ETV Bharat / bharat

মাজুলীত আৱদ্ধ যাত্ৰীক উদ্ধাৰকাৰ্যত ব্ৰতী IWT জাহাজ - 2 মে'লৈ অব্যাহত থাকিব এই সেৱা

মাজুলীত আৱদ্ধ যাত্ৰীক IWT জাহাজৰ দ্বাৰা উদ্ধাৰ কৰা হয় ৷ 25 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই অভিযানত বৰ্তমানলৈকে হাজাৰোধিক লোকক উদ্ধাৰ কৰা হয় ৷

হাজাৰোধিক লোকক উদ্ধাৰ
মাজুলীত আৱদ্ধ যাত্ৰীক উদ্ধাৰকাৰ্যত ব্ৰতী IWT জাহাজ
author img

By

Published : Apr 29, 2020, 11:40 PM IST

নেশ্য়নেল ডেস্ক, 29 এপ্ৰিল : লকডাউনৰ ফলত মাজুলীত আৱদ্ধ লোকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে 25 এপ্ৰিলৰ পৰা IWT জাহাজে সেৱা প্ৰদান কৰি আহিছে ৷ তেতিয়াৰ পৰা আজিলৈকে প্ৰায় 258 জন যাত্ৰীক মাজুলীৰ পৰা নিমাতীঘাট আৰু 724 যাত্ৰীক নিমাতীঘাটৰ পৰা মাজুলীলৈ কঢ়িয়াই নিয়ে IWT জাহাজে ৷ এই বিনামূলীয়া ফেৰী সেৱা 2 মে'লৈ অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ৷

ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত মাজুলীৰ লোকসকলেও বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগা হৈছে ৷ সেয়েহে পৰিবহণ বিভাগে এই লোকসকলৰ সাহাৰ্যাৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত এই লোকসকলৰ বাবে বিশেষ ফেৰীৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

অসমৰ ভিতৰতে জিলাসমূহৰ মাজত পৰিবহণ হোৱাকৈ এই লোকসকলক নিমাতীঘাটৰ পৰা কমলাবাৰী আৰু কমলাবাৰীৰ পৰা নিমাতীঘাটলৈ IWT জাহাজৰ জৰিয়তে নিয়াৰ ব্য়ৱস্থা কৰা হয় ৷

IWT বিষয়া আৰু যোৰহাট আৰু মাজুলী জিলা প্ৰশাসনৰ তত্বাৱধানত এই যাত্ৰীসকলৰ উদ্ধাৰকাৰ্যৰ সময়ত IWT জাহাজত COVID-19ৰ সকলোবোৰ নিৰ্দেশাৱলী যেনে, সামাজিক দূৰত্ব, ছেনিটাইজাৰ ব্যৱহাৰ, থাৰ্মেল স্ক্ৰীনিং আদি কঠোৰভাৱে পালন কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.