নিউজ ডেস্ক, 31 জুলাইঃ ইন্টাৰনেটত ভিডিঅ' গেমছ খেলি ভালপোৱা নেটিজেনসকলৰ বাবে ভাৰতীয় বায়ুসেনাই লৈ আহিছে ভাল খবৰ ৷ পাব-জিৰ দৰে গেমছক প্ৰত্যাহ্বান জনাই ভাৰতীয় বায়ুসেনাই শেহতীয়াকৈ মুকলি কৰিছে 'Indian Air Force: A cut above' নামে এক চিমুলেটেড গ্ৰাফিক্স সম্পন্ন ভিডিঅ' গেমছৰ ম'বাইল সংস্কৰণ ৷
দেশৰ যুৱশক্তিক সৈন্যবাহিনীৰ প্ৰতি আকৰ্ষিত কৰাৰ উপৰিও ভাৰতীয় বায়ুসেনাৰ বিষয়ে বিস্তৃত জ্ঞান প্ৰদান কৰিবলৈ গেমছটো মুকলি কৰে বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱাই ৷ নতুন দিল্লীস্থিত বায়ুসেনা মুখ্যায়লত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ভিডিঅ' গেমছটোৰ ম'বাইল সংস্কৰণ ৷
ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানৰ প্ৰতীকি লৈ নেটিজেনসকলে "ছিংগল প্লেয়াৰ এণ্ড ট্ৰেইনিং মুড"ত খেলিব পাৰিব গেমছটো ৷ প্লে ষ্টোৰ আৰু আইঅ'এছত উপলব্ধ ইয়াৰ ম'বাইল সংস্কৰণৰ দ্বাৰা গেমছটো খেলিব পাৰিব নেটিজেনসকলে ৷ ভিডিঅ' গেমছটোৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় বায়ুসেনা প্ৰধানৰ লগতে বায়ুসেনাৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