ETV Bharat / bharat

বেলেষ্টিক মিচাইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰীক্ষণ সম্পন্ন - 3,500 কিলোমিটাৰ দূৰত্বলৈ আক্ৰমণৰ ক্ষমতা অগ্নি 3 ৰ

ড৹ এ পি জে আব্দুল কালাম দ্বীপৰ ইন্টেগ্ৰেটেড পৰীক্ষণ কেন্দ্ৰৰ পৰা সফল নৈশ পৰীক্ষণ পৰমাণু ক্ষমতাৰে পৰিপূৰ্ণ ক্ষেপণাস্ত্ৰ বেলেষ্টিক মিচাইল অগ্নি 3 ৰ ৷

বেলেষ্টিক মিচাইইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰিক্ষণ

author img

By

Published : Dec 1, 2019, 9:02 AM IST

নিউজ ডেস্ক, 1 ডিচেম্বৰঃ ওড়িশাৰ পৰা 10 কিলোমিটাৰ দূৰত্বত অৱস্থিত বংগোপসাগৰৰ ড৹ এ পি জে আব্দুল কালাম দ্বীপৰ ইন্টেগ্ৰেটেড পৰীক্ষণ কেন্দ্ৰৰ পৰা সফল নৈশ পৰীক্ষণ ভূমিৰ পৰা ভূমিলৈ আক্ৰমণ কৰিব পৰা বেলিষ্টিক মিচাইল ‘অগ্নি-3’ ৰ ৷ নিশা 7 বাজি 30 মিনিটত কৰা হয় এই ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ ৷ মধ্যৱৰ্তী দূৰত্বলৈ আক্ৰমণ কৰিব পৰা এই বেলিষ্টিক মিচাইলৰ আক্ৰমণ কৰাৰ পৰিসীমা হৈছে 3,500 কিলোমিটাৰ ৷ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ক্ষেপনাস্ত্ৰটো 17 মিটাৰ উচ্চতা, 2 মিটাৰ ব্যাসাৰ্ধৰ লগতে 50 টন ওজন সম্পন্ন ৷

অগ্নি 3
অগ্নি 3

শনিবাৰে এই ক্ষেপনাস্ত্ৰৰ নৈশ পৰীক্ষণ সম্পন্ন কৰে ভাৰতীয় সেনাৰ ষ্ট্ৰেটেজিক ফ'ৰ্ছ কমাণ্ডে ৷ য’ত সেনাক সহযোগিতা আগবঢ়ায় DRDO য়ে ৷ DRDO ৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰথমবাৰৰ বাবে নিশাৰ ভাগত পৰীক্ষণ কৰা হৈছে এই ক্ষেপনাস্ত্ৰৰ ৷ চতুৰ্থবাৰৰ বাবে ক্ষেপনাস্ত্ৰটোৰ ব্যৱহাৰিক পৰীক্ষণ কৰা হয় ৷ যাৰ উদ্দেশ্য আছিল ক্ষেপনাস্ত্ৰটোৰ ধাৰাবাহিকতাৰ মানদণ্ড পৰীক্ষা কৰা ৷

অত্যাধুনিক প্ৰযুক্তিৰে পৰিপূৰ্ণ এই ক্ষেপনাস্ত্ৰটোত প্ৰায় 1.5 টন বিস্ফোৰক কঢ়িয়াই নিয়াৰ ক্ষমতা আছে ৷ হাইব্ৰিড নেভিগেশ্বন, গাইডেঞ্চ আৰু ক'ন্ট্ৰল চিষ্টেমৰ দ্বাৰা পৰিপূৰ্ণ এই ক্ষেপনাস্ত্ৰত সংযোজিত হৈ আছে অত্যাধুনিক কম্পিউটাৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.