নেশ্বনেল ডেক্স, 17 জানুৱাৰীঃ উচ্চ ক্ষমতা সম্পন্ন ভাৰতীয় কমিউনিকেচন কৃত্ৰিম উপগ্ৰহ GSAT-30 ৰ শুকুৰবাৰে পুৱতি নিশা সফল উৎক্ষেপন সম্পন্ন হৈ যায় ৷ এই GSAT-30 কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা টেলিভিচন, টেলিকমিউনিকেচন আৰু সম্প্ৰচাৰৰ মানদণ্ড যথেষ্ট উন্নত হ'ব প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে ৷

ফ্ৰান্সস্থিত আৰিয়েন উৎক্ষেপন কেন্দ্ৰৰ পৰা স্থানীয় সময় অনুসৰি পুৱতি নিশা 2.35 বজাত সফল উৎক্ষেপন সম্পন্ন হৈ যায় এই এই GSAT-30 কমিউনিকেচন কৃত্ৰিম উপগ্ৰহৰ ৷ আৰিয়েন-5 নামৰ যানখনে উৎক্ষেপনৰ 38 মিনিটৰ অন্তত পূৰ্ৱনিধাৰিত ভাৱেই GSAT-30 উপগ্ৰহক নিদিষ্ট কক্ষপথত অৱতৰণ কৰাবলৈ সক্ষম হয় ৷