ETV Bharat / bharat

দাৰিদ্ৰতা নিৰ্মূলৰ অভিনৱ পন্থা : অভিজিত - ডুফ্লোৰ বাস্তৱধৰ্মী প্ৰচেষ্টা - article on nobel laureate abhijit banerjee

ন'বেলজয়ী অৰ্থনীতিবিদ দম্পত্তি অভিজিত - ডুফ্লোৰ দাৰিদ্ৰতা নিৰ্মূলৰ অভিনৱ পন্থাক এই নিবন্ধৰ জৰিয়তে আলোচনা কৰা হ'ল ৷

অভিজিত বেনাৰ্জী আৰু নৰেন্দ্ৰ মোডী
author img

By

Published : Oct 25, 2019, 1:49 PM IST

Updated : Oct 25, 2019, 1:56 PM IST

নিউজ ডেস্ক, 25 অক্টোবৰ : উন্নয়নৰ পথত বিকাশশীল দেশসমূহে সন্মুখীন হোৱা সমস্যাসমূহ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি ৷ শিশুৰ টীকাকৰণকে ধৰি মহৰ কামোৰৰ পৰা শিশুক ৰক্ষা কৰা, নিয়মিতভাৱে বিদ্যালয়ৰ শ্ৰেণীত অংশগ্ৰহণ কৰোৱা, শিশুসকলক অধ্যয়নৰ বাবে মনোনিৱেশ কৰোৱা ইত্যাদি বিষয়সমূহ প্ৰায়ভাগ বিকাশশীল দেশৰে কৰ্মসূচীৰ ক্ষেত্ৰত দেখা দিয়া বৃহৎ প্ৰত্যাহ্বান ৷ যেতিয়ালৈকে এইসমূহ সমস্যাৰ উপযুক্ত সমাধানসূত্ৰ উলিয়াব নোৱাৰি তেতিয়ালৈকে লক্ষ লক্ষ শিশু বিভিন্ন ৰোগত আক্ৰান্ত হ'ব, সহস্ৰাধিক শিশুৰ মৃত্যু ঘটিব তথা বিদ্যালয়ত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবেই সমাজত নিৰক্ষৰতা বৃদ্ধিৰ লগতে আঞ্চলিক সমস্যাসমূহ অব্যাহত থাকিব ৷

শেহতীয়াভাৱে অৰ্থনীতিৰ ন'বেল প্ৰাপক তিনি বিশিষ্ট অৰ্থনীতিবিদৰ ভিতৰত ভাৰতীয় মূলৰ অভিজিত বেনাৰ্জীয়ে মানৱ সভ্যতাৰ ক্ষেত্ৰত দেখা দিয়া এনেবোৰ প্ৰত্যাহ্বানৰ উপযুক্ত সমাধান সূত্ৰ বিচাৰি উলিয়াইছে ৷ যাৰ বাবে তিনি বিশিষ্ট অৰ্থনীতিবিদক ন'বেল বঁটাৰে বিভূষিত কৰা হৈছে ৷ অভিজিত বেনাৰ্জী - কলকাতাৰ প্ৰেছিডেন্সী কলেজ তথা দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা গৈ বিশ্বৰ দাৰিদ্ৰতা নিৰ্মূলৰ বাবে এক প্ৰগতিশীল তথা সূক্ষ্ম সমাধান সূত্ৰ উদ্ভাৱনত ব্ৰতী হ'ল ৷ এয়া সমগ্ৰ ভাৰতবাসীৰ বাবেই এক গৌৰৱৰ সময় ৷ বিশ্বৰ প্ৰায়ভাগ দেশেই এতিয়া বজাৰমূখী অৰ্থনীতিত মনোনিৱেশ কৰিছে ৷ এই জটিল সন্ধিক্ষণত চৰকাৰসমূহে প্ৰত্যক্ষ ব্যৱহাৰিক তথা জনকল্যাণকামী আঁচনি, ৰাজসাহাৰ্য আৰু উদগণিমূলক সাহাৰ্য আঁচনি আদিৰ পৰা ক্ৰমাৎ আঁতৰি আহিছে ৷ কিন্তু, এই ন'বেল প্ৰাপক গৱেষকসকলে দৰিদ্ৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে নতুন উদ্ভাৱনী সূত্ৰই আশাৰ সঞ্চাৰ ঘটাইছে ৷

সমাধান সূত্ৰ :

