ETV Bharat / bharat

আজি ভূটান ভ্ৰমণলৈ ৰাওনা হ'ব এচ জয়শংকৰ

দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ বাবেই যুটীয়া আলোচনাত মিলিত হ'ব ভাৰত-ভূটানৰ নেতৃবৃন্দ ৷

আজি ভূটান ভ্ৰমণলৈ ৰাওনা হ'ব এচ জয়শংকৰ
author img

By

Published : Jun 7, 2019, 9:04 AM IST

নতুন দিল্লী, 7 জুন : দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভূটানলৈ ৰাওনা হ'ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয়শংকৰ ৷ ভাৰত-ভূটানৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ বাবেই নিজৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত চুবুৰীয়া দেশখনলৈ ৰাওনা হ'ব নৱ নিৰ্বাচিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী ৷

এই ভ্ৰমণকালত ভূটানৰ ৰজা জিগমে খেচাৰ ৱাংগচুক আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী লিংগপ' তাণ্ডি দৰ্জীক সাক্ষাৎ কৰিব এচ জয়শংকৰে ৷ আনহাতে ভূটানৰ ৰজাৰ সৈতে লগ-লাগি দেশখনৰ বিভিন্ন জনসাধাৰণকো সাক্ষাৎ কৰিব ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷ ভাৰত-ভূটানৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ বাবে যৌথ বিনিয়োগ,অৰ্থনৈতিক উন্নয়ন আৰু হাইড্ৰ পাৱাৰ কৰ্পাৰেচনৰ যুটীয়া আলোচনাত মিলিত হ'ব দুয়োখন দেশ ৷

উল্লেখ্য যে, 30 মে'ত মোডীৰ শপতগ্ৰহণ অনুষ্ঠানতো উপস্থিত আছিল ভূটানৰ প্ৰধামন্ত্ৰী লটাই চেৰিঙৰ লগতে বিমষ্টেকৰ নেতাসকলো ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.