নিউজ ডেস্ক , 13 ফেব্ৰুবাৰীঃ বুধবাৰে ভাৰতৰ সামৰিক বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটে এক সাক্ষাৎকাৰত মন্তব্য কৰে যে, ছায়া যুদ্ধ আৰু আন্তঃসীমান্ত সন্ত্ৰাসবাদেই ভাৰতে বৰ্তমান সময়ত সন্মুখীন হোৱা মূল প্ৰত্যাহ্বান ৷ সামৰিক বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ জনগণৰ অধিকাৰ দমন কৰা হৈছে বুলি উঠা অভিযোগ প্ৰত্যাখান কৰি বিপিন ৰাৱাটে মন্তব্য কৰে যে, কেন্দ্ৰীয় শাসিত অঞ্চলটোত সন্ত্ৰাসবাদ দমনৰ উদ্দেশ্য আগত ৰাখি সেনাবাহিনীয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷
সেনা বিষয়া গৰাকীয়ে ভাৰতবৰ্ষত বিবাদস্পষ্ট শিবিৰ আছে বুলি কৰা এক মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হোৱা সন্দৰ্ভত তেখেতে মন্তব্য কৰে যে, মানুহৰ ব্যক্তিগত আদৰ্শ বা বিচাৰধাৰাৰ ভিত্তিতহে তেখেতে শিবিৰ শব্দটো ব্যৱহাৰ কৰিছিল ৷ Times Now সংবাদ মাধ্যমত অনুষ্ঠিত এক সাক্ষাৎকাৰত শব্দটো কোনোৱে বুজাত ভুল কৰিছে বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ৷
জানুবাৰী মাহত সেনা বিষয়াগৰাকীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰিছিল যে , ভাৰতবৰ্ষত de radicalization campsৰ কাম চলি আছে ৷ দেশত থকা কট্টৰপন্থীসকলক একাষৰীয়া কৰিবলৈ এই শিবিৰৰ নিত্যান্তই প্ৰয়োজন বুলি মন্তব্য কৰিছিল বিষয়া গৰাকীয়ে ৷ কট্টৰপন্থী সকলৰ প্ৰতি প্ৰতিশোধমূলক ব্যৱস্থাৰ কথা বাখ্যা কৰিবলৈ গৈ সেনাবাহিনীৰ কৰ্মসূচীৰ অংশস্বৰূপে কাশ্মীৰত বহু বিদ্যালয় চলাই থকাৰ প্ৰসংগ উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷
দেশৰ আভ্যন্তৰীণ তথা আঞ্চলিক সুৰক্ষাৰ বিষয়ে মন্তব্য কৰি সেনা প্ৰধান গৰাকীয়ে কয় যে, ভাৰতৰ চুবুৰীয়া দেশ সমূহ বিশেষকৈ পশ্চিম এছিয়াৰ দেশ সমূহত হোৱা বিকাশে ভাৰতৰ সুৰক্ষা ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে ৷ আন্তঃৰ্জাতিক পৰ্যায়ত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতে নিজৰ দায়িত্ব বৃদ্ধি কৰা উচিত ৷ এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ বহুখিনি কৰণীয় আছে ৷ ভাৰতে নিজৰ প্ৰভাৱ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত ৷
প্ৰতিৰক্ষা ব্যৱস্থাত তিনিওটা সেনা বাহিনীৰ মূৰব্বী পদৰ সৃষ্টিয়ে আমোলাতন্ত্ৰত এক নতুন পদৰ সৃষ্টি কৰিলে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত সেনা বিষয়া গৰাকীয়ে কয় যে, কৰ্ম ক্ষেত্ৰত তিনিওটা বাহিনীৰ মাজত এক যোগসূত্ৰ ৰক্ষাৰ বাবে এই পদটো সৃষ্টি কৰাৰ বাবে বহু আগতেই প্ৰস্তাৱ ৰখা হৈছিল ৷
সেনা বাহিনীলৈ পৰিবৰ্তন আৰু ৰূপান্তৰ অনাৰ বাবে CDS আৰু প্ৰতিৰক্ষা সচিবে আলোচনাৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰিব আৰু এইটো তেঁওলোকৰ দায়িত্ব ৷ দেশৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰো, তেন্তে আমাৰ সেনা বাহিনীক আৰু অধিক শক্তিশালী কৰাটো নিত্যান্তই প্ৰয়োজন ৷ সংখ্যাগতভাৱে নহয় গুণগতভাৱে সেনাবাহিনীক প্ৰস্তুত কৰিব লাগিব ৷ প্ৰসংগক্ৰমে এইদৰে উল্লেখ কৰাৰ লগতে বিষয়া গৰাকীয়ে ভাৰতৰ বায়ু সেনা বাহিনীৰ ক্ষেত্ৰলৈ আনিব লগা পৰিবৰ্তন তথা সংস্কাৰৰ কথা উনুকিয়াই ৷ সম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিতকৰণ সম্বন্ধেও মন্তব্য কৰে জেনেৰেল বিপিন ৰাৱাটে ৷
ভাৰতৰ সেনা বাহিনী বৰ্তমান চীন আৰু পাকিস্থানৰ পৰা আহিব পৰা যিকোনো প্ৰত্যাহ্বান সন্মুখীন হ’ব পৰাকৈ আশ্বাস প্ৰদান কৰাৰ লগতে বিষয়া গৰাকীয়ে কয় যে আধুনিক মাৰণাস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে চীনৰ লগত প্ৰতিযোগিতাত নমা নাই ৷ চীনে নিজকে এক বিশ্ব শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে ৷ আমি নিজকে এক আঞ্চলিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো ৷ দেশৰ সীমা, উপদ্বীপ, দীপপুঞ্জ সমূহৰ লগতে আভ্যন্তৰীণ সুৰক্ষাৰ স্বাৰ্থত আমি সদায়ে প্ৰস্তুত থাকিব লাগিব বুলি মন্তব্য কৰে CDS জেনেৰেল বিপিন ৰাৱটে ৷
লগতে পঢ়কঃটিংখাঙৰ নিলমণিত ভয়ংকৰ অগ্নিকাণ্ড