পৰম্পৰাগত অৰ্থনৈতিক তত্বসমূহে দুখীয়া আৰু দৰিদ্ৰতাৰ কৱলত পৰা জনসাধাৰণৰ বিভিন্ন সমস্যাসমূহৰ দিশসমূহ পৰ্যালোচনা অথবা অৱলোকন কৰাত ব্যৰ্থ হৈছে ৷ অভিজিত বেনাৰ্জীৰ গৱেষক দলটোৱে এইক্ষেত্ৰত এটা উপযুক্ত আৰু নিৰ্দিষ্ট প্ৰামাণিক সূত্ৰ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে, য'ত জনস্বাস্থ্য, শিক্ষা, অৰ্থনৈতিক বিকাশ - উপভোগ্যতা আদি দৰিদ্ৰ জনসাধাৰণৰ দিশসমূহ বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে ৷ এক বাস্তৱধৰ্মী দৃষ্টিকোণেৰে এই দিশসমূহ পৰ্যালোচনা কৰা হৈছে ৷ বিদ্যায়তনিক বিশ্লেষণৰ বিপৰীতে বাস্তৱ জীৱনৰ পৰিপূৰ্ণ অধ্যয়নেৰে এই সমাধান সূত্ৰসমূহ উলিওৱা হৈছে ৷ বৰ্তমানৰ নতুন সামাজিক পৰম্পৰাক গতি দিয়াৰ ক্ষেত্ৰত ইয়াক ভূয়সী প্ৰশংসা কৰা হৈছে ৷

অভিজিত - ডুফ্লোৰ এই 'দৰিদ্ৰ অৰ্থনীতি'য়ে দাৰিদ্ৰতাৰ কৱলত পৰা জনসাধাৰণৰ জীৱন আৰু দৰিদ্ৰ অৱস্থাক অধ্যয়ন কৰাৰ শ্ৰেয় লাভ কৰিছে ৷ এই অধ্যয়নত দুখীয়া জনসাধাৰণৰ আশা-আকাংক্ষা আৰু ব্যয় ক্ষমতা সম্পৰ্কত তথা এক নিৰ্দিষ্ট আয়ৰ সকলো দিশ বৰ্ণনা কৰা হৈছে ৷ অধ্যয়নটোত দুখীয়া মানুহে স্বাস্থ্যসন্মত খাদ্য আৰু স্বাস্থ্য বীমা আদিৰ দৰে বিষয়সমূহক অগ্ৰাহ্য কৰি টেলিভিছন ক্ৰয় কৰাৰ দৰে মানসিকতাক পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছে ৷ অভিজিত বেনাৰ্জীৰ গৱেষণা পত্ৰত দাৰিদ্ৰতাৰ কৱলত পৰা জনসাধাৰণৰ স্বাস্থ্য শ্ৰীবৃদ্ধিৰ বাবে প্ৰয়োজনীয় টীকাকৰণ, প্ৰয়োজনীয় দাইল-মাহজাতীয় খাদ্য আদি কেনেদৰে আগবঢ়াব পৰা যায় তাৰো বিশ্লেষণ কৰা হৈছে ৷ গৱেষক দলে প্ৰশাসন ব্যৱস্থাটোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আসোৱাহ বা বাধাৰ প্ৰাচীৰ হিচাপে দেখা দিয়া জনসেৱাৰ বিষয়সমূহ, শাসন যন্ত্ৰটোৰ ভ্ৰান্ত ধাৰণাই কেনেদৰে দাৰিদ্ৰ নিৰ্মূলত বিৰূপ প্ৰভাৱ পেলায় তাৰ পূৰ্ণ বিশ্লেষণ আগবঢ়াইছে ৷ ন'বেল প্ৰাপক অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীৰ বিশ্বাস যে, উপযুক্ত তথা প্ৰয়োজনীয় তথ্যৰ সৰবৰাহ, সাধাৰণভাৱে আগবঢ়োৱা প্ৰযুক্তিগত সুবিধা আৰু সামান্য অৰ্থনৈতিক সহযোগিতাই দাৰিদ্ৰতাৰ কৱলত পৰা জনসাধাৰণৰ জীৱন ধাৰণৰ মান পৰিৱৰ্তনত ব্যাপক প্ৰভাৱ পেলাব ৷

দাৰিদ্ৰতা এক সামাজিক ব্যাধি :

