নিউজ ডেস্ক, ১১ জুলাইঃ কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিঙে শ্বেখাৱাটে শনিবাৰে "Pradhan Mantri Krishi Sinchai Yojana" (PMKSY) যোজনাৰ অধীনত বিভিন্ন আঁচনিৰ জৰিয়তে ধনৰাশি আগবঢ়োৱাৰ বাবে অনুমোদন জনাই ।

জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিঙে শ্বেখাৱটে ত্ৰিপুৰা,মিজোৰাম আৰু মহাৰাষ্ট্ৰৰ জল পুনৰস্থাপন কৰা বাবে ধনৰাশি প্ৰদান কৰে । তথ্য অনুসৰি মন্ত্ৰী গৰাকীয়ে এই ৰাজ্যকেইখনলৈ ৪২.৯০৫ কোটি টকা প্ৰদান কৰে । আনহাতে, ইটিভি ভাৰতত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি মন্ত্ৰী শ্বেখাৱটে ত্ৰিপুৰাৰ সাতখন জিলালৈ পাইপ প্ৰয়োগ কৰিবৰ বাবে প্ৰথম কিস্তিৰ অনুমোদন জনাই।
"Pradhan Mantri Krishi Sinchai Yojana" (PMKSY) যোজনাৰ অধিনত "Har Khet Ko Pani" (HKKP) -Groundwater Irrigation (GWI) আঁচনি জৰিয়তে ত্ৰিপুৰা আৰু মিজোৰামৰ বাবে ৮ কোটি টকা আগবঢ়াই । যাৰ দ্বাৰা চৰকাৰে মিজোৰামৰ ৭ খন জিলাত ২০৯ টিউবেল স্থাপন কৰিব । আৰু ইয়াৰ দ্বাৰা প্ৰায় ১৪৪৫ গাৰকী কৃষক লাভান্বিত হ'ব বুলি সদৰি কৰে জল শক্তি মন্ত্ৰণালয়ে । তাৰোপৰি প্ৰথম কিস্তি সম্পূৰ্ণ হোৱা পাচত কেন্দ্ৰীয় চৰকাৰে এই আঁচনি লাভ কৰা কৃষকসকলক তদন্ত কৰিব আৰু তাৰ পাচতে দ্বিতীয় কিস্তি প্ৰদান কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰে ।
লগতে চাওকঃ মানৱ অধিকাৰ ভংগঃ চীনৰ বাবে আন এক বিপদ, আন্তৰ্জাতিক আদালতে চলাব বিচাৰ