ETV Bharat / bharat

ছোনিয়া গান্ধীৰ পৰামৰ্শ অস্বীকাৰ ভাৰতীয় বাতৰি কাকত সমাজৰ

author img

By

Published : Apr 9, 2020, 7:25 PM IST

ভাৰতীয় বাতৰি কাকত সমাজে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰী মোদীলৈ আগবঢ়োৱা পৰামৰ্শসমূহ ঘূৰাই লবলৈ আহ্বান জনায় ৷ গান্ধীৰ পৰামৰ্শ পত্ৰত চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ দ্বাৰা প্ৰচাৰ কৰা বিজ্ঞাপনৰ ক্ষেত্ৰত দুবছৰলৈ প্ৰতিবন্ধকতা আৰোপ কৰাৰ কথা উল্লেখ আছিল ৷ এই ধৰণৰ কাৰ্যসমূহে বিত্তীয় চেঞ্চৰশ্বিপৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে ৷

Indian Newspaper Society slams Sonia's suggestion of ad ban
কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ পৰামৰ্শ অস্বীকাৰ

নতুন দিল্লী,9 এপ্ৰিলঃ ভাৰতীয় বাতৰি কাকত সমাজে বুধবাৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে আগবঢ়োৱা চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ বিজ্ঞাপনৰ ক্ষেত্ৰত দুই বছৰৰ প্ৰতিবন্ধকতা বিষয়ক পৰামৰ্শ অস্বীকাৰ কৰিছে ৷ ভাৰতীয় বাতৰি কাকত সমাজ চমুকৈ আই এন এছে সংবাদ মাধ্যমৰ জীৱন আৰু স্বাধীনতাৰ ওপৰত ভিত্তি কৰি এই কথা প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা এক পত্ৰত গান্ধীয়ে Covid 19 ৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল ৷ ইয়াৰ লগতে চৰকাৰ আৰু ৰাজহুৱা খণ্ডৰ দ্বাৰা প্ৰকাশিত ছপা,বৈদ্যুতিন আৰু অনলাইন মাধ্য়মত প্ৰকাশিত বিজ্ঞাপনৰ ক্ষেত্ৰত দুবছৰলৈ প্ৰতিবন্ধকতা আৰোপ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছিল ৷ আই এন এছৰ অধ্যক্ষ শৈলেশ গুপ্তাই বিষয় সন্দৰ্ভত এক বিবৃতিৰ জৰিয়তে এই প্ৰস্তাৱৰ কথা উল্লেখ কৰি আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে গৰিহণা দিয়ে ৷ চৰকাৰী ধনৰ ব্যয়ৰ বিষয়ে কব লাগিলে এয়া যথেষ্ঠ ক্ষুদ্ৰ অংশ কিন্তু কাকত উদ্যোগৰ বাবে এয়া বৃহৎ ৰাশি বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে ৷ যি এক জীৱন্ত গণতন্ত্ৰৰ বাবে নিঃসন্দেহে প্ৰয়োজনীয়, যাৰ জৰিয়তে জীয়াই থাকিবলৈ সংগ্ৰাম চলাব পাৰি ৷

ভিন্ন প্ৰকাৰৰ সংবাদ মাধ্যমসমূহৰ ভিতৰত একমাত্ৰ ছপা মাধ্যমৰহে বেতন ব’ৰ্ড আছে য’ত চৰকাৰে কৰ্মচাৰীসকলৰ বেতন নিৰ্ধাৰণ কৰি থৈছে ৷ ই এনেকুৱা এটা উদ্যোগ যাৰ মূল্য বজাৰৰ দামেৰে নিৰ্ধাৰণ কৰিব নোৱাৰি ৷ ই চৰকাৰৰ এক নৈতিক দায়িত্ব ৷ ডিজিটেল মেডিয়াৰ সম্প্ৰসাৰণৰ বাবে ইতিমধ্যে কাকতৰ বিজ্ঞাপন আৰু প্ৰচলনৰ ক্ষেত্ৰত যথেষ্ট সংকটৰ সৃষ্টি হৈছে ৷ ফলত কাকতৰ উদ্যোগসমূহত তীব্ৰ আৰ্থিক সংকটে দেখা দিছে ৷ এনে সময়তে জীৱনক তুচ্ছ জ্ঞান কৰি সংবাদকৰ্মীসকলে Covid 19 ৰ খবৰ সংগ্ৰহ কৰি জনতাৰ মাজত বিলাই আছে ৷ সেয়ে কংগ্ৰেছ নেত্ৰীগৰাকীৰ এনেকুৱা পৰামৰ্শই বিশ্বৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰত গভীৰ সমস্যাৰ সৃষ্টি কৰিব ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি নিউজ ব্ৰ’ডকাষ্ট এছ’চিয়েছনে (এন বি এ) কংগ্ৰেছ নেত্ৰীগৰাকীৰ এনে পৰামৰ্শ প্ৰত্যাখ্যান কৰে ৷ লগতে এই পৰামৰ্শ ঘূৰাই ল'বলৈ গান্ধীক আহ্বান জনায় সংস্থাটোৱে ৷

লগতে চাওকঃ কোভিড-19 : এপ্ৰিলৰ 30লৈ লকডাউন বৃদ্ধি উৰিষ্যাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.