ETV Bharat / bharat

কংগ্ৰেছ নেতাৰ বিৰুদ্ধে মহিলা চিকিৎসকক নিৰ্যাতনৰ অভিযোগঃ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অন্ধ্ৰ প্ৰদেশৰ চিত্তৰত এগৰাকী চৰকাৰী চিকিৎসকক ওৱাই এছ আৰ চিপি নেতাই নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে সোমবাৰে ৰাজ্যখনৰ মুখ্য়মন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘটনা সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

author img

By

Published : Jun 9, 2020, 8:38 AM IST

অন্ধ্ৰ প্ৰদেশ
অন্ধ্ৰ প্ৰদেশত কংগ্ৰেছ নেতাৰ বিৰুদ্ধে মহিলা চিকিৎসকক নিৰ্যাতন চলোৱাৰ অভিযোগ, তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ৯ জুনঃ অন্ধ্ৰ প্ৰদেশৰ মুখ্য়মন্ত্ৰী ওৱাই এছ জগন মোহন ৰেড্ডীয়ে সোমবাৰে অপৰাধ অনুসন্ধান শাখাক চিত্তৰ জিলাৰ এজন চৰকাৰী চিকিৎসকক ক্ষমতাশীল কংগ্ৰেছ নেতাই কৰা নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, উপ-মুখ্যমন্ত্ৰী কে মাৰায়ণ স্বামীয়ে প্ৰতিনিধিত্ব কৰা জিডি নেল্লোৰ বিধানসভাৰ পেনুমাৰু গাঁৱৰ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসক অনিতা ৰাণীয়ে অভিযোগ কৰে যে, চিকিৎসক গৰাকীক বিগত ২২ মাৰ্চত ৱাই এছ আৰ চি পি নেতাই এটা হোষ্টেলত আৱদ্ধ কৰি ৰাখিছিল । তাৰ উপৰিও ৱাই এছ আৰ চি পি নেতা সকলৰ মতে কাম নকৰিলে চিকিৎসক গৰাকীৰ ওপৰত নিৰ্যাতন চলোৱাৰ ভাবুকি প্ৰদান কৰে বুলি অভিযোগ উত্থাপন কৰে ।

আনহাতে, ভুক্তভোগী চিকিৎসক অনিতা ৰাণীয়ে কয় যে, তেওঁলোকে মোক হাৰাশাস্তি কৰিছে, গালি দিছে আৰু ভাবুকিও প্ৰদান কৰিছে । মই প্ৰস্ৰাৱ গাৰলৈ যোৱাৰ সময়তে তেওঁলোকে মোৰ ফটো তোলে । মই আৰক্ষীৰ ওচৰলৈ ভিডিঅ' সহ তথা সকলো তথ্য লৈ গোচৰ ৰুজু কৰিবলৈ গৈছিলো যদিও ৱাই এছ আৰ চি পি নেতাসকলে মোক গোচৰ ৰুজু কৰাৰ বাবে পুনৰ ভাবুকি প্ৰদান কৰে, আৰু আৰক্ষীয়েও গোচৰ ৰুজু নকৰিলে ।

এই সকলোবোৰ হাস্পতালখনৰ নিম্ন বৰ্গৰ কৰ্মচাৰী সকলৰ ওপৰত কৰি অহা ভ্ৰষ্টাচাৰ জনসাধৰণৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা বাবেই কৰিছে বুলিও সদৰী কৰে চিকিৎসক অনিতা ৰাণীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.