ETV Bharat / bharat

কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ বাবে আদৰ্শ হ'বঃ প্ৰধানমন্ত্ৰী

author img

By

Published : Jul 9, 2020, 4:14 PM IST

Updated : Jul 9, 2020, 6:37 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে India Global Week 2020 ক সম্বোধন কৰি কয় যে, ভাৰত প্ৰতিভাৰ ক্ষেত্ৰত অন্য ৰাষ্ট্ৰৰ তুলনাত সদাই এখোজ আগবঢ়া । গতিকে মোৰ দৃঢ় বিশ্বাস কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ হ'ব । বিশ্ববাসীক সন্মুখত ৰাখি ভাৰতে এই মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব ।

india-will-play-a-leading-role-in-global-revival-in-the-post-covid-19-world-pm-modi

নিউজ ডেস্ক, ৯ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে India Global Week 2020 ক সম্বোধন কৰি কয় যে, ভাৰত প্ৰতিভাৰ ক্ষেত্ৰত অন্য ৰাষ্ট্ৰৰ তুলনাত সদাই এখোজ আগবঢ়া । গতিকে মোৰ দৃঢ় বিশ্বাস কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰত সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ হ'ব । বিশ্ববাসীক সন্মুখত ৰাখি ভাৰতে এই মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব । কাৰণ ইয়াৰ আগতেও ভাৰতে এনেকুৱা বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিস্থিতি মোকাবিলা কৰাৰ ইতিহাস প্ৰমাণ আছে ।

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, ভাৰতে বিগত সময়ছোৱাত যিসমূহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই সকলোবোৰ সমস্যাক সামাজিক আৰু আৰ্থিকভাবে মোকাবিলা কৰিবলৈ সক্ষম হৈছে । বৰ্তমান অধিক শক্তিশালী হিচাপে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে বুলি মন্তব্য প্ৰদান কৰে । 

উল্লেখ্য যে, উক্ত সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত বিদেশ মন্ত্ৰী এছ জয়শংকৰ, বাণিজ্য আৰু ৰে'ল মন্ত্ৰী পীয়ুজ গোৱাল, জম্বু-কাশ্মীৰৰ উপ ৰাজ্যপাল জি চি মম্মু, Isha Foundation ৰ প্ৰতিষ্ঠাপক চুন্দ্ৰৰু জগ্গী বাসুদেব আৰু আধ্যত্মিক নেতা শ্ৰী শ্ৰী ৰবি শংকৰ উপস্থিত আছিল ।

Last Updated : Jul 9, 2020, 6:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.