ETV Bharat / bharat

চিচিলিশৰ সৈতে ভাৰতে সুদৃঢ় কৰিব কৌশলগত সম্পৰ্ক

author img

By

Published : Nov 29, 2020, 2:14 PM IST

ভাৰত-চিচিলিশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে চিচিলিশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ এচ জয়শংকৰৰ ৷ কৌশলগত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে থকা ভাৰতৰ ইচ্ছাৰ কথা ৰাষ্ট্ৰপতি গৰাকীক অৱগত কৰে এচ জয়শংকৰে ৷

চিচিলিশৰ সৈতে ভাৰতে সুদৃঢ় কৰিব কৌশলগত সম্পৰ্ক
চিচিলিশৰ সৈতে ভাৰতে সুদৃঢ় কৰিব কৌশলগত সম্পৰ্ক

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : শনিবাৰে চিচিলিশ ভ্ৰমণ সমাপ্ত কৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয়শংকৰে ৰাষ্ট্ৰপতি ৱাভেল ৰামকালৱানৰ সন্মুখত ক'ভিড ত্ৰাস শেষ হোৱাৰ পাছৰ পৰ্যায়ত ভাৰত - চিচিলিশৰ মাজত কৌশলগত সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে থকা ভাৰতৰ ইচ্ছাৰ বিষয়ে অৱগত কৰে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এক বিবৃতি অনুযায়ী জয়শংকৰে ৰাষ্ট্ৰপতি ৰামকালৱানক ভাৰতীয় নেতৃত্বৰ ফালৰ পৰা ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় ৷ ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে চিচিলিশৰ কেন্দ্ৰীয় নেতৃবৃন্দক ভাৰতৰ SAGAR (Security And Growth for All in the Region) লক্ষ্যৰ বিষয়ে অৱগত কৰে ৷

ক'ৰণা অতিমাৰীৰ সময়ত ঔষধৰ লগতে জৰুৰী ড্ৰাগ সমূহ যোগান দি ভাৰতে কৰা সহায়ৰ চিচিলিশে শলাগ লয় ৷ চিচিলিশৰ বৈদেশিক মন্ত্ৰী ৰাডেগন্দেৰ সৈতেও ভাৰতৰ বৈদেশিক মন্ত্ৰী গৰাকী এক বৈঠকত মিলিত হয় আৰু দ্বিপাক্ষিক সম্বন্ধৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰে ৷ দুয়োগৰাকী মন্ত্ৰীয়ে উন্নয়ন অংশীদাৰীত্ব, প্ৰতিৰক্ষাৰ সহযোগিতা , জনসম্পৰ্ক আৰু সাংস্কৃতিক সম্পৰ্ক, ভ্ৰমণ আৰু ব্যৱসায়, স্বাস্থ্য আদি বিভিন্ন বিষয়ত আলোচনাত মিলিত হয় ৷

লগতে পঢ়ক: 21ৰ' নিৰ্বাচনত বিপিএফৰ সংগ এৰিব বিজেপিয়ে : হিমন্তৰ ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.