ETV Bharat / bharat

COVID ৰ মাজতো দেশৰ অৰ্থনীতিয়ে 5 ত্ৰিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিব: ৰাম মাধৱ

বিজেপিৰ সাধাৰণ সচিব ৰাম মাধৱৰ সৈতে ইটিভি ভাৰতৰ বিশেষ বাৰ্তালাপ ৷ মোডীৰ চৰকাৰৰ সফলতা সম্পৰ্কত বিভিন্ন মন্তব্য় ৰাম মাধৱৰ ৷ আনহাতে, 5 ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু স্ব-নিৰ্ভৰশীল ভাৰত সম্পৰ্কতো মন্তব্য কৰে ৰাম মাধৱে ৷

author img

By

Published : Jun 4, 2020, 1:55 PM IST

বিজেপিৰ সাধাৰণ সচিব
ৰাম মাধৱ

1. কৰ'ণা ভাইৰাছ সংকটৰ মাজতে চৰকাৰৰ বৃহৎ সফলতা কি ?

ৰাম মাধৱ : মোডী 2.0 য়ে বহু সফলতা অৰ্জন কৰিছে ৷ কৃষক আৰু দুখীয়া শ্ৰেণীৰ বাবে বহু উন্নয়নমূলক আঁচনি প্ৰৱৰ্তন কৰা হৈছে ৷ মোডী চৰকাৰে মহিলা, দুখীয়া আৰু শ্ৰমিক শ্ৰেণীৰ বাবে বহু সামাজিক উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে ৷ মুছলিম মহিলাৰ বাবে ত্ৰিপল তালাক, তৃতীয় লিংগৰ বাবে বিশেষ আইন, অনুচ্ছেদ 370 আৰু 35 A বাতিল কৰাৰ জৰিয়তে দেশত একতা বৃদ্ধিৰ চেষ্টা কৰিছে ৷ ইয়াৰোপৰি, নাগৰিকত্ব সংশোধনী আইনৰ (CAA) জৰিয়তে শৰণাৰ্থীসকলে নাগৰিকত্ব লাভ কৰিব ৷ ভাৰতীয় অৰ্থনীতিক 5 ত্ৰিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিবৰ বাবে আমি বহু পদক্ষেপ গ্ৰহণ কৰিছো ৷

COVID ৰ মাজতো দেশৰ অৰ্থনীতিয়ে 5 ত্ৰিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিব: ৰাম মাধৱ

2. 5 ত্ৰিলিয়ন ডলাৰৰ লক্ষ্যত ভাৰতীয় অৰ্থনীতি উপনীত হ'বলৈ সক্ষম হ'ব নে?

ৰাম মাধৱ : আমি 5 ত্ৰিলিয়ন অৰ্থনীতিৰ দিশে আগবাঢ়িছো ৷ কিন্তু কৰ'ণা ভাইৰাছৰ বাবে এই ক্ষেত্ৰত কিছু বাধা আহি পৰিছে যদিও এয়া কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে হৈছে ৷ 2025 চন পৰ্যন্ত ভাৰতীয় অৰ্থনীতিয়ে 5 ত্ৰিলিয়ন অতিক্ৰম কৰিবলৈ সক্ষম হ'ব নে সেই সম্পৰ্কত সকলোৰে সন্দেহ হোৱাটো সাধাৰণ কথা ৷ কিন্তু মই ক'ব বিচাৰিম যে, ভাৰতীয় অৰ্থনীতিয়ে কেৱল 5 ত্ৰিলিয়নেই নহয়, 2030 চন পৰ্যন্ত 10 ত্ৰিলিয়নৰ ঘৰো অতিক্ৰম কৰিব পাৰিব ৷ বৰ্তমান এই ক্ষেত্ৰত বাধা আহি পৰিলেও চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিব আৰু সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব ৷

3. আপুনি বিশ্বাস কৰে নেকি যে, ভাৰতে চীনৰ বজাৰৰ অন্ত পেলোৱাৰ এক সোণালী সুযোগ লাভ কৰিছে আৰু আত্ম-নিৰ্ভৰশীলতাৰ দিশত আগুৱাই গৈছে ?

