ETV Bharat / bharat

অৰুণাচলৰ গৰিচেন পিকত ভাৰতীয় সেনাই উত্তোলন কৰিলে জাতীয় পতাকা - মহামাৰী ক'ৰণা

শুকুৰবাৰে ভাৰতীয় সেনা বাহিনীয়ে ভাৰত তিব্বত সীমান্ত আৰক্ষী আৰু নেশ্যনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিঙৰ সহযোগত ৩৩ জনীয়া এটা যৌথ দলে ৬,৮৫৪ মিটাৰ উচ্চতাত ভাৰত-চীন সীমান্তত অৱস্থিত অৰুণাচল প্ৰদেশৰ গৰিচেন পিকত উত্তোলন কৰিলে দেশৰ জাতীয় পতাকা ।

Indian flag hosted by Indian Army on Gorichen summit of Indo-China border
অৰুণাচলৰ গৰিচেন পিকত ভাৰতীয় সেনাই উত্তোলন কৰিলে জাতীয় পতাকা
author img

By

Published : Aug 14, 2020, 11:54 PM IST

তেজপুৰ,১৪ আগষ্ট : ভাৰতীয় সেনাবাহিনীয়ে বছৰটোক "পৰ্যটনৰ বছৰ" হিচাপে আগবঢ়াই নিয়া প্ৰয়াসেৰে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপৰ এদিন পূৰ্বে ৩৩ জনীয়া এটা যৌথ এডভেঞ্চাৰ দলে শুক্ৰবাৰে ভাৰত চীন সীমান্তত ৬,৮৫৪ মিটাৰ উচ্চতাত অৱস্থিত অৰুণাচলৰ গৰিচেন পিক'ত উত্তোলন কৰিলে দেশৰ জাতীয় পতাকাখন ।

ভাৰত তিব্বত সীমান্ত আৰক্ষী আৰু নেশ্যনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিঙৰ সহযোগত ভাৰতীয় সেনাকে ধৰি ৩৩ জনীয়া যৌথ দলটোৱে পশ্চিম কামেং জিলাৰ পৰা গৈ ১৪ আগষ্টৰ পুৱা প্ৰায় ৮:৩০ মিনিটত ভূপৃষ্ঠৰ পৰা ২২,৪৮৬ ফুট উচ্চতাৰে ভাৰত চীন সীমান্তত অৱস্থিত গেৰিচেন পিকত কৰিলে পতাকাৰ উত্তোলন ।

সেনাৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, দেশ ৰক্ষাৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশৰ পৰ্যটনৰ ক্ষেত্ৰখনকো সমানে আগবঢ়াই নিয়াৰ বাবে ভাৰতীয় সেনাৰ এয়া এক প্ৰচেষ্টা মাথো ।

উল্লেখ্য যে, মহামাৰী ক'ৰণাৰ বাবে চৰকাৰে জাৰি কৰা সকলো নীতি নিৰ্দেশনাক আখৰে আখৰে পালন কৰি দলটোৱে সমাপন কৰিলে স্বাধীনতা দিৱসৰ এদিন পূৰ্বৰ এই কাৰ্যসূচী ।

লগতে পঢ়ক : স্বাধীনতা দিৱস: কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব পতাকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.