গাজিয়াবাদ,22 জুলাই: বিগত 20 জুলাইত গাজিয়াবাদৰ বিজয় নগৰত বিক্ৰম জোশী নামৰ সাংবাদিক এগৰাকীৰ ওপৰত গুলীচালনা কৰা হৈছিল ৷ উক্ত ঘটনাত গুৰুত্বৰভাৱে আহত হোৱা সাংবাদিকগৰাকীয়ে অৱশেষত বুধবাৰে এক স্থানীয় চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি নিয়তিৰ ওচৰত হাৰ মানে ৷ গুলীচালনাৰ ফলত জোশীয়ে মূৰত আঘাতপ্ৰাপ্ত হৈছিল ৷ বিগত সোমবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই সাংবাদিকগৰাকীৰ ওপৰত গাজিয়াবাদত আক্ৰমণ কৰে ৷ ইতিমধ্যে ঘটনাটোত জড়িত ৰবি নামৰ দুৰ্বৃত্ত গৰাকীৰ দলটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু পলায়ন কৰি থকা অশোক নামৰ দুৰ্বৃত্ত গৰাকীৰ সন্ধানত আৰক্ষীয়ে এইপৰ্যন্ত অভিযান অব্যাহত ৰাখিছে ৷ সাংবাদিকগৰাকীয়ে নিজৰ ভতিজাকক কিছুদিনৰ পৰা অজ্ঞাত ব্যক্তিয়ে ভাবুকি প্ৰদান কৰি থকাৰ পৰিপ্ৰেক্ষিতত বিজয় নগৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰ দাখিলৰ পিছতে সাংবাদিক গৰাকীৰ ওপৰত এই আক্ৰমণ চলে ৷
জোশীৰ বাসগৃহৰ সমীপতে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ৷ এই সমগ্ৰ আক্ৰমণৰ ঘটনা ইতিমধ্যে চিচিটিভিত বন্দী হৈছে ৷ সাংবাদিকগৰাকীক আক্ৰমণ কৰাৰ পিছতে আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ হৈ জোশীৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত বিজয় নগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক নিলম্বন কৰা হয় ৷ বিক্ৰমৰ ভাতৃ অনিকেত জোশীয়ে ঘটনা প্ৰসংগত ভতিজাকক অচিনাক্ত দুৰ্বৃত্তই ধাৰাবাহিকভাৱে প্ৰদান কৰা ভাবুকিৰ পিছতে এই ঘটনাৰ বিৰোধ কৰি স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰা বুলি প্ৰকাশ কৰে ৷
ঘটনা সন্দৰ্ভত গাজিয়াবাদৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে বিজয় নগৰত এগৰাকী সাংবাদিকৰ ওপৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ পিছত যশোদা নামৰ এক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কথা প্ৰকাশ কৰে ৷
ইফালে সাংবাদিকৰ ওপৰত চলা এই গুলীচালনাৰ ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই ৷ ভদ্ৰাই ৰাজ্যৰ আইন-কানুন ব্যৱস্থাৰ সোপাঢিলা অৱস্থাটোক কটাক্ষ কৰি উত্তৰ প্ৰদেশ চৰকাৰক কঠোৰ সমালোচনা কৰে ৷ গান্ধীয়ে টুইটাৰযোগে যোগী আদিত্যনাথ চৰকাৰক কঠোৰ সমালোচনা কৰা দেখা যায় ৷
-
गाजियाबाद NCR में है। यहां कानून व्यवस्था का ये आलम है तो आप पूरे यूपी में कानून व्यवस्था के हाल का अंदाजा लगा लीजिए।
— Priyanka Gandhi Vadra (@priyankagandhi) July 21, 2020 " class="align-text-top noRightClick twitterSection" data="
एक पत्रकार को इसलिए गोली मार दी गई क्योंकि उन्होंने भांजी के साथ छेड़छाड़ की तहरीर पुलिस में दी थी।
इस जंगलराज में कोई भी आमजन खुद को कैसे सुरक्षित महसूस करेगा?
">गाजियाबाद NCR में है। यहां कानून व्यवस्था का ये आलम है तो आप पूरे यूपी में कानून व्यवस्था के हाल का अंदाजा लगा लीजिए।
— Priyanka Gandhi Vadra (@priyankagandhi) July 21, 2020
एक पत्रकार को इसलिए गोली मार दी गई क्योंकि उन्होंने भांजी के साथ छेड़छाड़ की तहरीर पुलिस में दी थी।
इस जंगलराज में कोई भी आमजन खुद को कैसे सुरक्षित महसूस करेगा?गाजियाबाद NCR में है। यहां कानून व्यवस्था का ये आलम है तो आप पूरे यूपी में कानून व्यवस्था के हाल का अंदाजा लगा लीजिए।
— Priyanka Gandhi Vadra (@priyankagandhi) July 21, 2020
एक पत्रकार को इसलिए गोली मार दी गई क्योंकि उन्होंने भांजी के साथ छेड़छाड़ की तहरीर पुलिस में दी थी।
इस जंगलराज में कोई भी आमजन खुद को कैसे सुरक्षित महसूस करेगा?
লগতে চাওকঃ জাতীয় পতাকা গ্ৰহণ দিৱস