ৰাম মাধৱ : প্ৰথমবাৰৰ বাবে মোডী চৰকাৰে গাদী দখল কৰোতেই বহু পৰিমাণে আত্ম-নিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছিল ৷ সেয়েহে মোডী চৰকাৰে ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু ষ্টেণ্ড আপ ইণ্ডিয়াৰ দৰে আঁচনি গ্ৰহণ কৰিছিল ৷ ইয়াৰ জৰিয়তে আমি সকলোৱে নিজৰ ভৰিত থিয় দি বাণিজ্য পৰিচালনা কৰিবলৈ সহায়ক হৈছিল ৷ কিন্তু, বৰ্তমান মহামাৰীৰ বিৰুদ্ধে যুঁজি থকাৰ বাবে আমি আৰু বিভিন্ন ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে বুলি বুজি উঠিছো ৷

আত্ম-নিৰ্ভৰশীলতাৰ অৰ্থ এইটো নহয় যে, আমি নিজকে বাকী পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিম আৰু ঘৰত বহি থাকিম ৷ ইয়াৰ অৰ্থ এয়াহে যে, আমি নিজৰ ভৰিত থিয় দিম আৰু স্বদেশীক আমাৰ বুনিয়াদ হিচাপে গ্ৰহণ কৰাৰ লগতে ভাৰতীয় অৰ্থনীতিক 5 ত্ৰিলিয়নৰ ঘৰলৈ লৈ যাম আৰু বিশ্বৰ নেতাসকলৰ অন্যতম হিচাপে থিয় দিম ৷

4. কাশ্মীৰত কেৱল ওমৰ আব্দুল্লা আৰু মেহবুবাই দুগৰাকী নেতা আছে নেকি ? অনুচ্ছেদ 370 আৰু 35 A বাতিলকৰণ অথবা CAA আইনক বিৰোধী দলে সফলতা বুলি নাভাবে আৰু চৰকাৰে বিবাদৰ সূচনা কৰিছে বুলি সততে মন্তব্য কৰি আহিছে ৷

ৰাম মাধৱ : যিকোনো বিষয়তে বিৰোধী দলে বিবাদৰ সূচনা কৰিবলৈ চেষ্টা কৰিলেও দেশৰ স্বাৰ্থত যিসমূহ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেয়া দেশৰ প্ৰতিৰক্ষা আৰু একতাৰ ওপৰত ভিত্তি কৰিয়ে লোৱা হৈছে ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, আমি কোনো নতুন বস্তুৰ সূচনা কৰা নাই ৷

প্ৰথম অৱস্থাৰ পৰাই আমাৰ দলৰ বিচাৰধাৰা স্থিৰ আছিল ৷ বিভিন্ন বিষয় সম্পৰ্কত আমি ৰাইজৰ লগত বাৰ্তালাপ কৰিছিলো ৷ অনুচ্ছেদ 370 সম্পৰ্কত আমি একো নতুন কৰা নাই ৷ যোৱা 50 বছৰৰ পৰা আমি এই কথা কৈ আহিছো ৷ সকলোকে এই বিষয়ত জনাইছো আৰু সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিছো ৷ কিছু ক্ষেত্ৰত বিৰোধী দলে বিৰোধিতা কৰাৰ যুক্তি আছে কিন্তু তেওঁলোকৰ বিৰোধিতাৰ অৰ্থ এয়া নহয় যে, ৰাইজে আমাৰ সিদ্ধান্তক সমৰ্থন কৰা নাই ৷

5. শুনিবলৈ পাইছো যে, উদ্যোগ সমূহক কিছু ৰেহাই প্ৰদান কৰা হ'ব যাতে তেওঁলোকে জম্মু-কাশ্মীৰত উদ্যোগ নিৰ্মাণ কৰিব পাৰে ৷

ৰাম মাধৱ : জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিল কৰাৰ পাচত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সকলো পৰিচালিত কৰা হয় ৷ ভাৰতৰ অন্য ৰাষ্ট্ৰৰ দৰে জম্মু-কাশ্মীৰত বৰ্তমান সকলো একে ৷ ইয়াৰ লোকসকলৰ ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰণালয়ে নতুন আৱাস নীতি গ্ৰহণ কৰিছে ৷

