নিউজ ডেস্ক , 25 আগষ্টঃ দেওবাৰে ৰাজধানীৰ নিগামবোধ ঘাটত প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে শনিবাৰে এইমছত শেষ নিশ্যাস ত্যাগ কৰাৰ পাচতে তেওঁৰ নশ্বৰ দেহটো দক্ষিণ দিল্লীস্থিত বাসগৃহলৈ অনা হয় ৷
বিজেপিৰ কাৰ্যকৰী সভাপতি জে.পি নাদ্দাই জনোৱা অনুসৰি, জেটলীৰ বাসগৃহৰ পৰা তেওঁৰ নশ্বৰ দেহক বিজেপি মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ'ব য'ত দলীয় কৰ্মী আৰু সাধাৰণ জনতাই তেওঁক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব ৷ ইয়াৰ পাচতে তেওঁৰ নশ্বৰ দেহক নিগামবোধ ঘাটলৈ লৈ যোৱা হ'ব য'ত তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হ'ব ৷ লগতে নাদ্দাই তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে জেটলীৰ পৰিয়াল বৰ্গৰ লগত কথা পাতি কয় যে এই শোকৰ সময়ত সমূহ বিজেপি কৰ্মী তেওঁলোকৰ লগত আছে ৷ ইপিনে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰাক্তন বিত্ত মন্ত্ৰীৰ বাসগৃহত তেওঁক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷ ইয়াৰোপৰিও বহু বিজেপি নেতা সহ গৃহ মন্ত্ৰী আৰু দলীয় ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ , কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং , ড0 হৰ্ষৱৰ্ধন , কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদ , উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথ , দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল , কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ লগতে বহু বিশিষ্ট নেতা সকলে জেটলীৰ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় ৷ উল্লেখ্য যে শনিবাৰে প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকী 66 বয়সত দিল্লীস্থিত এইমছ শেষ নিশ্বাস ত্যাগ কৰে৷