বিশ্বত সম্প্ৰতি দেখা দিয়া যিকোনো ৰোগৰ পৰা উপযুক্ত সময়ত আৰু সঠিক চিকিৎসা আৰু পৰিচৰ্যাৰে উপশম ঘটাব পাৰি ৷ পৰীক্ষাগাৰত ৰোগ নিৰ্ণায়ক আধুনিক ব্যৱস্থাৰে উপযুক্ত ঔষধ পৰিবেশন কৰিব পাৰি ৷ ঠিক একেদৰে দাৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ দৰে সামাজিক তথা অন্যান্য অৰ্থনৈতিক বিষয়সমূহৰ ক্ষেত্ৰতো উপযুক্ত বিশ্লেষণেৰে সমাধান সূত্ৰ উলিয়াব পৰা যায় ৷ এই মূল সূত্ৰক সাৰোগত কৰিয়েই ন'বেল বিজয়ী অৰ্থনীতিবিদ গৰাকীয়ে দাৰিদ্ৰতা নিৰ্মূলৰ সমাধান সূত্ৰৰ বাবে পৰীক্ষা চলাইছিল ৷ এই সমস্যাৰ সমাধানৰ বাবে পৰীক্ষাগাৰত চলোৱা পৰীক্ষণৰ দৰেই তেওঁলোকেও বিভিন্ন বিষয়ক সামৰি লৈছিল ৷ সেই সূত্ৰে দাৰিদ্ৰতাৰ সমস্যাসমূহক ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰশ্নলৈ বিভাজিত কৰি সমাধান সূত্ৰ উলিয়াব পৰাৰ এক নীতি আগবঢ়োৱা হৈছে ৷ এই প্ৰক্ৰিয়াত বিশেষজ্ঞৰ দলটোৱে একেই ৰাজনৈতিক মতাদৰ্শ থকা, সম পৰ্য়ায়ৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমিল-মিল থকা ব্যক্তি আৰু পৰিয়ালক অধ্যয়নৰ কেন্দ্ৰ হিচাপে হাতত লৈছিল ৷ তেওঁলোকক বিশেষ কিছুমান উপভোগ্য সামগ্ৰী, সেৱা আৰু সা-সুবিধা আগবঢ়াই দাৰিদ্ৰতাৰ বিভিন্ন দিশসমূহ বিশ্লেষণ কৰা হয় ৷ এই একেই সমীক্ষা পৰিয়ালৰ বা সমাজৰ আন ব্যক্তিসকলৰ লগতো কৰিব পৰা যায় ৷ এই প্ৰক্ৰিয়াত অৰ্থনীতিৰ ব্যৱহাৰিক নীতিকো সামৰি ল'ব পৰা যায় ৷ বিশেষজ্ঞসকলৰ অভিমত, এটা নিৰ্দিষ্ট শ্ৰেণীৰ জনসাধাৰণৰ এনেবোৰ সমস্যাৰ উপযুক্ত সমাধান সূত্ৰ উলিওৱাৰ ক্ষেত্ৰত বাস্তৱ সিদ্ধান্ত ল'ব পৰা যায় ৷ ইয়াকে প্ৰামাণিক আৰ্হি বুলিও কোৱা হয় ৷ কিছুমান অৰ্থনীতিবিদে এই প্ৰক্ৰিয়াক সমালোচনা কৰি এইবুলি মন্তব্য দিছিল যে, এই সূত্ৰই বিকাশমূখী ব্যৱস্থাৰ ক্ষেত্ৰত দৃষ্টি নিবদ্ধ কৰা নাই লগতে আন্তগাঁথনি আৰু উদ্যমিতাৰ বিষয়সমূহক ই এৰাই চলিছে ৷ অৱশ্যে বিশ্বৰ দাৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ গৱেষণাৰ ক্ৰমাগত প্ৰয়োজন আছে বুলিও মন্তব্য কৰে ৷ উল্লেখ্য যে, অভিজিত বেনাৰ্জী আৰু তেওঁৰ পত্নী ডুফ্লোই ইতিমধ্যেই বিশ্বৰ বিভিন্ন বিকাশশীল দেশত 'আব্দুল জামিল দাৰিদ্ৰতা নিৰ্মূল গৱেষণা কেন্দ্ৰ' স্থাপনেৰে মানৱ কল্যাণৰ হকে কাম কৰি আছে ৷ মন কৰিবলগীয়া