আমি সকলোৱে বিচাৰো যে, জম্মু-কাশ্মীৰলৈ বিনিয়োগকাৰী আহঁক আৰু ইয়াৰ উন্নয়ন বৃদ্ধি পোৱাৰ ফলত নিয়োগ বৃদ্ধি পাব আৰু তেওঁলোকৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত হ'ব ৷ বৰ্তমান, জম্মু-কাশ্মীৰৰ অৰ্থনীতি কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল কিন্তু জম্মু-কাশ্মীৰ আত্ম-নিৰ্ভৰশীল হোৱাৰ লগতে উদ্যোগ আৰু ব্যৱসায় বৃদ্ধি পালে এই পৰিস্থিতিৰ পৰিৱৰ্তন হ'ব ৷

6. ৰাজ্যখনত সাধাৰণ পৰিস্থিতি ওভতাই আনিবৰ বাবে ৰাজনৈতিক কাৰ্যকলাপক উদগনি যোগাব লাগিব বুলি আপুনি ভাবে নেকি যিহেতু বন্দী কৰি ৰখা অধিকাংশ ৰাজনৈতিক নেতাকে মুকলি কৰি দিয়া হৈছে ?

ৰাম মাধৱ : কেৱল দুজন লোকে ৰাজনৈতিক কাৰ্যকলাপ কৰিব পাৰে নেকি? জম্মু-কাশ্মীৰত হাজাৰ হাজাৰ ৰাজনীতিবিদ আছে ৷ কংগ্ৰেছ দলৰ এজনো নেতা কাৰাগাৰত নাই ৷ কংগ্ৰেছে ৰাজনৈতিক কাৰ্যকলাপ কৰা নাই কিয় ? কিছু NC আৰু PDP নেতাৰ বাহিৰে অন্য সকলোকে মুকলি কৰি দিয়া হৈছে ৷ তেওঁলোকে ৰাজনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিব পাৰে ৷ আজি ৰাজ্যখনৰ নাগৰিকে অনুচ্ছেদ 370 ৰ বাতিলকৰণ গ্ৰহণ কৰি লৈছে ৷

বিজেপিৰ বাহিৰে অন্য ৰাজনৈতিক দলৰ নেতাসকলে যোগসূত্ৰ স্থাপন আৰু ৰাজনৈতিক কাৰ্যকলাপ কৰাত গুৰুত্ব আৰোপ কৰা নাই ৷ ঘৰৰ পৰা ওলাই আহি ৰাজনৈতিক কাৰ্যকলাপ কৰাৰ লগতে ৰাজ্যখনক নতুন দিশ প্ৰদান কৰিবলৈ আমি তেওঁলোকক আহ্বান জনালো ৷ ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰ্যকলাপ সেই ৰাজ্যত আৰম্ভ কৰিবই লাগিব ৷

7. ওমৰ আব্দুল্লাক মুকলি কৰি দিলেও তেওঁৰ দলে কোনো ৰাজনৈতিক কাৰ্যকলাপ কৰা নাই ৷ বিজেপি আৰু ওমৰ আব্দুল্লাৰ মাজত এক ৰাজনৈতিক সন্ধি হোৱা বুলি শুনিবলৈ পাইছো ৷

ৰাম মাধৱ : আজি পৰ্যন্ত কেৱল 24 গৰাকী ৰাজনৈতিক নেতা বন্দী হৈ আছে ৷ পৰিস্থিতি সাধাৰণ হোৱাৰ লগে লগে তেওঁলোকো মুকলি হ'ব আৰু ৰাজনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিব পাৰিব ৷ আমাৰ দলীয় কৰ্মীসকলে ৰাজ্যখনত তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰি আহিছে ৷ কাশ্মীৰ উপত্যকাৰ লোকৰ বাবে আমি কেন্দ্ৰবিন্দু হ'ব চেষ্টা কৰিম ৷

ৰাষ্ট্ৰীয় দল হিচাপে ভাৰতীয় জনতা পাৰ্টিয়ে সকলোৰে কাষ চাপিব আৰু উপত্যকাটোত ৰাজনৈতিক কাৰ্যকলাপত কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠিত হ'বলৈ চেষ্টা কৰিব ৷ এই মুহূৰ্তত কোনো দলৰ সৈতে মিত্ৰজোঁট কৰাৰ আমাৰ লক্ষ্য নাই ৷

8. সীমাংকন কৰাৰ পাচৰ পৰা জম্মুত আসন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে নেকি ?

