ETV Bharat / bharat

JNU ছাত্ৰ-ছাত্ৰীৰ ওপৰত জপিয়াই পৰিল দিল্লী আৰক্ষী ! আধা বাটতে ৰুদ্ধ সদনলৈ বাহিৰ কৰা জোৰ সমদল

author img

By

Published : Nov 18, 2019, 5:41 PM IST

JNUৰ মাচুল বৃদ্ধিক লৈ অব্যাহত আছে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷ JNU ৰ উপাচাৰ্য এম জগদীশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংসদ ভৱনলৈ জোৰ সমদল ৷ ছাত্ৰ-ছাত্ৰীক বাধা দিল্লী আৰক্ষীৰ ৷ JNU ছাত্ৰ একতা সভাৰ সভাপতিসহ আটক শতাধিক ছাত্ৰ-ছাত্ৰী ৷

JNU ৰ মাচুল বৃদ্ধিক লৈ অব্যাহত আছে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

নিউজ ডেস্ক, 18 নৱেম্বৰ: মাচুল বৃদ্ধিক লৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অব্যাহত আছে প্ৰতিবাদ ৷ সোমবাৰে JNU ৰ উপাচাৰ্য এম জগদীশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে JNU ছাত্ৰ একতা সভাই ৷ ছাত্ৰ একতা সভাই সংসদ ভৱনলৈ বাহিৰ কৰে এক জোৰ সমদল ৷ JNU ত জাৰি কৰা হৈছে 144 ধাৰা ৷ তৎস্বতেও জোৰ সমদল ছাত্ৰ-ছাত্ৰীৰ ৷ কিন্তু বিশ্ববিদ্যালয়ৰ উত্তৰ দুৱাৰমুখতে ছাত্ৰ-ছাত্ৰীক বাধা প্ৰদান দিল্লী আৰক্ষীৰ ৷ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ একতা সভাৰ সভাপতি আইছি ঘোষক (Aishe Ghosh) আটক কৰে ৷ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই মাচুল বৃদ্ধি কৰাক লৈ যোৱা এসপ্তাহ ধৰি উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে বিশ্ববিদ্যালয়ৰ চৌহদত ৷

ছাত্ৰ একতা সভাৰ জোৰ সমদল

উল্লেখ্য যে,বিশ্ববিদ্যালয়খনৰ পূৰ্বৰ প্ৰতিমাহৰ দ্বৈত কোঠালিৰ মাচুল পূৰ্বৰ 10 টকাৰ সলনি এতিয়া 300 টকালৈ বৃদ্ধি কৰা হৈছে ৷ আনহাতে ছিংগল ৰুমৰ ভাড়া 20ৰ পৰা 600 টকালৈ আৰু হোষ্টেলত মেচৰ বাদত ছাত্ৰই ঘূৰাই পাবলগীয়া মাচুলৰ জমা ধন পূৰ্বৰ 5,500 টকাৰ পৰা 12,000 লৈ বৃদ্ধি কৰা হৈছে ৷

দিল্লী পুলিছ

দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছিংগল ৰুমৰ ভাড়া 300 টকা হোৱাৰ বিপৰীতে দ্বৈত কোঠালিৰ মাচুল হৈছে 150 টকা অৰ্থাৎ অন্যান্য ছাত্ৰ-ছাত্ৰীৰ তুলনাত অৰ্ধাংশ ৷ আনহাতে অন্যান্য মাচুলৰ ক্ষেত্ৰতো দৰিদ্ৰ সীমা ৰেখাৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ মাচুল পৰিশোধ কৰাৰ বিপৰীতে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰই সকলো মাচুলৰ আধা পৰিশোধ কৰিব লাগে ৷ এই মাচুল বৃদ্ধিক লৈয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে অসন্তুষ্টি ৷ যাৰ বাবে প্ৰতিবাদমুখৰ হৈ পৰিছে JNU কেম্পাছ ৷ ইপিনে সোমবাৰৰ পৰা সদনত আৰম্ভ হৈছে শীতকালীন অধিবেশন ৷ অহা 13 ডিচেম্বৰলৈ চলিব এই শীতকালীন অধিবেশন ৷ য'ত এই বিষয়টো উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৷

লগতে চাওক- দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ এচ এ ব’বডেৰ

Intro:Body:

JNU protest

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.