ETV Bharat / bharat

মধ্য প্ৰাচ্যত যুদ্ধৰ দাৱানলঃ ইৰাকৰ 2 মাৰ্কিন সামৰিক ঘাটিত ইৰানৰ মিছাইল আক্ৰমণ

author img

By

Published : Jan 8, 2020, 8:20 AM IST

Updated : Jan 8, 2020, 1:36 PM IST

3 জানুৱাৰীত আমেৰিকাই এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে ইৰাণৰ অল-কুৱাড ফ'ৰ্ছৰ প্ৰধান জেনেৰেল কাছিম চুলেইমানিক হত্যা কৰিছিল ৷ চুলেইমানিয়ে বাঘদাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গৈ থকা অৱস্থাত আমেৰিকাই এই এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰিছিল ৷ এই এয়াৰ ষ্ট্ৰাইকত জেনেৰেল চুলেইমানিৰ লগতে ইৰাকৰ হাছাড অল-ছাবি পেৰামিলিটাৰী ফ'ৰ্ছৰ উপ-প্ৰধানো নিহত হৈছিল ৷ আমেৰিকাৰ সংঘটিত কৰা এই এয়াৰ ষ্ট্ৰাইকৰ প্ৰতিশোধ ল'বলৈ বুধবাৰে ইৰাণে ইৰাকত থকা 2টা মাৰ্কিন সামৰিক ঘাটিত মিছাইল আক্ৰমণ চলায় ৷

middle east
মধ্য প্ৰাচ্য

নিউজ ডেস্ক, 8 জানুৱাৰীঃ বুধবাৰে পুৱতি নিশা আমেৰিকাক প্ৰত্যুত্তৰ দি ইৰাকত থকা 2টা মাৰ্কিন সামৰিক ঘাটিত মিছাইল আক্ৰমণ চলালে ইৰাণে ৷ 3 জানুৱাৰীত আমেৰিকাই এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে ইৰানৰ সামৰিক জেনেৰেল কাচিম চুলেইমানি হত্যা কৰাৰ বাবে ইৰাণে প্ৰতিশোধ ল'বলৈ এই সংঘটিত কৰে ৷

মধ্য প্ৰাচ্যত যুদ্ধৰ দাৱানল

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে একপক্ষীয়ভাৱে বিশ্ব শক্তিৰ সৈতে তেহৰানৰ পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তৰ পাচতে বিগত কিছু মাহৰ পৰা মধ্যপ্ৰাচ্যত ক্ৰমাগতভাৱে উত্তেজনা বৃদ্ধি পাইছিল ৷ এই উত্তেজনাৰ পৰিস্থিতিও ইৰানৰ দ্বাৰা বুধবাৰে কৰা এই মিছাইল আক্ৰমণৰ মূল কাৰণ ৷ কিন্তু ইৰানীয়ান সংবাদমাধ্যমে জনোৱা অনুসৰি আমেৰিকাই সামৰিক জেনেৰেল কাচিম চুলেইমানি হত্যা কৰাৰ প্ৰতিশোধ ল'বলৈ ইৰাণে এই আক্ৰমণ চলায় ৷ মঙলবাৰে চুলেইমানিৰ গৃহ চহৰ কেৰমানত তেওঁৰ মৃতদেহ লৈ এক সমদল উলাওৱা হয় আৰু সমদলত ভাগ লোৱা লোক সকলে তেওঁৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ দাবী উত্থাপন কৰে ৷ এই সমদলৰ কিছু ঘন্টাৰ পাচতে ইৰাণে এই মিছাইল আক্ৰমণ কৰে ৷ চুলেইমানিৰ হত্যা আৰু ইৰাণৰ দ্বাৰা মিছাইলৰ আক্ৰমণে বিগত কিছু বৰ্ষৰ পৰা প্ৰথম বাৰৰ বাবে এই কথা প্ৰতিয়মান কৰে যে, ওৱাশিংটন আৰু তেহৰানে পৰোক্ষ ভাৱে আক্ৰমণ কৰাতকৈ প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে ৷ এই ঘটনাৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ মাজত মুকলি সংঘৰ্ষৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ ইৰানৰ 1979ৰ ইছলামিক ক্ৰান্তিৰ পাচৰে পৰা দুয়োখন ৰাষ্ট্ৰ শত্ৰু আছিল ৷

মাৰ্কিন বিষয়াই দুয়োটা ষ্ট্ৰাইকক নিশ্চিত কৰে যদিও ইৰানে কেৱল এটা সামৰিক ঘাটিতহে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰে ৷ লগতে আমেৰিকাই ইৰাকৰ কুৰ্দ ক্ষেত্ৰস্থিত ইৰবিলত আন এটা মিছাইল আক্ৰমণৰ কথাও স্বীকাৰ কৰে ৷ অৱশ্যে বুধবাৰৰ এই আক্ৰমণত আমেৰিকাই কোনো হতাহতিৰ বিষয়ে উল্লেখ কৰা নাই যদিও ইৰানীয়ান সংবাদ মাধ্যমৰ তথ্য অনুসৰি ইৰাকত হোৱা এই মিছাইল আক্ৰমণত 80 জন মাৰ্কিন সেনা নিহত হয় ৷ ইপিনে ইৰাকৰ মাৰ্কিন সামৰিক ঘাটিত মিছাইল আক্ৰমণ সংঘটিত কৰাৰ পাচতে ইৰানৰ বৈদেশিক মন্ত্ৰী জাভেদ জাৰিফে মন্তব্য কৰে যে, আমেৰিকাই ইৰানৰ সাধাৰণ নাগৰিক আৰু বিষয়া সকলক সামৰিক আক্ৰমণ চলাইছে ৷ সেয়ে ৰাষ্ট্ৰসংঘৰ চনদৰ 51 নং অনুচ্ছেদ অনুসৰি ইৰানে আত্মৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক - ইৰান সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাৱধানবাণী ইউনেস্ক'ৰ

ZCZC
PRI GEN INT
.BAGHDAD FGN4
IRAQ-ROCKET ATTACK
Nine rockets hit Iraq base housing US troops: security sources
         Baghdad, Jan 8 (AFP) At least nine rockets slammed into an Iraqi airbase in the country's west early Wednesday where US and coalition forces are based, security sources told AFP.
         The attack on the Ain al-Asad airbase came after pro-Tehran factions in Iraq had vowed to join forces to "respond" to an American drone strike that killed Iranian general Qasem Soleimani and Iraqi top commander Abu Mahdi al-Muhandis in Baghdad last week. (AFP)
ANB
ANB
01080511
NNNN
Last Updated : Jan 8, 2020, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.