ৰাম মাধৱ : 2006 চনত সীমাংকনৰ প্ৰক্ৰিয়া কিছু কাৰণত আৰম্ভ কৰা হৈছিল ৷ নতুন আইন অনুসৰি, ছয় খন আসন বৃদ্ধি কৰা হৈছে ৷ সংসদৰ আধাৰত আমি নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব ৷ নতুন সংৰচনা অনুসৰি, জম্মুত কেইখন আৰু অন্য অঞ্চলে কেইখন আসন লাভ কৰিব সেই সম্পৰ্কত আলোচনা কৰা উচিত ৷ সীমাংকন আয়োগক বিভক্ত কৰি প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ প্ৰচেষ্টা হাতত লোৱা উচিত ৷ ইয়াৰ ফলত আমি জম্মুয়ে কেইখন আৰু ৰাজ্যখনৰ অন্য অঞ্চলে কেইখন আসন লাভ কৰিব সেয়া জানিব পাৰিম ৷

9. 'ভিত্তিহীন বাতৰিত ভৰষা নকৰিব, আভ্যন্তৰীণ সমস্যাৰ বাবে চীনৰ মনোভাৱ আগ্ৰাসী হৈ পৰিছে নেকি' ?

ৰাম মাধৱ : ভাৰত আৰু চীনৰ সীমান্ত 3,500 কিল'মিটাৰ দৈঘ্যৰ ৷ এই অঞ্চলটো অধিক সময়তে উদ্বিগ্ন হৈ থাকে ৷ যোৱা দহ বছৰৰ কথা ক'বলৈ গ'লে চীনে নিয়ন্ত্ৰণ ৰেখা প্ৰায় 1,000 বাৰ অতিক্ৰম কৰিছে ৷ আজিৰ দিনতো এই ঘটনা ঘটি আছে ৷ এইবাৰ চীন অধিক আক্ৰমণাত্মক হৈ পৰিছে ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তেও বিভিন্ন ভিডিঅ' আৰু তথ্য প্ৰকাশ পাইছে ৷ কিন্তু চৰকাৰে সত্যাসত্য প্ৰতিপন্ন নকৰা পৰ্যন্ত আমি এনে বাতৰিত বিশ্বাস কৰা অনুচিত ৷ উদাহৰণ হিচাপে, ভাৰতীয় ভূখণ্ডৰ 25 কিল'মিটাৰ পৰ্যন্ত চীনা সৈন্য প্ৰৱেশ কৰা বুলি কোনো লোকে মন্তব্য কৰিছে ৷ এনে বাতৰিত বিশ্বাস কৰা অনুচিত কিয়নো আমি পূৰ্ণ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছো ৷

10. 'আমি এক ইঞ্চিয়ো লৰচৰ নহওঁ'

ৰাম মাধৱ : মোডী চৰকাৰে গাদী দখল কৰাৰ পৰা সীমান্তৰ সমস্যাত বহু পৰিৱৰ্তন আহিছে ৷ এতিয়া সীমান্তত কোনো সংঘাতৰ সৃষ্টি হ'লে কূটনীতিবিদৰ জৰিয়তে সমাধান উলিওৱা হয় ৷ কিন্তু আমি এক ইঞ্চিয়ো লৰচৰ নকৰো ৷ আমাৰ সৈন্যই দৃঢ়ভাৱে কৰ্মস্থানত নিজৰ দায়িত্ব পালন কৰি আছে ৷ ডকলামৰ সময়তো একে ঘটনাই ঘটিছিল ৷ আনকি এতিয়াও LAC ত চীনে অবৈধ প্ৰৱেশ কৰিলেও আমি দৃঢ় হৈ থিয় দিছো ৷ যোৱা 40 বছৰত সীমান্তত এটাও বুলেট চলোৱা হোৱা নাই ৷ আমি যুদ্ধ নিবিচাৰো ৷ কিন্তু, ভূমিৰ ক্ষেত্ৰত আমিও আপোচো নকৰো ৷ আমি কূটনীতিবিদৰ জৰিয়তে আলোচনা কৰিম ৷ লাডাখতো এই ব্যৱস্থাই গ্ৰহণ কৰা হৈছে ৷ অন্য বাতৰিত বিশ্বাস নকৰিব ৷

11. কৰ'ণা ভাইৰাছ সংকটত চীনে সুবিধা গ্ৰহণ কৰিব বিচাৰিছে নেকি ?

