণ্ডু জনজাতিৰ এগৰাকী যুৱতী জুলিমা
কোণ্ডু জনজাতিৰ এগৰাকী যুৱতী জুলিমা
author img

By

Published : Dec 15, 2019, 3:21 PM IST

নেশ্যনেল ডেস্ক, 15 ডিচেম্বৰ: ওড়িশাৰ বন্ধুৰী এলেকাৰ কোণ্ডু জনজাতিৰ এগৰাকী যুৱতী জুলিমা ৷ জুলিমাই নিজ পৰিয়ালক আৰ্থিকভাৱে কিছু সমৰ্থন দিবলৈ নিজৰ শিক্ষাক জলাঞ্জলি দি শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে ৷ সেই সময়তে তাই এটা বেচৰকাৰী সংগঠনত যোগদান কৰে আৰু সমাজত বাল্য বিবাহৰ কুপ্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিছিল ৷ নিজৰ আদিবাসী সমাজখনত হোৱা প্ৰায় 12খনকৈ বাল্য বিবাহত বাধা প্ৰদানো কৰিছিল ৷

তেওঁ মুক্ত বিদ্যালয়ত নিজৰ শিক্ষা অব্যাহত ৰাখি নিজৰ বন্ধু-বান্ধৱী সকলকো বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষাৰ দিশে অগ্ৰসৰ হ'বলৈ প্ৰেৰণা প্ৰদান কৰিছিল ৷ তেওঁ সহপাঠী সকলক আগবাঢ়ি যোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ যিসকলে নামভৰ্তিত অসুবিধা হোৱাৰ বাবে নিজৰ শিক্ষা বাদ দিছিল সেইসকলৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰছিল ৷

বৰ্তমান জুলিমাই শিশু অধিকাৰ ৰক্ষা আৰু তেওঁ বাস কৰা জিলাৰ আশে পাশে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কাম কৰি আছে ৷ শিক্ষাৰ অধিকাৰ আৰু বাল্য বিবাহৰ সামাজিক কুফলৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বাবে তেওঁক UNICEF পুৰস্কাৰ প্ৰদান কৰা হৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পুৰস্কাৰৰ বাবে মনোনীত 10 লোকৰ ভিতৰত জুলিমা আছিল অন্যতম ৷ UNICEF পুৰস্কাৰ সেইসকল লোককহে দিয়া হয়, যিসকলে সমাজৰ লোকৰ হিতৰ বাবে কাম কৰি যায় ৷

লগতে পঢ়ক: ৰাষ্ট্ৰপতি ভৱনত দেশৰ শীৰ্ষস্থানীয় উচ্চশিক্ষা প্ৰতিষ্ঠানৰ 46 জন প্ৰমুখ্যৰ সন্মিলন

Intro:Body:

Julima- fights against child marriages

Julima belongs to a poor family in the Kondo tribe. She is from the Bandhudi area of Odisha. Julima put a full stop to her studies and used to work as a laborer in order to support her family financially. During that time itself, she joined an NGO, as a volunteer and fought against the social evil of child marriages in her society. In fact, she had been the sole reason for stopping about 12 child marriages in her tribal group.

While continuing her studies in the open schooling system, she encourages her friends and peers to join the school and get educated. She is further instrumental in turning her schoolmates who have discontinued their studies towards mid-school enrolment and also focusing on skills training for them.

Julima is currently working towards protecting child rights and curbing child marriages in and around the district her tribe dwells. Her struggle to fight for the right to education and against the social evil of child marriage has earned her the UNICEF Award. Julima is one of the 10 people shortlisted for this award, nation-wide. The UNICEF award is presented to those who work for the cause of uplifting their lives and of those around them, in the society.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.