নতুন দিল্লী,30 এপ্ৰিল : শিশুৰ বাবে প্ৰস্তুত কৰা চেম্পুত ক্ষতিকাৰক পদাৰ্থ থকাৰ অভিযোগ নাকচ কৰিলে জনচন এণ্ড জনচনে ৷ আমেৰিকাৰ কোম্পানীটোৱে শিশুৰ বাবে প্ৰস্তুত কৰা সামগ্ৰীত ক্ষতিকাৰক পদাৰ্থ থকাৰ অভিযোগ উত্থাপন কৰিছিল জয়পুৰৰ এটা গৱেষণাগাৰে ৷
উল্লেখযোগ্য যে , ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবলৈ শিশুৰ বাবে প্ৰস্তুত কৰা চেম্পুৰ বিক্ৰী বন্ধ কৰিবলৈ লিখিত ভাৱে নিৰ্দেশ প্ৰদান কৰিছিল ৷ আয়োগে গৱেষণাত চেম্পুত ক্ষতিকাৰক সামগ্ৰী থকাটো প্ৰমাণ হোৱা কথাটো প্ৰকাশ কৰে ৷
আনহাতে কোম্পানীটোৱে বৰ্তমানলৈকে বিক্ৰী বন্ধ কৰিবলৈ কোনো ধৰণৰ নিৰ্দেশনা লাভ কৰা নাই বুলি প্ৰকাশ কৰে ৷ কোম্পানীটোৱে লগতে প্ৰকাশ কৰে যে , তেওঁলোকে চেম্পুত ক্ষতিকাৰক পদাৰ্থ থকা কথাটো মানি নলয় কিয়নো এই পৰীক্ষা ভীত্তিহীন ৷ কোম্পানীটোৱে লগতে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে চেণ্ট্ৰেল ড্ৰাগছ লেবৰেটৰী পুনৰ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে ৷কিন্তু তেওঁলোক ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ নিৰ্দেশৰ বিষয়ে অৱগত নহয় বুলিও কোম্পানীটোৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় ৷
কোম্পানীটোৱে ভাৰতৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ত নিশ্চয়তা দিব বিচাৰে যে জনচন এণ্ড জনচনে প্ৰস্তুত কৰা চেম্পুত কোনো ধৰণৰ ক্ষতিকাৰক সামগ্ৰী নাই ৷ এই সামগ্ৰী সকলো প্ৰকাৰে শিশুৰ বাবে সুৰক্ষিত ৷
ইয়াৰোপৰি ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে ৰাজস্থানৰ গৱেষণাগাৰটোক জনচন এণ্ড জনচনৰ টেলকম পাউদাৰৰ পৰীক্ষাৰ তথ্য অতি শীঘ্ৰে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে ৷ উল্লেখযোগ্য যে , বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কোম্পানীটোৰ টেলকম পাউদাৰত কৰ্কট ৰোগৰ কাৰক থকাৰ অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু এই পৰীক্ষাৰ এটা মাহৰ পাচতে এই অভিযোগ ভুল বুলি প্ৰমাণিত হৈছিল ৷