ৰাম মাধৱ : চীনত কোনো আভ্যন্তৰীণ সংকট আহিলে এনেদৰে আক্ৰমণাত্মক মনোভাৱ প্ৰদৰ্শন কৰি থাকে ৷ আনহাতে, ভাৰতে কেতিয়াও আক্ৰমণাত্মক মনোভাৱ প্ৰদৰ্শন কৰা নাই ৷ কোনো যুদ্ধও হোৱা নাই ৷ আমি শান্তিপূৰ্ণভাৱে সীমান্ত সুৰক্ষা কৰি আহিছো ৷ আমি কেতিয়াও চীনক প্ৰৰোচিত কৰা নাই, কিন্তু চীনে কৰি আহিছে ৷ এনে ঘটনা ঘটি থাকিলে এয়াই প্ৰমাণ হয় যে চীনত আভ্যন্তৰীণ সমস্যা আছে ৷ বৰ্তমান চীনৰ নেতৃবিন্দক বহিৰাগত চাপ প্ৰদান কৰা হৈছে ৷ আমেৰিকাই বহু চাপ প্ৰয়োগ কৰিছে ৷ হংকং সমস্যাত ভূগিছে ৷ টাইৱানৰ সৈতেও তেওঁলোকৰ সমস্যাৰ সৃষ্টি হৈছে ৷ চীনৰ ভিতৰতে সাধাৰণ লোক কৰ'ণাক লৈ ক্ৰুধাম্বিত হৈ পৰিছে ৷

12. এই পৰিস্থিতিত পাকিস্তানে সুবিধা গ্ৰহণ কৰিব নেকি ?

ৰাম মাধৱ : পাকিস্তানৰ সীমান্ততো আমি সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰি আছো ৷ পাকিস্তানে বিভিন্ন উপায়েৰে ভাৰতত সন্ত্ৰাসবাদী প্ৰেৰণ কৰিবলৈ চেষ্টা চলাই আহিছে ৷ কাশ্মীৰত গ্ৰীষ্মকাল আৰম্ভ হ'ল ৷ জুন-জুলাই-আগষ্ট মাহক গ্ৰীষ্ম কাল বুলি কাশ্মীৰত গণ্য কৰা হয় ৷ এনে সময়তে পাকিস্তানে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ ঘটায় ৷ আমাৰ সৈন্য সতৰ্কিত হৈ আছে ৷ এদিনৰ ভিতৰত আমাৰ সৈন্যই 14 জনকৈ সন্ত্ৰাসবাদীক হত্যা কৰিলে ৷ আমি কোনো কাৰণতে পাকিস্তানক এই পৰিস্থিতিৰ সুবিধা ল'বলৈ সুযোগ নিদিওঁ ৷ জম্মু-কাশ্মীৰৰ লোকেও সন্ত্ৰাসবাদক সমৰ্থন নকৰে ৷ তেওঁলোকেও শান্তি বিচাৰে ৷ তেওঁলোকৰ আশা আমি পূৰণ কৰিম ৷ পাকিস্তানে কোনো সুবিধা গ্ৰহণ কৰিব নোৱাৰে ৷

13. 'প্ৰতিটো আঁচনি আৰু প্ৰতিটো সমস্যাত, আনকি কৰ'ণা ভাইৰাছৰ সময়তো বিৰোধী দল একত্ৰিত নহয় ৷'

