ETV Bharat / bharat

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জে এন ইউ ছাত্ৰ একতা সভাৰ মুকলি পত্ৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পূৰ্বেই আৰম্ভ হৈছে বিবাদ । বিশ্ববিদ্যালয়খনৰ উপাধ্যক্ষই শিক্ষাৰ্থীৰ হিতৰ বাবে কাম নকৰাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰীলৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিলে ছাত্ৰ একতা সভাই ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জে এন ইউ ছাত্ৰ একতা সভাৰ মুকলি পত্ৰ

author img

By

Published : Nov 12, 2020, 5:23 PM IST

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: বৃহস্পতিবাৰে সন্ধিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই অনুষ্ঠানৰ পূৰ্বেই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই এখন মুকলি পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছে, য'ত অভিযোগ উত্থাপন কৰা হৈছে যে বিশ্ববিদ্যালয়খনৰ উপাধ্যক্ষ এম জগদীশ কুমাৰে শিক্ষাৰ্থীৰ হিতৰ বাবে কাম নকৰে ।

ইয়াৰ উপৰিও পত্ৰখনত গুজৰাটৰ ঘটনাৰ বিষয়েও উল্লেখ কৰা হৈছে । বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচনৰ সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান জনাইছে ছাত্ৰ একতা সভাই । লগতে উপাধ্যক্ষ এম জগদীশ কুমাৰক তেওঁৰ বিফলতা আৰু অদূৰদৰ্শিতাৰ বাবে জগৰীয়া কৰে । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বহু নীতিৰ বিৰোধিতা কৰি পোষ্টাৰ জাৰি কৰিছে ছাত্ৰসকলে । আবেলি উত্তৰ প্ৰৱেশ দ্বাৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰো পৰিকল্পনা কৰিছে ।

কেৱল এয়াই নহয়, ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়খনৰ পৰা সন্ধানহীন হোৱা ছাত্ৰ নৱীজ আহমেদ, ৰোহিত বেমুলাৰ বিষয় উত্থাপন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ সমস্যাৰ বিষয়েও প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত অৱতাৰণা কৰে । বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববিদ্যালয়খনৰ এডমিন ব্লকৰ সমীপত স্থাপন কৰা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব । ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৰিবলগীয়া উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোকৰিয়াল নিশাংকো উপস্থিত থাকিব ।

লগতে পঢ়ক:নৌ-সেনাত সংযোজন স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিন "ভাগিৰ"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.