ETV Bharat / bharat

দামোদৰ ভেলী কৰ্পৰেশ্বনৰ পৰা কৰ্তন কৰা 14শ কোটি মুকলি কৰি দিবলৈ আহ্বান

author img

By

Published : Oct 23, 2020, 11:03 AM IST

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে প্ৰধানমন্ত্ৰী মোডীক ৰাজ্যখনৰ দামোদৰ ভেলী কৰ্পৰেশ্বনৰ নামত আৱন্টিত হোৱা ধনৰ পৰা কৰ্তন 1,417 কোটি টকা ঘুৰাই দিবলৈ আহ্বান জনাইছে ৷

দামোদৰ ভেলী কৰ্পৰেশ্বনৰ পৰা কৰ্তন কৰা 14শ কোটি মুকলি কৰি দিবলৈ আহ্বান
দামোদৰ ভেলী কৰ্পৰেশ্বনৰ পৰা কৰ্তন কৰা 14শ কোটি মুকলি কৰি দিবলৈ আহ্বান

নিউজ ডেস্ক, 23 অক্টোবৰ : ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই দামোদৰ ভেলী কৰ্পৰেশ্বনৰ বাবে প্ৰদান কৰা ধনৰ পৰা 1,417 কোটি কৰ্তন কৰা ধন ঘুৰাই দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে ৷ পত্ৰখনত তেওঁ উল্লেখ কৰা মতে,তৃতীয় পক্ষৰ সৈতে হোৱা চুক্তি অনুসৰিয়ে এই ধন কৰ্তন কৰা হৈছে যদিও কোভিড-19 মহামাৰীৰ সময়ত কেন্দ্ৰীয় চৰকাৰে এই কাৰ্য কৰিব নালাগিছিল ৷ এয়া অসাংবিধানিক,অনৈতিক আৰু দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এক চূড়ান্ত আঘাত ৷

স্বাধীন ভাৰতৰ ইতিহাসলৈ লক্ষ্য কৰা এয়া দ্বিতীয়টো ঘটনা য'ত এইদৰে আৱন্টিত হোৱা ধন পুনৰাই কৰ্তন কৰা হৈছে ৷ অন্য ৰাজ্যৰ তুলনাত ঝাৰখণ্ডক মাত্ৰ 5,500 কোটি ধন প্ৰদান কৰা হৈছিল যদিও জনগোষ্ঠীয়,দলিত আৰু সংখ্যালঘু লোকে বাস কৰা ঝাৰখণ্ডৰ পৰাই মাত্ৰাধিক ধন কৰ্তন কৰা হৈছে ৷

জানুৱাৰীত চৰকাৰ গঠন কৰাৰ সময়ত কেন্দ্ৰক প্ৰদান কৰিবলগা ধনৰ পৰিমাণ আছিল 1,312 কোটি আৰু তাৰে 741 কোটি ইতিমধ্য়ে ঘুৰাই দিয়া হৈছে ৷ কিন্তু বাকী থকা 5,514 কোটি ধন বিজেপি চৰকাৰৰ পাঁচবছৰীয়া শাসনকালতেই ঘুৰাই দিবলগীয়া আছিল যদিও সেয়া প্ৰদান কৰা হোৱা নাছিল আৰু এতিয়া এইদৰে অন্যায়ভাৱে কেন্দ্ৰই আৱন্টিত পূঁজিৰ পৰা ধন কৰ্তন কৰিছে ৷

পত্ৰখনৰ দ্বাৰা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক এইদৰে কৰ্তন কৰা ধন ঘুৰাই দিবলৈ আহ্বান কৰাৰ লগতে শক্তি বিভাগক এনেকুৱা কাম দ্বিতীয়বাৰ সংঘটিত নকৰিবলৈ কৈছে ৷ আনহাতে দামোদৰ ভেলী কৰ্পৰেশ্বনত চতুৰ্থ পক্ষ হিচাপে কয়লা মন্ত্ৰালয়কো সংলগ্ন কৰিবলৈ আহ্বান জনায় হেমন্ত চোৰেণে ৷

লগতে পঢ়ক : নাগৰিকক খাদ্য যোগান ধৰিবলৈ ওড়িশা চৰকাৰৰ অনলাইন সেৱা মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.