নেশ্বনেল ডেস্ক, 18 জানুৱাৰীঃ ভাৰতত উৎসৱ পাৰ্বনত প্লাষ্টিক, থাৰ্ম'কলৰ দৰে বহুতো বৰ্জিত সামগ্ৰীৰ পয়োভৰ দেখিবলৈ পোৱা যায় ৷ ভাৰতত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে চলি থকা যুদ্ধ খনৰ লগত সংযোজন ঘটাই জুগছলাই নগৰপালিকা পৰিষদে ঝাড়খণ্ডত ইয়াৰ এক প্ৰভাৱ পেলাবলৈ ভুমিকা গ্ৰহণ কৰিছে ৷ জুগছলাই নগৰপালিকা পৰিষদে 37টা আত্মসহায়ক গোটৰ সহায়ত প্লাষ্টিক প্ৰদুষণৰ পৰা মুক্ত কৰিবলৈ এটা 'বাচন বেংক' আৰম্ভ কৰিছে |
বাচন বেংক এটা অদ্বিতীয় প্ৰচেষ্টা, য'ত বিভিন্ন পাৰ্বনত বহু কম বিনিময়ত ষ্টীলৰ বাচন সমূহ ভাড়াত প্ৰদান কৰে ৷ নিৰামিষভোজী আৰু আমিষভোজী লোকৰ প্ৰতি লক্ষ্য ৰাখি এই বেংকে বাচন সমূহ দুটা বেলেগ বেলেগ স্থানত মজুত কৰি ৰাখিছে ৷
নিজৰ সেৱাসমূহৰ প্ৰসাৰণৰ বাবে জুগছলাই নগৰপালিকা পৰিষদে এটি মোবাইল নম্বৰো জাৰি কৰিছে লগতে তেওঁলোকৰ প্ৰচাৰ আৰু লাভৰ অৰ্থে হোৱাটচ এপৰ জৰিয়তে সাধাৰণ জনতাৰ সৈতে যোগাযোগ স্থাপনৰ ব্যৱস্থাও কৰিছে ৷
লগতে পঢ়কঃ ভাৰতৰ প্লাষ্টিক মুক্ত অভিযান আৰু ঝাড়খণ্ডৰ দুখন গাঁও