ৰাম মাধৱ : এয়া আমাৰ বাবে দূৰ্ভাগ্যজনক ৷ দেশৰ 130 কোটি জনসাধাৰণৰ স্বাস্থ্য আৰু প্ৰতিৰক্ষাৰ বাবে আমি যুঁজ দি অহাৰ সময়ত বিৰোধী দলে আমাৰ সৈতে সহযোগিতা প্ৰদান কৰা নাই ৷ বিশ্বৰ দৰবাৰত ৰাহুল গান্ধী আৰু অন্যান্য বিৰোধী দলৰ নেতাই ভাৰতৰ প্ৰতিচ্ছবি বিনষ্ট কৰিব বিচাৰিছে ৷ বৰ্তমান প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যাটোও অতি গুৰুতৰ ৷ কেন্দ্ৰীয় চৰকাৰে অকলে যুঁজ দি আছেনে ? ৰাজ্যিক চৰকাৰ সমূহ আমাৰ সৈতে নাই নেকি ? কংগ্ৰেছ আমাৰ সৈতে কিয় নাই ? কংগ্ৰেছ শাসিত ৰাজ্য যেনে, মহাৰাষ্ট্ৰ, ছত্তিশগড় আৰু ৰাজস্থানৰ পৰাই অধিকাংশ প্ৰব্ৰজিত শ্ৰমিকে ঘৰলৈ উভতিবলৈ বাধ্য হৈছে ৷ এইবোৰ কাৰণত কোনোবাই ৰাজনীতি কৰা উচিত জানো? 130 কোটি লোকৰ প্ৰতিনিধি হিচাপে আমি একেলগে কাম কৰা উচিত ৷ বিৰোধী দলে কেৱল মিছা ৰাজনীতি কৰিছে ৷ মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত প্ৰব্ৰজিত শ্ৰমিকৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বান আহিছে ৷ আমি একত্ৰিত হৈ যুঁজ কৰা উচিত ৷ কিন্তু এই ক্ষেত্ৰত বিৰোধীৰ ভূমিকা বিশেষ একো প্ৰত্যক্ষ কৰা নাই ৷

14. প্ৰব্ৰজিত শ্ৰমিকক লৈ ৰাজনীতি দূৰ্ভাগ্যজনক ৷

এতিয়া বিজেপিয়ে ৰাজনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিছে ৷ আপোনালোকে পূৰ্বে প্ৰব্ৰজিত শ্ৰমিকৰ কথা চিন্তা কৰা নাছিল নেকি কিয়নো শ্ৰমিকসকলে বহু সমস্যাৰ সন্মুখীন হ'বলগা হ'ল ৷

ৰাম মাধৱ : লকডাউন সম্পৰ্কত যিসমূহ কথা কোৱা হৈছে সেয়া অৰ্থহীন ৷ সেই সময়ত লকডাউন প্ৰদান কৰাটো বাধ্যতামূলক আছিল ৷ আমি লকডাউন প্ৰদান নকৰা হ'লে আমাৰ অৱস্থা আমেৰিকা আৰু ইটালীতকৈও গুৰুতৰ হ'লহেঁতেন ৷ আমি সময়মতে আৰু দৃঢ়ভাৱে দেশত লকডাউন ঘোষণা কৰিলো ৷ অহা তিনি সপ্তাহত আমি স্বাস্থ্য খণ্ডত বহু উন্নয়ন সাধন কৰিম ৷ আমাৰ হাতত ইয়াৰ পূৰ্বে টেষ্টিং কিট নাছিল ৷ PPE য়ো নাছিল ৷ প্ৰব্ৰজিত শ্ৰমিকসকলক আশ্বাস প্ৰদান কৰাটো আমাৰ দায়িত্ব হোৱা উচিত ৷ আমি তেওঁলোকৰ সমস্যাৰ সমাধান কৰিম বুলি কোৱা উচিত আছিল ৷ কিন্তু, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে যথেষ্ট কৰিছে ৷ বেচৰকাৰী সংস্থাসমূহে আমাক সহায় কৰিলে ৷ RSS আৰু অন্যান্য সংস্থাইও সহায় কৰিলে ৷ ভাৰতত প্ৰায় 8 কোটি প্ৰব্ৰজিত শ্ৰমিক আছে ৷ কেৱল 70-90 লাখেহে নিজ ৰাজ্যলৈ উভতিছে ৷

তেওঁলোকেও কৰ্তব্যৰত ৰাজ্যসমূহ ত্যাগ নকৰাটো আমাৰ প্ৰচেষ্টা হোৱা উচিত আছিল ৷ বহুসংখ্যকে চিন্তিত আৰু শংকিত হৈ ৰাজ্যসমূহ ত্যাগ কৰিছিল ৷ কিন্তু নিজ স্থানলৈ বহু লোক ঘূৰি যাব বিচৰা বাবে আমি বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰিলো ৷ চাৰি দিনৰ পাচতে লকডাউন হ'ব বুলি ঘোষণা কৰি দিয়া হ'লে সকলো লোক চিন্তিত হৈ পৰিলেহেঁতেন ৷ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হ'লহেঁতেন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.