ETV Bharat / bharat

সামাজিক মাধ্যমৰ নিয়মীয়া নিৰীক্ষণৰ আহ্বান জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰ

author img

By

Published : Oct 21, 2020, 8:03 PM IST

আৰক্ষীৰ স্মৃতি দিৱসত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিংহা ৷ উপ-ৰাজ্যপাল সিংহাই দুষ্কৃতিকাৰী আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপক ৰোধ কৰাৰ বাবে সামাজিক মাধ্যমৰ সমলৰ নিয়মীয়া নিৰীক্ষণ ৰখাৰ পোষকতা কৰে ৷

J&K L-G advises regular monitoring of social media content
সামাজিক মাধ্যমৰ নিয়মীয়া নিৰীক্ষণৰ আহ্বান জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰ

নিউজ ডেস্ক, 21 অক্টোবৰ: জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিংহাই বুধবাৰে দুষ্কৃতিকাৰী আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপক ৰোধ কৰাৰ বাবে সামাজিক মাধ্যমৰ সমলৰ নিয়মীয়া নিৰীক্ষণ ৰখাৰ পোষকতা কৰে ৷ আৰক্ষীৰ স্মৃতি দিৱসত এই কথা সদৰি কৰে মনোজ সিংহাই ৷

উপ-ৰাজ্যপাল মনোজ সিংহাই কয় যে, "শত্ৰুৰ দ্বাৰা ইয়াৰ অপব্যৱহাৰ হোৱাক প্ৰতিহত কৰিবলৈ সামাজিক মাধ্যমৰ সমলক নিয়মীয়াকৈ নিৰীক্ষণ কৰিব লাগিব। প্ৰতিৱেশীৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ সৈতে আমাৰ আৰক্ষীয়ে কাৰ্যকৰী ভাৱে মোকাবিলা কৰি আছে। প্ৰতিখন বিদ্যালয়, প্ৰতিটো প্ৰতিষ্ঠান আৰু কাৰ্য্যালয়ত আৰক্ষীয়ে পালন কৰা ভূমিকা সন্ধৰ্ভত অৱগত কৰোৱা উচিত। "

তদুপৰি সিংহাই আৰক্ষীৰ লোককো নিৰ্দোষী সকলক স্পৰ্শ নকৰাৰ সমান্তৰালকৈ দোষীক এৰি নিদিবলৈকো আহ্বান জনায়। উক্ত অনুষ্ঠানতে ডি জি পি দিলবাগ সিঙে কয় যে, চলিত বছৰতে ৪০ জন আৰক্ষী জোৱানে ৰাষ্ট্ৰৰ সেৱাত নিজৰ প্ৰাণ আহুতি দিছে ।

লগতে পঢ়ক : ৰাজস্থানৰ পঞ্চমুখী হনুমান মন্দিৰৰ পাহাৰত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.