ETV Bharat / bharat

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদৰ বাবে প্ৰায় ২০০০ কিলোমিটাৰ বাট অতিক্ৰম - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদৰ বাবে প্ৰায় ২০০০ কিলোমিটাৰ বাট অতিক্ৰম

দেশত চলি থকা লক ডাউনৰ মাজতেই দুজন ন্যায়াধীশৰ পৃথকে-পৃথকে প্ৰায় ২০০০ কিলোমিটাৰ বাট অতিক্ৰম কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণৰ যাত্ৰা ।

Judges traverse over 2000 km by road to assume charge as HC chief justices

author img

By

Published : Apr 26, 2020, 3:21 PM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ COVID-১৯ মহামাৰী বাবে দেশত চলি থকা লক ডাউনৰ ফলত বায়ু,যাত্ৰীবাহী ৰে'ল সেৱা বাতিল হৈ থকাৰ বাবেই গাড়ীৰে পৃথকে-পৃথকে প্ৰায় ২০০০ কিলোমিটাৰ বাট অতিক্ৰম কৰি দুজন ন্যায়াধীশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণৰ বাবে যাত্ৰা আৰম্ভ কৰিছে ।

দুয়োজন ন্যায়াধীশকে শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হৈছে । বিচাৰ প্ৰক্ৰিয়া যাতে স্তব্ধ নহয় সেইয়া নিশ্চিত কৰাৰ বাবেই দেশব্যাপী চলা লক ডাউনৰ মাজতো এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে,কলকাতাৰ উচ্চ ন্যায়ালৰ ন্যায়াধীশ দিপাংকৰ দত্তাই পুত্ৰ পৰিয়ালসহ মুম্বাই লৈ যায় । য'ত তেওঁ বম্বে উচ্চ ন্য়ায়ালয়ৰ নতুন মুখ্য় ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব । দত্তাই শনিবাৰে কলকাতাৰ পৰা মুম্বাইলৈ যাত্ৰা কৰে। সোমবাৰে দুপৰীয়া মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে এলাহাবাদ উচ্চ ন্য়ায়ালয়ৰ ন্যায়াধীশ বিশ্বনাথ ছমাদ্দাৰক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁ শ্বিলঙলৈ কলকাতাহৈ গাড়ীৰে ৰাওনা হৈছে । কলকাতা উচ্চ ন্য়ায়ালয়ত সেৱা আগবঢ়োৱা ন্যায়াধীশ ছমাদ্দাৰৰ এলাহাবাদলৈ স্থানান্তৰ হৈছিল । পুনৰ শ্বিলঙলৈ পদোন্নতি হোৱাত শুকুৰবাৰে গাড়ীৰে পত্নীসহ উত্তৰ-ভাৰতৰ পৰা যাত্ৰা আৰম্ভ কৰে । দেওবাৰে মেঘালয়ত গৈ উপস্থিত হোৱাৰ কথা ছমাদ্দাৰ ।

বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে দিপাংকৰ দত্তাক বম্বে উচ্চ ন্য়ায়ালয়ৰ ন্য়ায়াধীশ আৰু বিশ্বনাথ ছমাদ্দাৰক মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। দুয়োজন ন্যায়াধীশে ২২ জুন ২০০৬ চনত কলকাতা উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰক আছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.