যে, ন'বেল প্ৰাপক অৰ্থনীতিবিদ দম্পতিয়ে কেৱল সজাগতা সৃষ্টিয়ে নহয় বিশ্বৰ বিভিন্ন দেশত বিনামূলীয়াকৈ আঁঠুৱা বিতৰণ কৰি 45 মিলিয়ন মানুহক মেলেৰিয়া ৰোগৰ পৰা ৰক্ষা কৰিছে ৷ এয়া নিশ্চয়কৈ এক বৃহৎ সফলতা ৷ আনহাতে, আফ্ৰিকাত অভিজিত দম্পতিয়ে ঔষধ বিতৰণ কৰি শিশুসকলক সোঁচৰা ৰোগৰ পৰা ৰক্ষা কৰি বিদ্যালয়ত উপস্থিতি লক্ষণীয়ভাৱে বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল ৷ একেদৰে ইণ্ডোনেছিয়াত হিতাধিকাৰীসকলে কেনেধৰণৰ আৰু কিমান পৰিমাণৰ ৰাজসাহাৰ্য যুক্ত খাদ্য সামগ্ৰী লাভ কৰিব তাৰ ছপা প্ৰতিলিপি উলিয়াই বিতৰণ কৰা কাৰ্যই চৰকাৰী বিতৰণ ব্যৱস্থাত চলি থকা দূৰ্নীতি হ্ৰাস কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁলোকৰ কৰ্ম আঁচনিৰ বাবে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে ৷ ৰাজস্থানত স্বাস্থ্য সুৰক্ষাৰ বাবে আগবঢ়োৱা টীকাকৰণৰ বাবদ বিনামূলীয়া খাদ্য সামগ্ৰী আগবঢ়োৱা হৈছিল ৷ এই ব্যৱস্থাৰ বাবেই টীকাকৰণ প্ৰক্ৰিয়াত পূৰ্বৰ 5 শতাংশৰ বিপৰীতে 40 শতাংশলৈ বৃদ্ধি পাইছিল ৷ বিহাৰত ব্যাপক হাৰত ৰাজসাহাৰ্য যুক্ত আয়ৰণযুক্ত নিমখ বিতৰণ কৰা হৈছিল ৷ উক্ত নিমখ মধ্যাহ্ন ভোজন আঁচনিতো ব্যাপকভাৱে ব্যৱহাৰ হৈছিল যাৰ ফলত এনেমিয়াৰ দৰে ৰোগৰ সমস্যা দূৰীকৰণত সফল হোৱা দেখা গৈছিল ৷ অৰ্থনীতিবিদদ্বয়ে প্ৰমাণ কৰিছে যে, দুখীয়াৰ মাজত প্ৰত্যক্ষভাৱে আগবঢ়োৱা অৰ্থনৈতিক সাহাৰ্যৰ ফলত শিশুৰ পুষ্টিকৰ আহাৰ সেৱন বৃদ্ধি পাইছিল আৰু সেই শিশুসকলৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰত বিশাল প্ৰভাৱ পৰিলক্ষিত হৈছিল ৷ এইটোও প্ৰমাণিত হৈছে যে, এনেধৰণৰ জনকল্যাণমূলক আঁচনিয়ে বিশ্বৰ কোনো এখন দেশতে মানুহৰ মাজত কৰ্মৰ প্ৰতি অনীহা বৃদ্ধি কৰা পৰিলক্ষিত হোৱা নাই ৷ অৰ্থনীতিবিদ অভিজিতে দাবী কৰে যে, এনে ধৰণৰ জনকল্যাণমূলক আঁচনিৰ ফলত জনসাধাৰণৰ মাজত কৰ্মক্ষমতা বৃহৎ হাৰত বৃদ্ধিহে পাব ৷ অৰ্থনীতিবিদদ্বয়ে মত প্ৰকাশ কৰে যে, দুখীয়া জনসাধাৰণৰ মাজত অতিৰিক্ত ধনৰ আমদানী হ'লে অৰ্থনীতিৰ সামূহিক চাহিদা বৃদ্ধি পোৱাৰ উপৰিও বিকাশৰ গতি বৃদ্ধি ঘটাৰ লগতে সমাজত এক সুস্থ আৰু প্ৰগতিশীল গতি তৰান্বিত হ'ব ৷ অৰ্থনীতিবিদদ্বয়ে চলোৱা এই ব্যৱহাৰিক পৰীক্ষণ সফল প্ৰমাণিত হৈছে ৷

