ETV Bharat / bharat

ভাৰ্চুৱেল ভাৰত পৰ্ব-২০২১ত অংশগ্ৰহণ কৰিব জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগে - জম্মু-কাশ্মীৰৰ পৰ্যটন

অহা ২৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ভাৰ্চুৱেল ভাৰত পৰ্ব-২০২১ত অংশগ্ৰহণ কৰিব জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগে । ভাৰ্চুৱেল ভাৰত পৰ্বৰ জৰিয়তে ভাৰতৰ বিভিন্ন কৃষ্টি-সংস্কৃতি, হস্তশিল্প, খাদ্য সম্ভাৰ আদি প্ৰদৰ্শন কৰা হ'ব ।

ভাৰ্চুৱেল ভাৰত পৰ্ব-২০২১ত অংশগ্ৰহণ কৰিব জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগে

author img

By

Published : Jan 25, 2021, 3:37 PM IST

নেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী : গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে অহা ২৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত কৰিব ভাৰ্চুৱেল ভাৰত পৰ্ব-২০২১ । কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰ্চুৱেল ভাৰত পৰ্বৰ জৰিয়তে জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগে থলুৱা কলা-কৃষ্টি প্ৰদৰ্শন কৰিব । ভাৰ্চুৱেল অনুষ্ঠানটিত ভাৰতৰ আটকধুনীয়া পৰ্যটন ক্ষেত্ৰ, খাদ্য সম্ভাৰ, হস্তশিল্প, সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত কৰা হ'ব ।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতেও বৰ্তমান কৰ'ণা মহামাৰীৰে যুঁজ দি আছে । সেয়ে ভাৰত পৰ্ব অনুষ্ঠানটি ভাৰ্চুৱেল মাধ্যমৰ দ্বাৰা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে । অনুষ্ঠানটিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ একো একোখন বিপণীও সামৰি ল'ব, য'ত পৰ্যটনৰে জড়িত সামগ্ৰী উপলব্ধ হ'ব । লগতে পৰ্যটন ক্ষেত্ৰলৈ যোৱাৰ ভিডিঅ', ৰাজ্যসমূহৰ বিশেষ আকৰ্ষণ, সাফলতাৰ কাহিনীও দেশবাসীয়ে উপভোগ কৰিব পাৰিব । খাদ্য সম্ভাৰ উপলব্ধ হোৱা বিপণী, হস্তনিৰ্মিত সামগ্ৰীৰ বিপণীও দেখুওৱা হ'ব ।

খাদ্য সম্ভাৰ উপলব্ধ হোৱা বিপণীত ৰন্ধন প্ৰণালীও প্ৰদৰ্শিত হ'ব । প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ গীত-নৃত্য প্ৰদৰ্শন কৰা হ'ব ভাৰ্চুৱেল ভাৰত পৰ্বৰ জৰিয়তে । এক ইউজাৰ মেনেজমেণ্ট ছিষ্টেমো গঢ়ি তোলা হৈছে, যাৰ দ্বাৰা অংশগ্ৰহণকাৰী আৰু দৰ্শকৰ সংখ্যাৰ তথ্য জানিব পৰা যাব । কাইলৈ অৰ্থাৎ ২৬ জানুৱাৰীৰ সন্ধিয়া ৬ বজাৰ পৰা ভাৰত পৰ্ব আৰম্ভ হ'ব । www.bharatparv2021.comত গৈ দৰ্শকে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনা নিৰ্বাচন আয়োগক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.