ETV Bharat / bharat

এতিয়াৰে পৰা পৰ্যটনৰ কেন্দ্ৰ হিচাপে পৰিচিত হ'ব পুণেৰ য়েৰৱাড়া কাৰাগাৰ

মহাৰাষ্ট্ৰৰ পুণেত থকা এখন বিশেষ কাৰাগাৰ । মহাৰাষ্ট্ৰৰ ভিতৰতে আটাইতকৈ বৃহৎ এই কাৰাগাৰখনতে স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধী, লোকমান্য বাল গংগাধৰ তিলক,চৰ্দাৰ বল্লভভাই পেটেল,নেতাজী সুভাষ চন্দ্ৰ বসু,সৰোজিনী নাইডু, পণ্ডিত জৱাহৰলাল নেহৰু আৰু মতিলাল নেহৰুৱে কাৰাবাস খাটিছিল । সম্প্ৰতি 'কাৰাগাৰ পৰ্যটন'ৰ অন্তৰ্ভুক্ত কৰা হৈছে পুণেৰ এই য়েৰৱাড়া কাৰাগাৰক ।

এতিয়াৰে পৰা পৰ্যটনৰ কেন্দ্ৰ হিচাপে পৰিচিত হ'ব পুণেৰ য়েৰৱাড়া কাৰাগাৰ
এতিয়াৰে পৰা পৰ্যটনৰ কেন্দ্ৰ হিচাপে পৰিচিত হ'ব পুণেৰ য়েৰৱাড়া কাৰাগাৰ
author img

By

Published : Jan 27, 2021, 12:55 PM IST

নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী: ভাৰতৰ কেইবাগৰাকীও স্বাধীনতা সংগ্ৰামী কাৰাৰুদ্ধ হৈ থকা সময়ৰ স্মৃতি সজীৱ হৈ থকা পুণেস্থিত য়েৰৱাড়া কাৰাগাৰ পৰিদৰ্শন কৰিব পাৰিব পৰ্যটকে । মহাৰাষ্ট্ৰৰ ভিতৰতে আটাইতকৈ বৃহৎ কাৰাগাৰ হিচাপে জনাজাত এই কাৰাগাৰখন দেশৰ 'কাৰাগাৰ পৰ্যটন'ৰ অন্তৰ্ভুক্ত কৰা হৈছে । ব্ৰিটিছৰ শাসনকালতে য়েৰৱাড়া কাৰাগাৰ স্থাপন কৰা হৈছিল । স্বাধীনতা সংগ্ৰাম চলি থকা সময়ত কেইবাগৰাকীও স্বাধীনতা যুঁজাৰুৱে বিটিছৰ শাসনৰ বিৰোধিতা কৰি এই কাৰাগাৰতে বন্দীত্বৰ জীৱন কটাইছিল ।

জাতিৰ পিতা মহাত্মা গান্ধী, লোকমান্য বাল গংগাধৰ তিলক, চৰ্দাৰ বল্লভভাই পেটেল, নেতাজী সুভাষ চন্দ্ৰ বসু, সৰোজিনী নাইডু, পণ্ডিত জৱাহৰলাল নেহৰু আৰু মতিলাল নেহৰুৱে য়েৰৱাড়া কাৰাগাৰতে কাৰাবাস খাটিছিল । মহাত্মা গান্ধী আৰু ড০ বাবাচাহেব আম্বেদকাৰৰ মাজত ঐতিহাসিক পুণা চুক্তিও এই কাৰাগাৰতে স্বাক্ষৰিত হৈছিল ।

কাৰাগাৰ চৌহদৰ ভিতৰত এজোপা গছৰ তলত বহি চুক্তিত স্বাক্ষৰ কৰিছিল । ঐতিহাসিক স্মৃতি বিজড়িত এই কাৰাগাৰখন দৰ্শনৰ বাবে বুধবাৰৰ পৰা সাধাৰণ লোকক অনুমতি দিছে মহাৰাষ্ট্ৰ চৰকাৰে ।

লগতে পঢ়ক:কৃষক বিদ্ৰোহৰ অগনিয়ে চুইছে ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.