উন্নয়নৰ সূচীত পিছপৰি ৰোৱা :

বিশ্বৰ বহু বিকাশশীল দেশৰ অগ্ৰগতিৰ তুলনাত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ লক্ষণীয়ভাৱে ক্ষিপ্ৰতৰ হৈছে ৷ কিন্তু বিশ্বৰ উন্নয়নশীল দেশৰ তালিকাত মানুহৰ বিকাশৰ হাৰৰ ক্ষেত্ৰখনৰ সূচীত ভাৰতৰ স্থান 189 দেশৰ ভিতৰত 130 সংখ্যক দেখোৱা হৈছে ৷ একেদৰে বিশ্বৰ 117 খন দেশৰ দাৰিদ্ৰতাৰ সূচীত ভাৰতৰ স্থান 102 আৰু বিশ্বৰ 156 খন সুখী দেশৰ তালিকাত ভাৰতৰ স্থান 140 সংখ্যক দেখোৱা হৈছে ৷ বিশ্ব বেংকৰ গৱেষণাপত্ৰত এইবুলিও কোৱা হৈছে যে, ভাৰতৰ 20 শতাংশ জনসাধাৰণে দাৰিদ্ৰতাৰ সৈত যুঁজ দি আছে ৷ UNICEF ৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে, ভাৰতবৰ্ষত মৃত্যুমুখত পৰা শিশুসকলৰ ভিতৰত 69 শতাংশৰে পুষ্টিহীনতাত মৃত্যু ঘটে ৷ একেদৰে 17 শতাংশ শিশুৰ শাৰীৰিক ওজন আৰু উচ্চতা বিশ্বমানৰ নহয় ৷ আনহাতে, ভাৰতীয় বিদ্যালয় শিক্ষাৰ এক প্ৰতিবেদন মতে, প্ৰাথমিক শিক্ষাখণ্ডৰ 30 শতাংশ শিশুয়ে নিয়মিতভাৱে শ্ৰেণীকোঠাত উপস্থিত নাথাকে ৷ ইয়াৰোপৰিও, অৰ্দ্ধেক সংখ্যক প্ৰাথমিক বিদ্যালয়ৰ শিশুয়ে লিখিব আৰু পঢ়িব নাজানে৷ তেওঁলোকে প্ৰাথমিক সংখ্যাও ভালদৰে নাজানে ৷ প্ৰাথমিক শিক্ষাখণ্ডৰ প্ৰতি চাৰিটি শিশুৰ বিপৰীতে এটি শিশুৱে প্ৰাথমিক শিক্ষাতে বিদ্যালয় ত্যাগ কৰে ৷ OXFOM ৰ এক প্ৰতিবেদন মৰ্মে ভাৰতবৰ্ষত অৰ্থনৈতিক আয়ৰ বৈষম্যতা সৰ্বাধিক ৷ দেশৰ 73 শতাংশ সম্পত্তি মুঠ জনসংখ্যাৰ 1 শতাংশ লোকৰ হাতত আছে ৷ আনহাতে, জনসংখ্যাৰ 50 শতাংশ লোকে দেশৰ 1 শতাংশ সম্পদহে উপভোগ কৰে ৷ এই ব্যৱস্থাৰ ক্ষেত্ৰত অৰ্থনৈতিক বৈষম্যতা দূৰ কৰাৰ বাবে সামাজিক উত্তৰণ ব্যৱস্থা হাতত লোৱাটো সময়ৰ সৰ্বোপৰি আহ্বান ৷ ৰাষ্ট্ৰসংঘই আগবঢ়োৱা বিকাশৰ লক্ষ্য আহৰণৰ ক্ষেত্ৰত এক উদ্ভাৱনমূলক অৰ্থনৈতিক নীতি গ্ৰহণ কৰাটো তেনেই প্ৰয়োজন ৷ ন'বেল বিজয়ী অৰ্থনীতিবিদগৰাকীৰ পৰীক্ষামূলক ব্যৱস্থা আৰু কাৰ্যকৰীকৰণে দেশৰ অৰ্থনীতি আৰু দাৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত ব্যাপক সঁহাৰি দিব পাৰে ৷ এই ক্ষেত্ৰত আমি বিভিন্ন সমস্যাৰ পৰ্যালোচনা আগবঢ়াই এক সমাধান সূত্ৰ উলিয়াব পাৰো ৷ নিম্ন ব্যয় সাপেক্ষে এই আঁচনি কাৰ্যকৰী কৰিব পৰা যায় ৷ ন'বেল বিজয়ী অৰ্থনীতিবিদ গৰাকীৰ নীতি সাৰোগত কৰি চৰকাৰী ধনৰ সৎ ব্যৱহাৰ কৰিলে উপযুক্ত ফলাফল লাভ কৰিব পৰা যাব ৷ দেশৰ পৰা দাৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এনে উদ্ভাৱনী আঁচনি গ্ৰহণ কৰাটো আটাইতকৈ প্ৰয়োজন ৷

