ETV Bharat / bharat

ৰামগড়ত ভাৰতীয় সেনাৰ লেন্স নায়কৰ আত্মহত্যা - শিখ ৰেজিমেন্টেল কেন্দ্ৰ

ভাৰতীয় সেনাৰ লেন্স নায়কৰ মৃতদেহ উদ্ধাৰ ৷ শিখ ৰেজিমেন্টেল কেন্দ্ৰৰ ভিতৰত গছত ওলমি ৰোৱা অৱস্থাত উদ্ধাৰ লেন্স নায়ক যশৱন্ত সিঙৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ গুচৰ ৰুজু ৷ চেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহতো উদ্ধাৰ হৈছিল অন্য দুজন জোৱানৰ মৃতদেহ ৷

ৰামগড়ত ভাৰতীয় সেনাৰ লেন্স নায়কৰ আত্মহত্যা

author img

By

Published : Sep 21, 2020, 10:16 AM IST

নেশ্যনেল ডেস্ক, 21চেপ্তেম্বৰ: ৰামগড়ৰ শিখ ৰেজিমেন্টেল কেন্দ্ৰৰ ভিতৰত পুনৰ ৰহস্যজনক মৃত্যু ৷ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ ভাৰতীয় সেনাৰ এগৰাকী লেন্স নায়কৰ মৃতদেহ ৷ তিনি সপ্তাহৰ ভিতৰত সংঘটিত এইটো তিনি নম্বৰ অপ্ৰাকৃতিক মৃত্যুৰ ঘটনা ৷ ঘটনা সন্দৰ্ভত ৰামগড়ৰ মহকুমা আৰক্ষী বিষয়া অনুজ ওৰাঅনে কয়, "হাৰিয়ানাৰ মগৰপুৰ গাঁৱৰ লেন্স নায়ক যশৱন্ত সিঙক ৰামগড়ৰ শিখ ৰেজিমেন্টেল চেন্টাৰৰ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷"

ঘটনা সন্দৰ্ভত ৰামগড় চহৰ পুলিচ থানাত আৰক্ষীয়ে এক গুচৰ ৰুজু কৰিছে ৷ শিখ ৰেজিমেন্টেল চেন্টাৰৰ চুবেদাৰ গুলজাৰ সিঙৰ এক অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে জনোৱা মতে, চেপ্তেম্বৰ মাহৰ প্ৰথমটো সপ্তাহতো প্ৰশিক্ষণকালীন সময়তে কেন্দ্ৰটোৰ ভিতৰৰে এটা হ্ৰদৰ ভিতৰত দুজন সেনা জোৱান সলিল সমাধি ঘটিছিল ৷

লগতে পঢ়ক: ভাৰত আৰু চীনৰ মাজত আজি ক'ৰ কামাণ্ডাৰৰ ষষ্ঠ পৰ্যায়ৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.