নিউজ ডেস্ক ,১২ জুনঃ ভাৰত-নেপাল সীমান্তত নেপাল আৰক্ষীয়ে এজন ভাৰতীয়ক গুলিয়াই হত্যা কৰাৰ লগতে চাৰিজন ব্যক্তি গুলি লাগি গুৰুতৰ বাবে আঘাত প্ৰাপ্ত হয় ।এইবাৰক লৈ ১৮ বাৰ সংঘটিত কৰি আহিছে গুলি চালনাৰ ঘটনা বিশেষ সূত্রই জানিবলৈ দিয়ে । ভাৰতীয় নাগৰিক কেইজনে খেতি পথাৰত কাম কৰি থকাৰ সময়তে এই ঘটনাতো সংঘটিত হয় ।

আনহাতে স্থানীয়লোক সকলে উল্লেখ কৰে যে এজন আঘাতপ্ৰাপ্ত লোকক নেপাল আৰক্ষীয়ে লগত লৈ যায় বুলি সদৰি কৰে । ঘটনাতো সংঘটিত হয় লালবানদ্ধি জানকিনগৰ সীমাত ঘটনা স্থলিতে গুলি লগাৰ ফলত বিকাশ কুমাৰ ২৫ বছৰীয়া যুৱকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।
ইপিনে আঘাটপ্ৰাপ্ত ব্যক্তি কেইজন উমেশ ৰাম আৰু উদয় ঠাকুৰক চিকিৎসালয়ত ভতি কৰোৱা হয় । আনহাতে সমগ্ৰ ঘটনা জানিব পাৰি ভাৰত-নেপাল সীমান্তত আৰক্ষীৰ দল মােতায়েন কৰা হৈছে দুয়োটা দিশে । গাঁওবাসীক আৰক্ষীয়ে নিৰাপত্তাৰ খাতিৰত সকলোকে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ আহ্বান জনাইছে ।
লগতে পঢকঃ বকোত শাল গছৰ অপৈণত কুণ্ডাভৰ্তি বাহন জব্দ