ETV Bharat / bharat

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন : বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰথম তালিকা ঘোষণা

author img

By

Published : Nov 10, 2019, 8:45 PM IST

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে 52 জন আৰু কংগ্ৰেছে 5 জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ উল্লেখ্য যে, 5 জানুৱাৰীত ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিব ৷

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন

নেশ্বনেল ডেস্ক, 10 নৱেম্বৰ : দেওবাৰে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) য়ে আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা প্ৰথম তালিকাত 52 জন প্ৰাৰ্থীৰ নাম প্ৰকাশ পাইছে ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবীৰ দাসে পূৱ জামছেদপুৰৰ পৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি লক্ষ্মণ গিলোৱাই চক্ৰধৰপুৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব ৷

বিজেপিৰ সভাপতি জে. পি, নাড্ডাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, পাঁচ বছৰৰ আগতে ঝাৰখণ্ড কেৱল দুৰ্নীতি আৰু অপাৰগতাৰ বাবে বিখ্যাত আছিল ৷ বৰ্তমান ৰঘুবীৰ দাসৰ নেতৃত্বত ঝাৰখণ্ডক এখন সুস্থিৰ আৰু বিকাশশীল ৰাজ্য হিচাপে পৰিচিত কৰোৱা হৈছে ৷ দুৰ্নীতি নিবাৰণ কৰাৰ লগতে ৰাজ্যখন বিকাশৰ দিশত গতি কৰিছে বুলি মন্তব্য কৰে নাড্ডাই ৷

ইয়াৰোপৰি, অনন্ত ওঝাক ৰাজমহল, লুইছ মাৰান্দীক দুমকা, ৰাজ পালিৱালক মধুপুৰ, মনিশ জয়ছৱালক হাজাৰিবাঘ, ৰাজ সিনহাক ধনবাদ আৰু চি. পি. সিঙক ৰাঁচীৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷

বিজেপিৰ উপৰি কংগ্ৰেছেও প্ৰথমখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে আৰু 5 জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হৈছে লোহাৰদাগাৰ পৰা ৰামেশ্বৰ অৰাওন, মানিকাৰ পৰা ৰামচন্দ্ৰ সিং, দালটনগঞ্জৰ পৰা কে. এন. ত্ৰিপাঠী, বিশ্ৰামপুৰৰ পৰা চন্দ্ৰশেখৰ ডুবে আৰু ভৱানাথপুৰৰ পৰা কে. পি. যাদৱ ৷

উল্লেখ্য যে, 5 জানুৱাৰীত ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিব ৷ ৰাজ্যখনে 2000 চনত বিভাজিত হোৱাৰ পাচৰ পৰা এয়া চতুৰ্থটো বিধানসভা নিৰ্বাচন ৷ 30 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ 5 টা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আৰু 23 ডিচেম্বৰত ভোটগণনা কৰা হ'ব ৷

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.