ETV Bharat / bharat

সমগ্ৰ বিশ্বৰে এখন চিকিৎসালয় হ'ব ভাৰত: পিযুষ গোৱেল - গৌৰৱান্বিত

কেন্দ্ৰীয় বানিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে বৃহস্পতিবাৰে CII's 12 MadeTech Global Summit ৰ উন্মোচন কৰি ক'লে, আমি সমগ্ৰ বিশ্বৰে এখন চিকিৎসালয় হৈ উঠিম য'ত থাকিব উচ্চ মান সম্পন্ন স্বাস্থ্য সেৱা আৰু উচ্চত্বম ব্যৱহাৰিক প্ৰয়োগ যি সমগ্ৰ বিশ্বকেই যোগান ধৰিব উন্নত মানদণ্ডৰ চিকিৎসা ।

India will be the 'Hospital of the World': Goyal
বিশ্বৰে এখন চিকিৎসালয় হ'ব ভাৰত: পিযুষ গোৱেল
author img

By

Published : Aug 20, 2020, 10:13 PM IST

নেশ্যনেল ডেস্ক,২০ আগষ্ট: বৃহস্পতিবাৰে কেন্দ্ৰীয় বানিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে ক'লে বিশ্বৰ এখন ঔষধৰ ফাৰ্মাচী হোৱাৰ সমান্তৰাল ভাৱে আমাৰ দেশ হ'ব বিশ্বৰ এখন চিকিৎসালয়ো ।

বৃহস্পতিবাৰে CII's 12 MadeTech Global Summit ৰ কাৰ্যসূচী উন্মোচন কৰি মন্ত্ৰী গৰাকীয়ে তেখেতৰ ব্যক্তব্যত উল্লেখ কৰিলে, আমি সমগ্ৰ বিশ্বৰে এখন চিকিৎসালয় হৈ উঠিম য'ত থাকিব উচ্চ মান সম্পন্ন স্বাস্থ্যসেৱা আৰু উচ্চত্বম ব্যৱহাৰিক প্ৰয়োগ যি সমগ্ৰ বিশ্বকেই যোগান ধৰিব উন্নত মানদণ্ডৰ চিকিৎসা ।

তেখেতৰ মতে চিকিৎসাৰ উদ্যোগটোক উন্নত প্ৰযুক্তি প্ৰদানৰ ক্ষেত্ৰত আমাৰ দেশ সকলোতকৈ আগত থাকিব আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসালয় সমূহৰ সৰঞ্জাম আৰু বিশ্বব্যাপী ব্যস্ততাৰ বাবে আমি যথাস্থান নিশ্চিত কৰি শীৰ্ষত অৱস্থান কৰিম ।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে দাবী কৰিলে যে, আমাৰ ফাৰ্মাচিটিকেল উদ্যোগটোৱে ভাৰত তথা সমগ্ৰ বিশ্বৰ বাবে ঔষধৰ প্ৰৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ সদায়েই দায়বদ্ধ ।

বক্তব্যত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিলে, ক'ভিডৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত আমাৰ দেশীয় ভাৱে তৈয়াৰী দৰৱ সমূহে বহুখিনি সহায় কৰি আহিছে । আমাৰ চিকিৎসক, পাৰামেডিক্স আৰু চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত লোক সকলেও দেশবাসীৰ সুৰক্ষা আৰু সুস্বাস্থ্য নিশ্চিত কৰিবলৈ একেধাৰে সাধাৰণ জনতাক কৰি থকা সেৱাই আমাৰ ৰাষ্ট্ৰক কৰি তুলিছে অধিক গৌৰৱান্বিত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.