ETV Bharat / bharat

কৰ্ণাটকত ৰাজনৈতিক নাটক : 'অল ইজ নট ৱেল' য়েডুৰাপ্পা চৰকাৰৰ !

কৰ্ণাটকত আৰম্ভ ৰাজনৈতিক নাটক ৷ য়েডুৰাপ্পা নেতৃত্বাধীন চৰকাৰক লৈ অসন্তুষ্ট একাংশ বিজেপি বিধায়ক ৷ ছন্দ পতন ঘটিব নেকি য়েডুৰাপ্পা চৰকাৰৰ ৷

Is Karnataka heading for another political crisis

author img

By

Published : Jun 4, 2020, 4:02 AM IST

নিউজ ডেস্ক, 4 জুন : আন এখন ৰাজনৈতিক নাটক আৰম্ভ হৈছে কৰ্ণাটকত ৷ ৰাজ্যখনৰ কংগ্ৰেছ নেতা সিদ্ধাৰামায়াই বুধবাৰে কয় যে, একাংশ বিজেপি বিধায়কে বি এছ য়েডুৰাপ্পা নেতৃত্বাধীন চৰকাৰক লৈ তেওঁক অভিযোগ উত্থাপন কৰিছে ৷ বিধায়ক সকলৰ মতে "অল ইজ নট ৱেল" ৷ য়েডুৰাপ্পা কেৱল নামতহে মুখ্যমন্ত্ৰী হৈ আছে, কিন্তু কামে-কাজে সকলো কৰি আছে তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰই ৷

একাংশ জ্যেষ্ঠ বিধায়কৰ মন্ত্ৰীত্বৰ লালসা আৰু ৰাজ্যসভা তথা ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিৰ ভিতৰ চ'ৰাত ৰাজনীতি আৰম্ভ হৈছে ৷ উত্তৰ কৰ্ণাটকৰ বহুকেইজন বিধায়কে জ্যেষ্ঠ বিধায়ক উমেশ কাট্টিৰ বাসগৃহত ভোজমেলতো মিলিত হৈছে ৷

সূত্ৰমতে, একাংশ বিধায়কে এই বৈঠকত য়েডুৰাপ্পাৰ কাৰ্যপন্থা আৰু তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰই সকলো কামতে হস্তক্ষেপ কৰা কাৰ্যৰ বিৰুদ্ধে অসন্তুষ্টিও প্ৰকাশ কৰিছে ৷ সিদ্ধাৰামায়াই উল্লেখ কৰা অনুসৰি বিজয়েন্দ্ৰক মানুহে 'অসাংবিধানিক মুখ্যমন্ত্ৰী' বুলি ক'বলৈ ধৰিছে ৷

Is Karnataka heading for another political crisis
'অল ইজ নট ৱেল' য়েডুৰাপ্পা চৰকাৰৰ !

উল্লেখ্য যে, সিদ্ধাৰামায়াই কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ পদৰ বাবে শিৱকুমাৰৰ বিৰোধিতা কৰিছিল ৷ যাৰ বাবে তেওঁ দলত মৰ্যদা হেৰুৱাব লগা হৈছিল ৷ পঞ্চায়ত নিৰ্বাচন পিচুওৱাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছে এই সন্ধৰ্ভত আদালতৰ দ্বাৰস্থ হ'ব ৷

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিজেপি চৰকাৰক অস্থিৰ কৰিতোলাৰ কোনো প্ৰয়োজন নাই অথবা এই চৰকাৰ ভাঙি গ'লেও আচৰিত হ'ব লগা একো নাই ৷ আমি মাত্ৰ অপেক্ষা আৰু প্ৰত্যক্ষহে কৰিম ৷

সিদ্ধাৰামায়াৰ এইসমূহ অভিযোগৰ প্ৰত্যুত্তৰত কৰ্ণাটকৰ গ্ৰামোন্নয়ন মন্ত্ৰী কে এছ এশ্বাৰাপ্পাই কয় যে, এইসকল বিধায়কে সহযোগিতা আগবঢ়াব আৰু বিজেপি চৰকাৰক অস্থিৰ কৰি তুলিব পাৰিব বুলি সিদ্দাৰামাই কেৱল দিবাস্বপ্ন হে দেখিছে ৷ এইয়া কেতিয়াও সম্ভৱ নহয় ৷

কিন্তু কৰ্ণাটকৰ ৰাজনৈতিক অস্থিৰতাৰ ইতিহাস চালে দেখা যায় যে, বেছি সংখ্যক ঘটনা চৰকাৰ ভংগৰ ফলতে হৈছে ৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান অথবা ভাবুকিৰ সন্মুখীন হ'ব বুলি এতিয়াই লিখিব পৰা নাযায় ৷ এতিয়া অপেক্ষা মাথোঁ সময়লৈ ৷

লগতে পঢ়ক : মুম্বাইত তাণ্ডৱ চলায় মধ্যপ্ৰদেশৰ দিশে ঘূৰ্ণী বতাহ নিসৰ্গ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.