ATTN PARIKALPITA

---------- Forwarded message ---------
From: Verghese P <verghese.p@etvbharat.com>
Date: Fri, Oct 25, 2019 at 11:41 AM
Subject: Fwd: Original Articles
To: Vishwanath Suman <vishwanath.suman@etvbharat.com>, PRABHA PANDEY <prabha.pandey@etvbharat.com>, Shailendra Kanth <shailendra.kanth@etvbharat.com>, Sunil Kumar <sunil.kumar@etvbharat.com>, Rajeev Kumar <rajeev.kumar@etvbharat.com>, RAJEEV SINGH <rajeev.singh@etvbharat.com>, SUJEET KUMAR JHA <sujeetkumar.jha@etvbharat.com>, Gurminder singh samad <gurminder.samad@etvbharat.com>, Rajesh Kumar <rajeskumar07@gmail.com>, Verghese P <verghese.p@etvbharat.com>, Akhilesh Solanki <akhilesh.solanki@etvbharat.com>, Aziz Ahamed <aziz.ahamed@etvbharat.com>, Vikas Kaushik <vikas.kaushik@etvbharat.com>, Hitesh Vyas <hitesh.vyas@etvbharat.com>, SHIVANGI SINGH <shivangi.singh@etvbharat.com>, Shams Naqui <shams.naqui@etv.co.in>, Sanjay Tripathi <sanjay.tripathi@etvbharat.com>, Dilip Khilrani <dilip.khilrani@etvbharat.com>, SUNIL KUMAR <sunilkumar@etvbharat.com>, Rajesh walia <rajesh.walia@etvbharat.com>, Firdaus Mistri <firdaus.mistri@etvbharat.com>, Dipankar Choudhury <dipankar.c@etv.co.in>, SALAHUDDIN ZAIN <salahuddin.zain@etvbharat.com>, Khursheed Wani <khursheed.wani@etvbharat.com>, Ravi S <ravi.s@etvbharat.com>, Vijay Lad <vijay.lad@etvbharat.com>, Manoj Joshi <manoj.joshi@etvbharat.com>, BISWANATH PRAHARAJ RAJAGURU <rajguru.bp@etvbharat.com>, SARADA LAHANGIR <sarada.lahangir@etvbharat.com>, MNV Prasad <prasad.mnv@etvbharat.com>, Rangarao V <rangarao.v@etv.co.in>, Raja DM <raja.dm@etvbharat.com>, Prince Jebakumar <prince.kumar@etvbharat.com>, Rajesh R <rajesh.r@etvbharat.com>, PraveenKumar K <praveenkumar.k@etvbharat.com>, Chitra P <chitra.p@etvbharat.com>, NARESH J DAVE <nareshdave@etvbharat.com>, Mrinal Das <mrinal.das@etvbharat.com>, Shravankumar N <shravankumar.n@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, Praveen Akki <praveen.akki@etvbharat.com>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Vihar V <vihar.v@etvbharat.com>, Vijayabhaskar K <vijayabhaskar.k@etv.co.in>, <nageswararao.gv@etv.co.in>, Bangla Desk <bangladesk@etvbharat.com>

---------- Forwarded message ---------
From: Rajendra N <rajendra.n@etv.co.in>
Date: Fri, Oct 25, 2019 at 10:35 AM
Subject: Fwd: Original Articles
To: Nishant Sharma <nishant.sharma@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Verghese P <verghese.p@etvbharat.com>, Vijayabhaskar K <vijayabhaskar.k@etv.co.in>, Npg npg <npg@etv.co.in>, Shravankumar N <shravankumar.n@etvbharat.com>, ETV Bharat National <nationalhindidesk@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Praveen Akki <praveen.akki@etvbharat.com>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>, Prasenjit Singh <prasenjit.singh@etv.co.in>

This is  Chairman sir suggested article published in Eenadu today.
pl. publish accordingly. Another editorial on election I may share.
regards
Rajendra
Last Updated : Oct 25, 2019, 1:56 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.